“জি-২০ উপলক্ষে বিভিন্ন দেশৰ প্ৰতিনিধিসকল উপস্থিত হোৱাত শুক্ৰবাৰে ৰাজধানী চহৰখন উজলাই তোলা হৈছে যদিও দিল্লীৰ উপান্ত শ্ৰেণীৰ জগতখন তেতিয়াও আন্ধাৰ হৈয়ে আছে: ঘৰ-মাটি হেৰুওৱা খেতিয়কসকল, যমুনা নদীৰ বানত সৰ্বস্বান্ত হোৱাসকল, তেওঁলোকক খৰধৰকৈ আঁতৰাই পেলোৱা হৈছে। নৈৰ পাৰৰ বনাঞ্চললৈ তেওঁলোকক পঠিয়াই দিয়া হৈছে, গীতা কলনি উৰণীয়া সেতুৰ তলৰ তেওঁলোকৰ অস্থায়ী শিবিৰলৈ অহা তিনিদিনৰ বাবে নাহিবলৈ কোৱা হৈছে।
“আমাৰ কিছুমানক পুলিচে জোৰ-জবৰদস্তি কৰি আঁতৰাই পঠিয়াইছে। ১৫ মিনিটৰ ভিতৰত খালি নকৰিলে লাঠিৰে খেতি পঠিয়াম বুলি কৈছে,” হীৰালালে পাৰিক কয়।
নৈৰ পাৰৰ হাবিতলীয়া অঞ্চলৰ সেই ওখ ঘাঁহনিবোৰ, য’ত তেওঁলোকক থাকিবলৈ কোৱা হৈছে, তাত সাপ, বৃশ্বিক আৰু বিভিন্ন বিপদ ৰৈ আছে। “আমি বিদ্যুতৰ সুবিধা পোৱা নাই, পানীও নাই পোৱা। কাৰোবাক যদি সাপে কামোৰে, চিকিৎসা কৰিবলৈকো কোনো নাই,” এগৰাকী খেতিয়কে কয়।
*****
হীৰালালে ততাতয়াকৈ ঘৰৰ ৰন্ধন গেছৰ চিলিণ্ডাৰটো আনিবলৈ দৌৰিছিল। দিল্লীৰ ৰাজঘাটৰ কাষতে থকা বেলা ইষ্টেটৰ তেওঁৰ ঘৰটোৰ ভিতৰলৈ ক’লা ক’লা পানীৰ ঢৌ আহিছিল, ৪০ বছৰীয়া হীৰালালৰ মনলৈ সেই সময়ত সেইটো কথাই আহিছিল।
সেয়া আছিল ২০২৩ৰ ১২ জুলাই। ধাৰাসাৰ বৰষুণত যমুনা নদীখন ওফন্দি পৰিছিল। দিল্লীৰ নদীৰ পাৰত বাস কৰা হীৰালালৰ দৰে মানুহবোৰৰ আলাই-আথানি হৈছিল, তত নাইকিয়া হৈ পৰিছিল সকলোৰে।
যমুনা পুস্তা এলেকা নিবাসী ৬০ বছৰীয়া চামেলিয়ে ময়ূৰ বিহাৰ এলেকাত থাকে, হুৰামুৰাকৈ তেওঁ চুবুৰীৰ এমহীয়া পানীকেচুৱাটোক খুৱাবলৈ লৈছিল। তেওঁৰ আশে-পাশে মানুহবোৰে ছাগলী আৰু বিভ্ৰান্ত হৈ পৰা কুকুৰ কান্ধত লৈ লৰা-ঢপৰা কৰিছিল। দুই-এটা পানীত ভাঁহি গৈছিল, হেৰাই গৈছিল। মূৰত যেন সৰগ ভাগি পৰিছিল, তেওঁলোকে কাপোৰ-কানি যি পাৰে টোপোলা কৰি তাৰ পৰা ওলাবলৈ যত্ন কৰিছিল, কিন্তু তেওঁলোকৰ লাম-লাকটু সকলো পানীয়ে চকুৰ পচাৰতে উটুৱাই লৈ গৈছিল।
“পুৱালৈ সকলোতে আছিল কেৱল পানী আৰু পানী। আমাক উদ্ধাৰ কৰিবলৈ দূৰ-দূৰলৈ নাও দেখা নাছিলো। কিছুমানে উৰণীয়া সেতুৰ ওপৰত আশ্ৰয় লৈছিল,” বেলা ইষ্টেটৰ হীৰালালৰ চুবুৰীয়া শান্তি দেৱীয়ে (৫৫) কয়। “প্ৰথমে আমাৰ ল’ৰা-ছোৱালীকেইটাৰ চিন্তাই আহিছিল, সেই ক’লা পানীবোৰত সাপ থাকিব পাৰে, আন কীট-পতংগও আহিব, সিহঁতৰ নিৰাপত্তাৰ কথা মনলৈ আহিছিল।”
খাদ্য-পাতি আৰু ল’ৰা-ছোৱালীকেইটাৰ কিতাপ-বহীবোৰ পানীয়ে উটুৱাই নিয়া তেওঁ অসহায় হৈ চাই ৰ’ল। “২৫ কিলো গমধান পানীয়ে নিলে, কাপোৰবোৰো উটি গ’ল...”
