“বাজেট মানে শকত ধনৰ কাৰবাৰ। নাগৰিক হিচাপে এই চৰকাৰখনৰ ওচৰত মোৰ মূল্য শূন্য!”
চৰকাৰী বাজেট বোলা কথাটো শুনাৰ লগে লগে নিজৰ তিক্ততা লুকাই ৰখাৰ চেষ্টা কৰিলে চাঁদ ৰতন হালদাৰে। “কাৰ বাজেট? কি বাজেট? সেইবোৰ সব ফাঁকি বস্তু!” কলকাতাৰ যাদৱপুৰৰ ৫৩ বৰ্ষীয় ৰিক্সাচালকগৰাকীয়ে কয়।
“কিমান বাজেট আহিল, গ’ল - কিমান আঁচনি চলিল। কিন্তু আজিলৈকে আমি দিদি (পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী)ৰ বা মোদী (ভাৰতৰ প্ৰধানমন্ত্ৰী)ৰ পৰা ঘৰ এটাকে নাপালো। আজিও তিৰ্পাল টনা বাঁহৰ ঘৰতে সোমাই আছো। সেই ঘৰটোও আকৌ এহাতমান বহি গৈছে,” জনায় চাঁদুদাই জনায়, যাৰ কেন্দ্ৰীয় বাজেটৰ ওপৰত বিশ্বাস তাতোকৈও বেছি খহিছে।
পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগনা জিলাৰ সুভাষগ্ৰাম চহৰৰ এইগৰাকী বাসিন্দাই প্ৰতিদিনে কাহিলীপুৱাতে শিয়ালদহ অভিমুখী ৰেলত উঠি যাদৱপুৰলৈ আহে। কাম শেষ হয় মানে আবেলি হয় আৰু তেওঁ ঘৰলৈ উভতে। “বাজেট আহে আৰু যায়, আমাৰ লোকেল ট্ৰেইনৰ দৰেই। চহৰলৈ অহাটো ইমান কঠিন হৈ পৰিছে। আমাৰ খালিপেটত লাঠ মৰা বাজেটৰ কি কাম আছে?” তেওঁ প্ৰশ্ন কৰে।




