“এই গাছ, এই ঘৰ, এই মাটিৰ যে মায়া, সেই মায়া লিয়ে আমৰা কুথায় যাব? আমৰা কুথাও যাব না (এই গছ, এই ঘৰ, এই মাটিৰ যি মোহ, সেই মোহ লৈ আমি ক’লৈ যাম)?’’
খং আৰু দুখত একপ্ৰকাৰ জৰ্জৰিত হৈ পৰিছে আপনকুঁড়ি হেমব্রম। "এই গোটেইখিনি মোৰ," পথাৰখনৰ ইটো মূৰৰ পৰা আনটো মূৰলৈ চাই এইদৰে ক’লে চাওতাল মহিলাগৰাকীয়ে। ''মোৰ নিজা মাটি আছে,’’ আন এটুকুৰা মাটিলৈ আঙুলিয়াই দেখুৱাই আকৌ ক’লে ৪০ বৰ্ষীয় আপনকুঁড়িয়ে। আদিবাসী মহিলাগৰাকীয়ে নিজৰ ৫-৬ বিঘা মাটিত ধানখেতি কৰি আহিছে।
''ইমান বছৰে মই যিমানখিনি কৰিলো সেই আটাইবোৰ চৰকাৰে দিব পাৰিবনে?’’ পশ্চিমবংগৰ বীৰভূম জিলাৰ দেওচা-পাঁচামি ৰাজ্যিক কয়লা খনি প্ৰকল্পই হেমব্ৰমৰ হৰিশিঙা গাঁওখনৰ লগতে ১০খন গাঁও একপ্ৰকাৰ গ্ৰাস কৰি পেলাইছে।
''এই সকলোবোৰ এৰি আমি যাম ক’লৈ? আমি ক’লৈকো নাযাও,’’ ক্ষোভেৰে কৈছিল আপনকুঁড়িয়ে। খনি বিৰোধী আন্দোলনত প্ৰধান ভূমিকা লোৱাসকলৰ মাজৰ অন্যতম আপনকুঁড়ি। আৰক্ষী আৰু শাসকীয় দলৰ ভেৰোণীয়া বাহিনীৰ বিৰুদ্ধে তেওঁৰ দৰে আন মহিলাসকলে সভা, প্ৰতিবাদী সমদল আদিৰো আয়োজন কৰি আহিছে। কেতিয়াবা কেতিয়াবা তেওঁলোকে ৰণচণ্ডী মূৰ্তি ধাৰণ কৰি হাতত হেতা, ঝাড়ু, নলীয়া কটাৰী আদিও তুলি লৈছে।
শীতৰ দুপৰীয়াৰ ৰ’দে হৰিণশিঙা গাঁওখন উজলাই তুলিছিল। আপনকুঁড়িয়ে গাঁওখনলৈ সোমোৱা বাটটোৰ প্ৰথমতেই থকা চুবুৰীয়া লবছাৰ ঘৰৰ চোতালত থিয় হৈ কথাবোৰ কৈ গৈছিল।
''মাটি লাগে যদি চৰকাৰে আমাক মাৰি পেলাব লাগিব,’’ আগদিনা ৰাতিয়েই ৰান্ধি থোৱা ভাত আৰু তৰকাৰীৰে দুপৰীয়াৰ সাজ খাই থকাৰ মাজতে মাত লগাইছিল লাবছা হেমব্ৰমে। ৪০ বছৰীয়া লবছাই শিলৰ কুঁৱেৰী এটাত কাম কৰে। এনে শিলৰ কুঁৱেৰীৰ দিন হাজিৰা ২০০ৰ পৰা ৫০০ টকাৰ ভিতৰত।