কেইসপ্তাহমান পিছত, গীতা কলনি ফ্লাইঅভাৰৰ তলৰ তেওঁলোকৰ অস্থায়ী তম্বুত সৰ্বস্বান্ত পৰিয়ালবোৰৰ সৈতে পাৰিয়ে কথা পাতিছিল। “প্ৰশাসনে আগতীয়া কোনো সতৰ্কবাণী দিয়া নাছিল। কাপোৰবোৰ বান্ধি টোপোলা কৰি থৈছিলো। ছাগলী, কাপোৰৰ টোপোলা কোলাই-পিঠিয়ে লৈ ওলাইছিলো...আমাৰ গৰু-ছাগলীবোৰৰ বাবে নাও বিচাৰিছিলো, কিন্তু একো নাপালো,” আগষ্টৰ আৰম্ভণিৰ ভাগত হীৰালালৰ সৈতে কথা পাতোতে তেওঁ কৈছিল।
হীৰালাল আৰু শান্তি দেৱীৰ পৰিয়ালে গীতা কলনি ফ্লাইঅভাৰৰ তলত আশ্ৰয় লৈ থকাৰ এতিয়া প্ৰায় দুমাহ হ’ল। অস্থায়ী তম্বুত বিদ্যুতৰ সুবিধা নথকাত তেওঁলোকে ৰাতিৰ আন্ধাৰ গুচাবলৈ ষ্ট্ৰীটলাইটৰ বিদ্যুতৰ পৰা সংযোগ ল’বলৈ বাধ্য হৈ পৰিছে, এটা বিজুলীবাতি তেওঁলোকে জ্বলাই কোনোমতে চলে। তাৰপৰা ৪-৫ কিলোমিটাৰ দূৰৰ দৰিয়াগঞ্জ এলেকাৰ পৰা দিনত দুবাৰকৈ হীৰালালে ২০ লিটাৰ খোৱাপানী তেওঁৰ চাইকেলখনত বোজাই কৰি লৈ আহে।
তেওঁলোকে নিজৰ জীৱনবোৰ পুনৰাই গঢ়ি তোলাৰ বাবে কোনো ক্ষতিপূৰণ লাভ কৰা নাই। এসময়ত হীৰালালে যমুনাৰ পাৰৰ খেতিয়ক হিচাপে গৌৰৱবোধ কৰিছিল, এতিয়া কনষ্ট্ৰাকছন ছাইটৰ তেওঁ শ্ৰমিক। তেওঁৰ চুবুৰীয়া, শান্তি দেৱীৰ স্বামী ৰমেশ নিষাদ (৫৮)য়ে ব্যস্ত জনপথ এটাত চীনামাটিৰ বাচন-বৰ্তন বিক্ৰী কৰি পৰিয়াল পোহে।
কিন্তু ভূতৰ ওপৰত দানহ পৰাদি এইবাৰ আহিছে জি-২০ সন্মিলনৰ বাবে চৰকাৰ আৰু দিল্লীৰ প্ৰস্তুতি। ৰাস্তাৰ কাষৰ দোকানীবোৰক অহা দুটা মাহৰ বাবে দোকানবোৰ উঠাই নিবলৈ কোৱা হৈছে। “দেখা পাব নালাগে.,” কৰ্তৃপক্ষৰ মানুহ আহি কৈছে। কিন্তু “আমি কি খাই জীয়াই থাকিম?” শান্তিয়ে প্ৰশ্ন কৰে। “দুনীয়াখনক বাহিৰে ৰংচং দেখুওৱাৰ নামত আপুনি নিজৰ মানুহৰে জীৱন-জীৱিকা থানবান কৰিছে।”
