“এটা সৰু ভুল আৰু আপুনি কয়টাৰ ঠাইত চত্তুৰহে পাব!” কচাইৰ দাখনৰ সৈতে কাচি এখনৰ কিমানখিনি পাৰ্থক্য থাকে, সেয়া ভালদৰেই জনা কমাৰ চাফেকাৰে কয়। এগৰকী পাকৈত কমাৰ চাফেকাৰে মহাৰাষ্ট্ৰৰ একটান গাঁৱৰ তেওঁৰ সেই কমাৰশালত অতিকমেও ১০ হাজাৰ লোৰ সঁজুলি নিজহাতে গঢ় দিছে।
৫২ বৰ্ষীয় চাফেকাৰে এই কামটো শিকিছিল তেওঁৰ পিতৃ দত্তত্ৰেয় চাফেকাৰৰ পৰা। তেওঁলোক পাঞ্চাল লোহাৰ সম্প্ৰদায়ৰ, যিসকলৰ ইতিমধ্যে মহাৰাষ্ট্ৰৰ কৃষক সমাজৰ গ্ৰাহকৰ মাজত বৰ সমাদৰ আছে। “মানুহে কয়, ‘লোৰ কিবা সঁজুলি আনিবলগীয়া থাকিলে একতানৰ পৰাই আনিবি,’” ২৫ বিধৰো অধিক লোৰ সঁজুলি গঢ় দিব জনা বাচাই তালুকৰ সপ্তম প্ৰজন্মৰ কমাৰ চাফেকাৰে কয়।
আগতে ৯০ কিলোমিটাৰ দূৰৰ উৰানৰ নৱি মুম্বাইৰ পৰাও মানুহ আহি ইয়াৰ পৰা নাও বনোৱা বিশেষ এবিধ সঁজুলি তাচনিৰ পাইকাৰী হাৰত অৰ্ডাৰ দি গৈছিল। “গ্ৰাহকে আমাৰ ঘৰত চাৰিদিনলৈ থাকি সঁজুলিবিধ একেবাৰে আৰম্ভণিৰ পৰা পিটি পিটি গঢ় দিয়া চাই গৈছিল,” তেওঁ মনত পেলায়।
একতানৰ ঠেক গলিবোৰ জাতিভিত্তিক জীৱিকাৰ আৰ্হিত বিন্যাস কৰা আছে: সোণাৰ (সোণাৰী), লোহাৰ (কমাৰ), সুতাৰ (বাঢ়ৈ), চাম্ভাৰ (মুচিয়াৰ) আৰু কুম্ভাৰ (কুমাৰ)। গাওঁখনৰ মানুহে কয় যে তেওঁলোকে অতীজৰে পৰা স্বৰ্গৰ স্থপতি অভিযন্তা বিশ্বকৰ্মাৰ পূজা কৰি আহিছে। ২০০৮ৰ পিছত যাযাবৰ জনগোষ্ঠী হিচাপে সূচীবদ্ধ হোৱা পাঞ্চাল লোহাৰসকল তাৰ আগতে অনান্য পিছপৰা শ্ৰেণী হিচাপে তালিকাবদ্ধ আছিল।
চাফেকাৰৰ তেতিয়া বয়স ১৯ বছৰ, পৰিয়ালৰ কমাৰ কামত তেওঁৰ একেবাৰে মন নাছিল। তেওঁ ইলেকট্ৰিক দোকান এখনত ষ্ট’ৰ-কীপাৰ হিচাপে কাম কৰি মাহে ১,২০০ টকা পাইছিল। যৌথ পৰিয়ালটো ভাগি যোৱাত তেওঁৰ পিতৃ কৰ্মহীন হৈ পৰে। ঘৰৰ ডাঙৰ ল’ৰা হিচাপে তেওঁ সেয়ে পৰিয়ালৰ ব্যৱসায় চম্ভালি ল’বলগীয়া হয়।
























