২০২২ত ভাৰতত ‘মহিলাৰ বিৰুদ্ধে হিংসা’ৰ ৪,৪৫,২৫৬ টা গোচৰ পঞ্জীয়ন হৈছিল। অৰ্থাৎ প্ৰতিদিনে ১,২২০ টা গোচৰ । এয়া নেচনেল ক্ৰাইম ৰেক’ৰ্ডচ্ ব্যুৰ’ৰ তথ্য। বাস্তৱ প্ৰেক্ষাপটত মহিলাৰ প্ৰতি এনে হিংসাৰ ঘটনা তাতোকৈ বহু বেছি, সেয়া সহজে অনুমেয়।

মহিলাৰ বিৰুদ্ধে হিংসাৰ ঘটনা দৈনন্দিন জীৱনৰ প্ৰতিখন ক্ষেত্রতে অলক্ষিতে বাঢ়ি আহিছে। কৰ্মস্থানত হাৰাশাস্তি, নাৰী সৰবৰাহ, যৌন আতিশয্য, ঘৰুৱা হিংসা, শিল্প আৰু ভাষাত লিংগপ্ৰাধান্য - আটায়ে মহিলাৰ সুৰক্ষা আৰু নিৰাপত্তাত ব্যাঘাত জন্মাই আহিছে।

এয়া প্ৰমাণিত কথা যে মহিলাই তেওঁলোকৰ বিৰুদ্ধে হোৱা হিংসাৰ অভিযোগ দাখিল কৰিব নিবিচাৰে। তেনেকৈ তেওঁলোকৰ কণ্ঠ আৰু বেছি উপান্ত হৈ পৰে। উত্তৰ প্ৰদেশৰ ২২ বৰ্ষীয় দলিত মহিলা বৰ্ষাৰ কথাই ধৰক। বৰ্ষাই কয় যে তেওঁ আৰক্ষীৰ ওচৰলৈ গৈ ধৰ্ষণ আৰু অপহৰণৰ অভিযোগ দাখিল কৰিবলৈ যাওতে আৰক্ষীয়ে গোচৰটো পঞ্জীয়ন কৰিব বিচৰা নাছিল , কিয়নো মূল অভিযুক্তজন স্থানীয় ৰাজনৈতিক নেতা আছিল। আন এগৰাকী ধৰ্ষণৰ চিকাৰ হাৰিয়ানাৰ মালিনীয়ে কয়, “পুলিচে মোক অভিযুক্তৰ পৰা কিছু টকা লৈ কথা সিমানতে সামৰিবলৈ কৈছিল। মই আপোচ কৰিবলৈ অমান্তি হোৱাত তেওঁলোকে মোক গালি পাৰিছিল আৰু কৈছিল, “ আপোচ নকৰিলে আমি তোমাক জেলত ভৰাই থ’ম” ।”

আৰক্ষীৰ অৱহেলা, অনানুষ্ঠানিক খাপ পঞ্চায়ত আৰু চিকিৎসা আৰু আইনী সমলৰ অভাৱে মহিলাক তেওঁলোকৰ বিৰুদ্ধে হোৱা হিংসাৰ প্ৰতিকাৰ বিচৰা বাটত তেওঁলোকক পৰাংমুখ কৰে। ২০২০ৰ এক প্ৰতিবেদন - বেৰিয়াৰ্চ ইন এক্সেচিং জাষ্টিচ: দা এক্সপেৰিয়েন্স অৱ ফ’ৰ্টিন ৰে’প চাৰ্ভাইভৰ্চ ইন উত্তৰ প্ৰদেশ, ইণ্ডিয়া -ত কোৱা হৈছে যে ছটা গোচৰৰ এটাতহে আৰক্ষীয়ে এফ আই আৰ লিখিছিল, তাকো বিষয়টো উৰ্ধতন বিষয়াৰ কাণত পৰাৰ পিছতহে। আন পাঁচটা ঘটনাৰ ক্ষেত্রত আদালতৰ নিৰ্দেশৰ পিছতহে এফ আই আৰ লিখা হৈছিল। জাতি-ধৰ্ম, শ্ৰেণী, শাৰীৰিক-মানসিক অক্ষমতা আৰু বয়স আদিয়ে চৰকাৰী ব্যৱস্থাটোৰ পৰা মহিলাক লিংগভিত্তিক হিংসাৰ প্ৰতিকাৰ লাভৰ পৰা বঞ্চিত কৰাত কাৰক হিচাপে কাম কৰে। দলিত হিউমেন ৰাইটচ্ ডিফেণ্ডাৰ্ছ নেটৱৰ্ক-ৰ এক প্ৰতিবেদন অনুযায়ী দলিত মহিলাৰ প্ৰতি হোৱা যৌন হিংসাৰ ৫০ টা ঘটনাৰ ক্ষেত্রত ৬২ শতাংশতে অপৰাধীজনে ১৮ বছৰৰ তলৰ মহিলাক লক্ষ্য কৰি লৈছিল। ২০২২ৰ ক্ৰাইম ইন ইণ্ডিয়া প্ৰতিবেদনত কোৱা হৈছে যে ১৮ৰ পৰা ৩০ বছৰ বয়সৰ মহিলাৰ ক্ষেত্রত ধৰ্ষণৰ ঘটনা আটাইতকৈ বেছি।