১৬ জুলাইৰ দিনা দিল্লী চৰকাৰে বানাক্ৰান্ত পৰিয়ালক ১০ হাজাৰ টকাকৈ দিয়াৰ ঘোষণা কৰে। ক্ষতিপূৰণৰ পৰিমাণৰ কথা শুনি হীৰালাল হতভম্ব হৈ পৰে। “এয়া কি ধৰণৰ ক্ষতিপূৰণ? কি ভাবি তেওঁলোকে এই ক্ষতিপূৰণৰ এই হিচাপ উলিয়াইছে? আমাৰ জীৱনৰ মূল্য মুঠে কি এই ১০ হাজাৰ টকা? এটা ছাগলীৰ দাম ৮ৰ পৰা ১০ হাজাৰ (টকা)। অস্থায়ী ঘৰ এটা সাজিবলৈকো অতিকমেও ২০ৰ পৰা ২৫ হাজাৰ (টকা) লাগে।”
ইয়াত বাস কৰা আন বহুতেই এসময়ত খেতি কৰা তেওঁলোকৰ মাটি হেৰুৱাইছে, এতিয়া দিনহাজিৰাই তেওঁলোকৰ উপায়। কিছুমানে ৰিক্সা চলাবলৈ লৈছে, কিছুমানে আনৰ ঘৰত কাম কৰি দুপইচা আৰ্জিছে। “কাৰ কিমান ক্ষতি হ’ল, তাৰ বাবে কিবা সমীক্ষা চলোৱা হৈছিলনে?” তেওঁলোকে সোধে।
ছয় সপ্তাহৰ মূৰত পানী কমিল, কিন্তু সকলোৱে ক্ষতিপূৰণ পোৱা নাই। এগালমান লিখা-লিখা কৰিবলগীয়া হোৱা আৰু মেৰ-পেচ থকা বাবে এনেকুৱা হোৱা বুলি তাৰে বাসিন্দাসকলে কয়। “প্ৰথমে সিহঁতে আমাক আধাৰ কাৰ্ড, বেংকৰ কাগজ, ফটো আদি আনিবলৈ ক’লে, তাৰপাছত আকৌ ৰেচন কাৰ্ড লগা হ’ল...,” কমল লালে কয়। মানৱসৃষ্ট এই দুৰ্যোগ, যিটো হয়তো প্ৰতিৰোধ কৰিবপৰা গ’লহেঁতেন, তাৰপৰা ক্ষতিগ্ৰস্ত হোৱা ১৫০ ঘৰমান পৰিয়ালে এই ক্ষতিপূৰণ পাব নে নাই, সেই কথা লৈ তেওঁ নিশ্চিত নহয়।
ৰাজ্য চৰকাৰৰ প্ৰকল্পৰ ৰূপায়ণৰ নামত খেতিমাটি হেৰুওৱা এইটো অঞ্চলৰে ৭০০ মান পৰিয়ালক পুনৰ্সংস্থাপিত কৰাৰ বাবে আগতেও চেষ্টা কৰা হৈছে যদিও আজিকোপতি সেই চেষ্টা ফলপ্ৰসূ হোৱা নাই। তেওঁলোকক আঁতৰাবলৈ অহা কৰ্তৃপক্ষৰ লগত প্ৰায়ে স্থানীয় লোকৰ প্ৰায়ে তৰ্কাতৰ্কি লাগে। ‘উন্নয়নেই’ হওঁক, বিস্থাপিত কিম্বা দুৰ্য্যোগ বা আনক দেখুওৱাৰ বাবেই হওঁক, এই খেতিয়কসকলে সদায়েই আঁচনি আদিৰ বলি হৈ আহিছে। ক্ষতিপূৰণৰ বাবে লাগি থকা বেলা ইষ্টেট মজদুৰ বস্তি সমিতি নামে গোটটোৰ কমল এজন সদস্য। “বানপানীয়ে আমাৰ প্ৰতিবাদ স্তব্ধ কৰি পেলালে,” আগষ্ট মাহৰ তপত ৰ’দত ঘামি-জামি থকা ৩৭ বৰ্ষীয় কমলে ঘাম মচি মচি কয়।
