“ইয়ালৈ বিয়া হৈ আহি ভুলেই কৰিলো।”
নকইনা হিচাপে পোৱা অভিজ্ঞতাৰ কথা বৰ্ণনা কৰি ২৯ বৰ্ষীয় ৰ’জিয়ে কয়। এনে যে অনুভৱ কেৱল তেওঁৰেই, তেনেকুৱা নহয়। শ্ৰীনগৰৰ ডাল লে’কৰ বাসিন্দাসকলে কয় যে ইয়ালৈ বহুতেই বিয়া হৈ আহিব নিবিচাৰে। “ইতিমধ্যে তিনিবাৰ প্ৰত্যাখান পাই থৈছো,” নিজৰ সৰুজন ল’ৰাৰ বাবে ছোৱালী বিচাৰি থকা গুলশন নাজিৰে কয়। “ঘটকেই ইয়ালৈ আহিব এৰিছে।”
বিড়ম্বনাৰ কথা যে ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ সতেজ পানীৰ হ্ৰদ হিচাপে পৰিচিত ঠাইখনত হোৱা পানীৰ অত্যধিক নাটনিৰ বাবে এনে হৈছে, বাৰু মহল্লাৰ মহিলাগৰাকীয়ে কয়।
“নবছৰ আগতে আমি নাৱেৰে গৈ ডাল হ্ৰদৰ বিভিন্ন ঠাইৰ পৰা পানী সংগ্ৰহ কৰিছিলো,” বাঢ়ৈৰ কাম কৰি জীৱিকা নিৰ্বাহ কৰা মুস্তাক আহমেদে কয়। “পানীৰ টেংকাৰ দেখিবলৈ পোৱা নগৈছিল।”
কিন্তু যোৱাটো দশকৰ পৰা মুস্তাক ৰৈ থাকে ৰাস্তাৰ দাঁতিত, পুৱা ঠিক ৯ বজাত ৰাজ্যিক পানীযোগানৰ টেংকাৰখন আহি পায়। গুডু মহল্লাৰ তেওঁৰ ১০ জনীয়া পৰিয়ালটো পানীৰ বাবে তেওঁৰ ওপৰতে নিৰ্ভৰ কৰে। পানী ধৰা কামটো সহজ কৰিবলৈ তেওঁ ২০ৰ পৰা ২৫ হাজাৰ টকা খৰছ কৰি ষ্ট’ৰেজ টেংক কিনিছে আৰু পাইপলাইন বহুৱাইছে। “অৱশ্যে কাৰেণ্ট থাকিলেহে ব্যৱস্থাটো কামত আহে, আৰু কাৰেণ্টৰ সমস্যাটো কাশ্মীৰত বেছিয়েই,” তেওঁ কয়। এই মাহত (মাৰ্চত) ট্ৰান্সফৰ্মাৰৰ কিবা বিজুতি ঘটাত তেওঁলোকে বাল্টিৰে পানী কঢ়িয়াবলগীয়া হৈছিল।






