মানসিক আৰু শাৰীৰিকভাৱে বাধাগ্ৰস্ত ছোৱালী আৰু মহিলা ভাৰতত যৌন হিংসাৰ চিকাৰ হোৱাৰ সম্ভাৱনা অধিক, এয়া এক প্ৰতিবেদনৰ তথ্য। তাৰ কাৰণ হিচাপে উল্লেখ কৰা হৈছে তেওঁলোকৰ যোগাযোগৰ ক্ষেত্রত থকা অক্ষমতা আৰু চোৱাচিতা কৰা মানুহৰ ওপৰত নিৰ্ভৰশীলতা। অভিযোগ দাখিল কৰা হ’লেও আইনী প্ৰক্ৰিয়াটোৱে তেওঁলোকৰ বাবে শাস্তি হৈ পৰে, ২১ বৰ্ষীয় কাজৰিৰ কথাই ধৰক। কাজৰি ২০১০ত অপহৃত হৈছিল আৰু দহ বছৰ তেওঁ সৰবৰাহ, যৌন আতিশয্য আৰু শিশু শ্ৰমৰ চিকাৰ হিচাপে জীৱন পাৰ কৰিবলগীয়া হৈছিল। তেওঁৰ পিতৃয়ে কয়, “একেটা ঠাইত মই বেছিদিন কাম কৰিব নোৱাৰোঁ, কিয়নো কাজৰিক পুলিচ ষ্টেটমেণ্ট, পৰীক্ষা আদিৰ বাবে নিবলৈ ছুটী ল’বলগীয়া হয় আৰু ছুটী বিচাৰিলে কামৰ পৰা খেদা খাওঁ।”

কমচেপচুৱেলাইজিং ব্ৰাহ্মিনিকেল পেট্ৰিয়াৰ্কি ইন আৰ্লি ইণ্ডিয়া শীৰ্ষক ৰচনাত অধ্যাপক উমা চক্ৰৱৰ্তীযে “নিয়ন্ত্ৰণৰ এক প্ৰভাৱশালী ব্যৱস্থা সৃষ্টি আৰু নিৰন্তৰ তেওঁলোকক (মহিলাক) সুৰক্ষা দিয়াৰ ধাৰণা” প্ৰচলিত হৈ থকাৰ কথা লিখিছে। এই নিয়ন্ত্ৰণ প্ৰায়ে পিতৃপ্ৰধান সমাজৰ ৰীতি-নীতিক আদৰি লোৱা মহিলাৰ হাততে থাকে আৰু নিয়ন্ত্ৰণ নৰখাসকলক নিন্দা কৰা হয়। মহিলাৰ চলন-ফুৰণৰ ক্ষেত্রত সাংঘাতিক কটকটীয়া নিয়মৰ আঁৰত লুকাই থাকে মহিলাগৰাকী যৌনতা, লগতে মহিলাগৰাকীৰ আৰ্থিক স্বাধীনতাক লৈ সমাজে কৰা ভয়। “আগতে মই যেতিয়াই গাঁৱৰ কোনোবা গৰ্ভৱতী মহিলাক দেখা কৰিবলৈ যাও বা তেনে মহিলাক হস্পিতাললৈ লৈ যাও, সিহঁতে (শাহু-শহুৰ) কৈছিল যে মই আন কোনোবা মতা মানুহক লগ কৰিবলৈ গৈছো। আশা হিচাপে এয়া মোৰ কৰ্তব্য,” গিৰিজাই (৩০) কয়। উত্তৰ প্ৰদেশৰ মাহোবা জিলাৰ গিৰিজাই স্বীকৃত সামাজিক স্বাস্থ্যকৰ্মী (আশা) হিচাপে কাম এৰি দিয়াৰ বাবে শহুৰেকৰ ঘৰৰ পৰা বাৰুকৈয়ে হেঁচা পায়। “ কালি মোৰ স্বামীৰ ককাকে মোক লাঠি এডালেৰে মাৰিছে , আনকি মোক ডিঙি চেপি মাৰিবলৈ চেষ্টা কৰিছিল,” তেওঁ কয়।