*****
৪৫ বছৰৰ মূৰত দিল্লীখন পানীত ডুবিছে। ১৯৭৮ত যমুনা নদীখন চৰকাৰী নিৰাপদ পৃষ্ঠৰ ১.৮ মিটাৰ ওপৰলৈ উঠিছিল, এইবছৰ জুলাইত নদীপৃষ্ঠ ২০৭.৫ এম.টি.এছ. হৈ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছিল। হাৰিয়ানা আৰু উত্তৰ প্ৰদেশত থকা বান্ধ সময়ত খুলি নিদিয়াত ওফন্দি উঠা নদীখনে মানুহ-ঘৰ আৰু জীৱিকাৰ লগতে শস্যপথাৰ আৰু জলাধাৰ আদিৰো ক্ষতি কৰে।
১৯৭৮ৰ বানত দিল্লীৰ জলসিঞ্চন আৰু বান নিয়ন্ত্ৰণ বিভাগে কৈছে, ‘ক্ষতিৰ পৰিমাণ প্ৰায় ১০ কোটি ধাৰ্য্য কৰা হৈছিল, ১৮ জন লোকে প্ৰাণ হেৰুৱাইছিল আৰু হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছিল।’
এইবছৰো জুলাইত কেবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণত বানপানী হয়। এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনত দাবী কৰা হৈছে যে প্ৰায় ২৫ হাজাৰ লোক এই বানত প্ৰত্যক্ষ বা পৰোক্ষভাৱে ক্ষতিগ্ৰস্ত হৈছে। যমুনা নদী প্ৰকল্প : নতুন দিল্লী নগৰী পৰিস্থিতিতন্ত্ৰ অনুযায়ী যমুনা উপত্যকাৰ নিৰন্তৰ বেদখলৰ পৰিণাম গুৰুতৰ হ’ব, “…ফলত উপত্যকাৰ নিম্নভূমিৰ ঘৰ-বাৰী উটি গ’ল আৰু পূৱ দিল্লী জলমগ্ন হৈ পৰিল।”
যমুনা উপত্যকা অঞ্চলত প্ৰায় ২৪,০০০ একৰ ভূমিত খেতিয়কসকলে প্ৰায় এটা শতিকাৰো অধিক কাল খেতি কৰি আহিছিল। কিন্তু নদী উপত্যকাখন মন্দিৰ, মেট্ৰ’ ষ্টেছন, কমনৱেল্থ গেমচ ভিলেজ (চি.ডব্লিউ.জি.) আদিৰে কংক্ৰীটেৰে ভৰাই পেলোৱাত পানীৰে ভূপৃষ্ঠৰে সৰকি তললৈ যাব নোৱাৰা হৈছে। পঢ়ক: ডাঙৰ নগৰ, ক্ষুদ্ৰ খেতিয়ক আৰু এখন মৃতপ্ৰায় নৈ
“আমি যিয়েই নকৰো লাগিলে, প্ৰকৃতিয়ে তাৰ নিজ বাট ল’বই। আগতে বাৰিষাৰ বৰষুণ আৰু বানৰ পানী সকলোফালে বিয়পি গৈছিল, এতিয়া ঠাই কম হৈ পৰাত (নদী উপত্যকাত) পানীৰ প্ৰকোপ বাঢ়িছে আৰু আমি ক্ষতিগ্ৰস্ত হৈছো,” ২০২৩ৰ বানত ক্ষতিগ্ৰস্ত হোৱা বেলা ইষ্টেটৰ বাসিন্দা কমলে কয়। “যমুনা চাফা কৰাৰ হে কথা আছিল, আমাকহে চাফা কৰি থৈ গ’ল!”
