“যোৱাৰাতি মা আৰু মোৰ মাজত এই লৈ কাজিয়া লাগিছে,” ২১ বৰ্ষীয় আশা বচ্ছিয়ে কয়। “যোৱা চাৰে-তিনি বছৰত মোৰ মোৰ পৰিয়ালে মোক পঢ়া এৰি বিয়াত বহিবলৈ জোৰ দি আহিছে,” আশাই বুজাই কয়।
য়াভাতমাল চহৰৰ সাবিত্ৰী জ্যোতিৰাও সমাজকাৰ্য্য মহাবিদ্যালয়ৰ চুড়ান্ত বৰ্ষৰ শিক্ষাৰ্থী আশাই সমাজকৰ্ম বিষয়ত স্নাতক ডিগ্ৰী পঢ়ি আছে। আনুষ্ঠানিক শিক্ষা লাভ কৰা তেওঁ পৰিয়ালটোৰ প্ৰথমগৰাকী মহিলা। “কম বয়সত বিয়া হোৱা ছোৱালীবোৰক মানুহে প্ৰশংসা কৰে ঠিকেই, কিন্তু মই নিজকে শিক্ষিত কৰি তুলিব বিচাৰো। এই বাটেৰেই মই মোক স্বাধীন কৰিব পাৰিম।”
আশাৰ ঘৰ মহাৰাষ্ট্ৰৰ য়াভাতমাল জিলাৰ জেৱলি গাঁৱত। তেওঁলোক ৰাজ্যখনত বিমুক্ত (ডি-নটিফাইড) জনজাতি হিচাপে তালিকাভুক্ত মথুৰা লভান সম্প্ৰদায়ৰ। তেওঁৰ পৰিয়ালটোৱে জেৱলিত থকা ছয়া, কপাহ, গমধান, মিলেট আদিৰ খেতি কৰে।
পৰিয়ালৰ চাৰিটা ল’ৰা-ছোৱালী, তিনিজনী ছোৱালী আৰু এজন ল’ৰাসন্তানৰ পোহপালৰ বাবে পৰিয়ালটো খেতিৰ ওপৰতে নিৰ্ভৰশীল। আশা চাৰিজনৰ মাজত ডাঙৰ আৰু য়াভাতমাল চহৰত মোমায়েকৰ ঘৰত থাকি কলেজত পঢ়ি আছে।
আশাৰ পৰিয়ালে তেওঁক ঘৰৰ কাষৰে জিলা পৰিষদ স্কুলত ৭ বছৰ বয়সত স্থানীয় শিক্ষকৰ হেঁচাত পৰি নামভৰ্তি কৰাই দিছিল। আশাই তাত ৩য় শ্ৰেণীলৈকে পঢ়িলে। তাৰপিছত জেৱলিৰ পৰা ১১২ কিলোমিটাৰ দূৰৰ য়াভাতমাল চহৰলৈ গুছি গ’ল। তাত তেওঁ মহাৰাষ্ট্ৰ ৰাজ্যিক ব’ৰ্ডৰ অন্তৰ্গত স্কুল এখনত পঢ়িলে আৰু তাৰপিছত কাষৰে কলেজ এখনত নাম লগালে।
“আমাৰ সম্প্ৰদায়ৰ ছোৱালীয়ে সাধাৰণতে ৭ম মানলৈহে পঢ়ে, তাৰপিছত লাহে লাহে স্কুল এৰিবলৈ লয়। খুব কমেইহে কলেজত নাম লগায়,” আশাই কয়। আনকি তেওঁৰ সৰুজনী ভনীৰো তিনিবছৰ আগতে বিয়া হৈ গৈছে।
“আমাৰ সমাজৰ মানুহখিনি বৰ ৰক্ষণশীল,” আশাই কয়। ছোৱালীয়ে প্ৰেমবিবাহ কৰি পেলাব, নাইবা আন জাতিৰ ল’ৰাৰ লগত বিয়া হৈ যাব বুলি ভয় খাই পৰিয়ালৰ লোকে ছোৱালীবোৰক বিয়াৰ বাবে হেঁচা দিয়ে। “ছোৱালী এজনীয়ে প্ৰেমিকৰ লগত যদি পলাই গ’ল, তেওঁৰ বান্ধবীবোৰক পৰিয়ালৰ লোকে স্কুলৰ পৰা উলিয়াই আনে,” আশাই বুজাই কয়। “নিজৰ জাতিৰ বাদে আন ক’ৰবাত বিয়া হোৱা ছোৱালী মই আমাৰ সম্প্ৰদায়ত দেখা নাই।”
ক’ভিডৰ সময়ত যেতিয়া তেওঁ জেৱলি গাঁৱলৈ ঘূৰি আহিল, সেই লকডাউনৰ সময়ছোৱাত তেওঁৰ ওপৰত বিয়াৰ বাবে বৰকৈ হেঁচা পৰিছিল। তেওঁ আনকি কেইগৰাকীমান পাত্ৰ লগো পাইছিল। “সেই মহামাৰীৰ সময়ত আমাৰ এলেকাৰ ২১ বছৰৰ তলৰ ৩০ গৰাকীৰো অধিক ছোৱালীৰ বিয়া হৈ গৈছিল,” আশাই কয়।