মহিলাই যেতিয়া ঘৰুৱা এই বাধাবোৰ অতিক্ৰম কৰি কাম কৰে আৰু তাৰবাবে পাৰিশ্ৰামিক পায়, তেতিয়া আহে আন এক লিংগভিত্তিক আতিশয্য - কৰ্মস্থানত হাৰাশাস্তি। ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্র আৰু বেংগালুৰুৰ বস্ত্ৰ উদ্যোগত কৰা মহিলাৰ ওপৰত চলোৱা এক সমীক্ষা অনুযায়ী ১৭ শতাংশ মহিলাৰ কৰ্মস্থানত যৌন আতিশয্যৰ অভিযোগ আছে। “মেনেজাৰ, চুপাৰভাইজাৰ আৰু মেকানিক আদি পদত পুৰুষ থাকে আৰু তেওঁলোকে আমাক স্পৰ্শ কৰাৰ চেষ্টা কৰে, কিন্তু আমি অভিযোগ দিবলৈ কোনো নাই,” কাপোৰৰ ফেক্টৰি এটাত কাম কৰা শ্ৰমিক লতাই কয় (পঢ়ক: দিণ্ডিগুলত দলিত মহিলাৰ সাহসিকতাই গঢ়িলে ইতিহাস )। মহিলা শ্ৰমিকৰ কণ্ঠ সামূহিক ৰূপত সবলভাবে তুলি ধৰিবলৈ বিশাখা নিৰ্দেশাৱলী (১৯৯৭)ত সংস্থাসমূহক মহিলাৰ দ্বাৰা গঠিত এখন অভিযোগ কমিটি গঠন কৰাৰ পৰামৰ্শ দিয়া হৈছে, যিখনৰ মুৰব্বী মহিলা হ’ব লাগিব আৰু কমিটিখনত মহিলা সদস্যৰ সংখ্যা আধাতকৈ কম হ’ব নালাগিব। কাগজে-পত্ৰই এনে নিৰ্দেশাৱলী আছে যদিও, তাৰ ৰূপায়ণ তেনেই শোচনীয়। কৰ্মস্থলে হওঁক বা ঘৰ - মহিলাৰ বিৰুদ্ধে হিংসা সকলোতে বিৰাজমান।

ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা (এনএফএইছএছ), ২০১৯-২১ অনুসৰি ১৮ৰ পৰা ৪৯ বছৰ বয়সৰ ২৯ শতাংশ মহিলাই ঘৰত ১৫ বছৰ বয়সৰ পৰা শাৰীৰিক হিংসাৰ সন্মুখীন হৈ আহিছে। ছয় শতাংশই যৌন হিংসাৰ সমুখীন হোৱা বুলি সমীক্ষাত কৈছে। কিন্তু তেনে কেৱল ১৪ শতাংশ মহিলাইহে পৰিয়াল, বন্ধু-বৰ্গ কিম্বা চৰকাৰী প্ৰতিষ্ঠানৰ পৰা যৌন আৰু শাৰীৰিক হিংসাৰ পৰা মুক্তিৰ বাবে সহায় বিচাৰিছিল। জীৱনসংগীৰ পৰা হিংসাৰ সমুখীন হোৱাৰ ঘটনা বাঢ়িছে। “ মেৰি ঘৰৱালি হ্যে, তুম কীউ বীচ্চ ম্যে আ ৰহে হৌ (তাই মোৰ ঘৈণী, আপুনি মাজত কিয় সোমাইছে?),” ঘৈণীয়েকক মাৰ-পিট কৰি থকা দেখি কোনোবা আহি বাধা দিলে তেওঁ তাকেই কৈছিল। সমগ্ৰ বিশ্বত ২০২১ চনত প্ৰায় ৪৫,০০০ যুৱতীক জীৱনসংগী বা পৰিয়ালৰ আন সদস্যই হত্যা কৰিছিল