“যমুনাৰ পাৰত উন্নয়নমূলক কাম-কাজ কৰিব নালাগে। এয়া জলমগ্ন হোৱা ক্ষেত্ৰ বুলি ঘোষিত। গেমচ ভিলেজ, অক্ষৰধাম, মেট্ৰষ্টেছন আদি সাজি প্ৰকৃতিৰ সৈতে খেলা কৰা হৈছে। প্ৰকৃতিক যিমানখিনি ঠাই লাগে, সিমানখিনি অধিকাৰ কৰি ল’বই। আগতে নদীৰ পানী আহি বিয়পি গৈছিল, এতিয়া ঠাই তেনেই কম, সেয়ে নদীপৃষ্ঠ ওফন্দি উঠে আৰু ক্ষতিগ্ৰস্ত হওঁ আমি,” কমলে কয়।
“দিল্লীখনক কোনে ডুবালে? দিল্লী চৰকাৰৰ জলসিঞ্চন আৰু বান নিয়ন্ত্ৰণ বিভাগে প্ৰতি বছৰে জুনৰ ১৫ৰ পৰা ২৫ৰ ভিতৰত সাজু থাকিব লাগে। তেওঁলোকে বেৰেজ গেট (সময়ত) খুলি দিয়া হ’লে এই পৰিস্থিতিৰ সৃষ্টি নহ’লহেঁতেন। পানী গৈ উচ্চতম ন্যায়ালয় পালে, যেন ন্যায় হে বিচাৰি গ’ল,” কোনোধৰণৰ বিদ্ৰূপৰ সুৰ নৰখাকৈ ৰাজেন্দ্ৰ সিঙে কয়।
আলৱাৰৰ পৰিৱেশবিদগৰাকীয়ে কয় যে, “এয়া প্ৰাকৃতিক দুৰ্যোগ নাছিল। আগতেও অস্বাভাৱিক হাৰত বৰষুণ হৈ পাইছে,” ২০২৩ৰ ২৪ জুলাইত অনুষ্ঠিত ‘দিল্লীৰ বানপানী: বেদখল নে অধিকাৰ?’ শীৰ্ষক ৰাজহুৱা আলোচনা চক্ৰ এটা সম্বোধন কৰি অধ্যাপক গোচাইয়ে কয়। আলোচনাচক্ৰটোৰ আয়োজন কৰিছিল যমুনাখনক প্ৰদূষণৰ পৰা ৰক্ষা কৰিবলৈ সচেতন মহলৰ এক সংস্থা যমুনা সংসদে।
“এইবছৰ যমুনা নদীখনৰ লগত যি হ’ল, তাৰবাবে দোষীসকলক কঠোৰ শাস্তি দিব লাগে,” আলোচনাৰ মাজত ড. অশ্বনী কে. গোচাইয়ে কয়। ৰাষ্ট্ৰীয় সেউজ প্ৰাধীকৰণে ২০১৮ত গঠন কৰা যমুনা নিৰীক্ষণ কমিটিৰ তেওঁ এগৰাকী বিশেষজ্ঞ সদস্য আছিল।
“পানীৰ বেগো থাকে। মথাউৰি নাথাকিলে পানী ক’লৈ যাব?” গোচাইয়ে প্ৰশ্ন কৰে, তেওঁ বান্ধৰ পৰিৱৰ্তে জলাশয় নিৰ্মাণৰ হকে যুক্তি দিয়ে। ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, দিল্লীৰ চিভিল ইঞ্জিনিয়াৰিঙৰ প্ৰাধ্যাপকগৰাকীয়ে কয় যে চৰকাৰী অনুমতিবিহীন ১,৫০০ চুবুৰী আৰু ৰাস্তাৰ কাষে-কাষে নলা নথকাৰ ফলত পানী পোনে পোনে মলপ্ৰৱাহৰ নলাত সোমায় আৰু “এনেকৈ বেমাৰ-আজাৰো বাঢ়ে।”
*****
বেলা ইষ্টেটৰ খেতিয়কসকলে ইতিমধ্যে এক সংকটাপন্ন পৰিস্থিতিৰ সৈতে যুঁজ দিবলগীয়া হৈছে, সেয়া সৃষ্টি হৈছে জলবায়ু পৰিৱৰ্তনৰ ফলত। তাতে আকৌ তেওঁলোকে খেতিৰ পৰা বিৰত থাকিবলগীয়া হৈছে, পুনৰ্সংস্থাপনৰ কোনো আশা নাই, য’ত উচ্ছেদৰ চিন্তাই তেওঁলোকক প্ৰতিদিনে ভাৰাক্ৰান্ত কৰি ৰাখে। পঢ়ক: ‘ৰাজধানী চহৰত কৃষকক এনে ব্যৱহাৰ’ । দুৰ্দশাৰ সীমা নাই, শেহতীয়া বান তাৰে এক অংশহে।
“৪-৫ জনৰ এটা পৰিয়ালে ১০ বাই ১০ ঘৰ (অস্থায়ী) এটাত থাকিবলগীয়া হৈছে, এনে এটা ঘৰ সাজোতে ২০ৰ পৰা ২৫ হাজাৰ টকা খৰছ হয়। পানী নসৰকা শ্বীটকেইখনৰ কাৰণে ২,০০০ টকা লাগে। এটা ঘৰ বনাবলৈ শ্ৰমিকক দিনে ৫০০-৭০০ টকা দিবলগীয়া হয়। আমি নিজে কৰিলে আকৌ কামলৈ যাব নাপাম,” ১৭, ১৫, ১০ আৰু ৪ বছৰ বয়সীয়া চাৰিটি সন্তান আৰু পত্নীৰ সৈতে অস্থায়ী শিবিৰত থকা হীৰালালে কয়। বাঁহৰ খুঁটাকেইটাৰ কাৰণে ৩০০ টকাকৈ লাগে, তেনে খুঁটা তেওঁক অতিকমেও ২০ টা লাগিব। ঘৰ-বাৰী হেৰুওৱা পৰিয়ালবোৰে নাজানে তেওঁলোকক কোনে তেওঁলোকৰ ক্ষয়-ক্ষতিৰ বাবে ক্ষতিপূৰণ দিব।
সেই ছাগলী-গৰু পুনৰাই কিনি অনাৰো আন এক খৰছ আছে। “এটা ম’হৰ দাম প্ৰায় ৭০ হাজাৰ টকা। আপুনি তাক জীয়াই ৰাখিবলৈ দানা-পানী দিব লাগিব, তেতিয়াহে গাখীৰ পাব। ল’ৰা-ছোৱালীক খুৱাবলৈ বুলি ৰখা ছাগলীয়ে যিমানখিনি গাখীৰ দিয়ে, সেইখিনি বজাৰৰ পৰা কিনিবলৈ গ’লে ৮ৰ পৰা ১০ হাজাৰ টকা লাগিব,” তেওঁ কয়।
তেওঁৰ চুবুৰীয়া শান্তি দেৱীয়ে পাৰিক কয় যে তেওঁৰ স্বামীয়ে যমুনাৰ পাৰৰ মাটিৰ মালিক আৰু খেতিয়ক হিচাপে স্বীকৃতিৰ যুঁজখনত হাৰ মনাৰ পিছত এতিয়া চাইকেল এখন লৈ কচৰি বিক্ৰী কৰে, কিন্তু কোনোমতে ২০০-৩০০ টকা পায়। “পুলিচে প্ৰতিমাহে চাইকেলৱালাৰ পৰা ১৫০০ টকা লয়, আপুনি লাগিলে এটা ঠাইত তিনিদিনৰ কাৰণে ৰওঁক বা ৩০ দিনৰ কাৰণেই ৰওঁক,” তেওঁ কয়।
বানৰ পানী কমিল ঠিকেই। কিন্তু তাৰ পিছতেই আহিল বেমাৰ আজাৰ। পানীৰ পৰা হোৱা ৰোগ যেনে মেলেৰিয়া, ডেংগু, কলেৰা, টাইফয়ড আদিৰ সম্ভাৱনা তীব্ৰ হৈ আহিছে, আকৌ অস্থায়ী শিবিৰত আই ফ্লুৰ কেচো দিনে ১০০ টাৰো অধিক ধৰা পৰিছে। হীৰালালক লগ পাওতে তেওঁ ৰঙা পৰা চকুৰ শুশ্ৰুষা কৰি আছিল। তেওঁ কমদামী চশমা এযোৰ বেছি দাম দি কিনি আনিবলগীয়া হৈছিল। “এনেইতো চশমাযোৰৰ দাম ৫০ টকা, কিন্তু চাহিদা বাঢ়ি যোৱাত ২০০ টকা ভৰিবলগীয়া হৈছে।”
তেনেই অপৰ্য্যাপ্ত পৰিমাণৰ ক্ষতিপূৰণৰ বাবে অপেক্ষাৰ প্ৰসংগত তেওঁ বিৰক্তিৰে ভৰা এটা হাঁহি মাৰি কয়, “এয়া কোনো নতুন কথা নহয়, মানুহে সদায় আনৰ বিলাই-বিপত্তিৰ পৰা মুনাফা লাভ কৰি আহিছে।”
এই ষ্ট ’ ৰিটো ২০২৩ৰ ৯ ছেপ্টেম্বৰত আপডেট কৰা হৈছে।
অনুবাদ: পংকজ দাস