সন্দেহ নাই যে ৰোমাণ্টিক সম্পৰ্ক এটাত হিংসাৰ স্থান জনপ্ৰিয় সংস্কৃতিয়ে আনি দিছে। নবীনচামৰ ওপৰত ভাৰতীয় চলচ্চিত্ৰৰ প্ৰভাৱ শীৰ্ষক এক গৱেষণাপত্ৰত প্ৰকাশিত তথ্য অনুযায়ী ডেকাচামৰ ৬০ শতাংশই “ছেঢ়-খানি” অৰ্থাৎ মহিলাৰ প্ৰতি কৰা পৰিকল্পিত অশালীন ব্যৱহাৰ ( ৰাস্তাই-ঘাটে মহিলাৰ ওপৰত চলোৱা যৌন আতিশয্য বুলি যাক কোৱা হয়)ক অনপকাৰী ধেমেলীয়া উপহাস বুলি মানি লয়। লৈংগিক হিংসাৰ এনে ভয়ংকৰ সাধাৰণীকৰণৰ কথা আন এক গৱেষণাপত্ৰ - ২০২৪ত মহিলাৰ বিৰুদ্ধে হিংসা সম্পৰ্কীয় গোচৰত অভিযুক্ত ক্ষমতাধিস্থ সাসংদ/বিধায়কৰ তথ্য বিশ্লেষণ ত কোৱা হৈছে যে শাসনত থকা সাংসদ আৰু বিধায়কৰ ভিতৰত ১৫১ গৰাকী প্ৰতিনিধিৰ বিৰুদ্ধে মহিলাৰ প্ৰতি অপৰাধৰ গোচৰ চলি আছে।

এইক্ষেত্রত আৰু এটা প্ৰৱণতাই চিন্তনীয়ভাবে গা কৰি উঠিছে, সেয়া হৈছে ভুক্তভোগীজনক নিন্দা কৰাৰ সংস্কৃতি, বিশেষকৈ যৌন হিংসাৰ সন্মুখীন হোৱা মহিলাৰ প্ৰতি হেয় মন্তব্য। ৰাধাৰ কথাই লওঁক, তাইক বীড় জিলাৰ নিজ গাঁৱৰ চাৰিজন পুৰুষে ধৰ্ষণ কৰিছিল, কিন্তু তাই তেওঁলোকৰ বিৰুদ্ধে মাত মতাৰ বাবে তেওঁকেই “চৰিত্ৰহীন” আৰু গাওঁখনৰ বদনাম অনা বুলি মানুহে অভিযোগ কৰিছিল।

এনে অপৰাধৰ তালিকাখন শেষ হৈ নাহে আৰু সেই অপৰাধৰ পুৰুষতান্ত্ৰিক শিপা সমাজত গভীৰভাবে শিপাই আছে। পাৰি লাইব্ৰেৰীত মহিলাৰ বিৰুদ্ধে লিংগভিত্তিক হিংসাৰ বিষয়ে অধিক পঢ়িবলৈ ইয়াত ক্লিক কৰক।

প্ৰচ্ছদ অলংকৰণ: স্বদেশা শৰ্মা

অনুবাদ: পংকজ দাস

Dipanjali Singh

Dipanjali Singh is an Assistant Editor at the People's Archive of Rural India. She also researches and curates documents for the PARI Library.

यांचे इतर लिखाण Dipanjali Singh
PARI Library Team

The PARI Library team of Dipanjali Singh, Swadesha Sharma and Siddhita Sonavane curate documents relevant to PARI's mandate of creating a people's resource archive of everyday lives.

यांचे इतर लिखाण PARI Library Team
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

यांचे इतर लिखाण Pankaj Das