জেৱলিত ছোৱালীয়ে উচ্চ শিক্ষা গ্ৰহণত উৎসাহ দিয়া নহয় যদিও বিয়া পিছুওৱাৰ ক্ষেত্ৰত শিক্ষাৰ যুক্তি প্ৰায়ে নাখাটে। “মোৰ সৰুজনী ভনীৰ বিয়া হৈছে, মোৰ হোৱা নাই। সেয়ে মানুহে মোক সন্দেহৰ দৃষ্টিৰে চায়,” আশাই কয়।
“যি কৰোঁ (মোৰ শিক্ষাৰ বাবে) মই নিজেই কৰোঁ,” আশাৰ কথাত তেওঁৰ হতাশা স্পষ্ট। উচ্চ শিক্ষা লাভ কৰা তেওঁ পৰিয়ালৰ প্ৰথমগৰাকী হিচাপে তেওঁ ঘৰখনৰ পৰা বিশেষ দিহা-পৰামৰ্শ নাপায়। তেওঁৰ পিতৃ বলসিং বচ্ছিয়ে একাদশ শ্ৰেণীলৈ পঢ়িছে আৰু মাতৃ বিমলে ৫ম মানলৈ। “মই ছোৱালী হোৱাৰ বাবে এতিয়াও তেওঁলোকে মোৰ পৰা বিশেষ এটা আশা নকৰে,” আশাই কয়। তেওঁ লগতে কয় যে পঢ়া-শুনা কৰিব বিচৰাটো তেওঁৰ বাবে “লতেওঁচা কাম” – মানে শাৰীৰিক আৰু মানসিক দুয়োটা দিশতেই সংগ্ৰাম হৈ পৰিছে।
“ঘৰৰ কোনোৱে মোৰ শিক্ষাৰ ক্ষেত্ৰত সাহস যোগোৱা নাছিল,” আশাই কয়। “মায়েই যদি এবাৰ ক’লেহেঁতেন – ‘তু কৰ, মে তুজয়া পাথিছি আহে’ (তই পঢ়, মই আছোদে তোৰ লগত)।” কিন্তু আশাৰ মাকেই তেওঁক পঢ়া-শুনা কৰা দেখি আটাইতকৈ বেছি সমালোচনা কৰে।
জেৱলিৰ নিকটৱৰ্তী কলেজখন বিত্তাৰগাঁৱত আছে। তাৰপৰা ১২ কিলোমিটাৰ দূৰত। “ইমান দূৰৰ পৰা অহা-যোৱা কৰাটো ছোৱালীৰ বাবে নিৰাপদ নহয় বুলি অভিভাৱকে আশংকা কৰে,” মহিলাৰ শিক্ষাৰ ক্ষেত্ৰত শৈক্ষিক ব্যৱস্থাটো ভাল হ’লে কিমান সহায় হ’লহেঁতেন, সেইবিষয়ে বুজাই আশাই কয়। “এজনী ছোৱালীয়ে যদি পঢ়া এৰে, তেতিয়া আন এজনীৰ স্কুল-কলেজলৈ যোৱা সংগৰ অভাৱ হোৱা দেখি শংকাতে আন অভিভাৱকেও নিজৰ ছোৱালীক স্কুলৰ পৰা উলিয়াই আনে।”
য়াভাতমালত শিক্ষাগ্ৰহণ কৰাটো সহজ নাছিল বুলি আশাই কয়। তেওঁ মথুৰা লভান উপভাষা কৈছিল, যিটো স্কুলৰ পাঠদানৰ মাধ্যম মাৰাঠী ভাষাতকৈ বেলেগ আছিল। শ্ৰেণীকোঠাত অংশগ্ৰহণ কৰাটো তেওঁৰ বাবে কঠিন হৈ পৰিছিল। “মোৰ সহপাঠীবোৰে মোৰ ভাষাটোৰ বাবে ঠাট্টা কৰিছিল,” আশাই মনত পেলায়। “শ্ৰেণীকোঠাত মোৰ ভাষাটো ক’লে কোনোবাই হাঁহিব বুলি মোৰ সংকোচবোধ হৈছিল।”
এই শংকাবোধেই আশাৰ স্কুলীয়া শিক্ষা গ্ৰহণৰ গতি লেহেমীয়া কৰি পেলালে। “ষষ্ঠ শ্ৰেণীলৈকে মই কেৱল মাৰাঠী আখৰহে লিখিব পাৰিছিলো, সম্পূৰ্ণ বাক্য লিখিব পৰা নাছিলো। মই কুত্ৰা (কুকুৰ) আৰু মাঞ্জৰ (মেকুৰী) আদি সাধাৰণ শব্দও ৫ম মানলৈকে লিখিব পৰা নাছিলো,” আশাই কয়।
কিন্তু আশাই যেতিয়া মহাৰাষ্ট্ৰ ষ্টেট ব’ৰ্ড ছিনিয়ৰ ছেকেণ্ডাৰি স্কুল চাৰ্টিফিকেটৰ দশমমানৰ পৰীক্ষাত ৭৯ শতাংশ নম্বৰ পালে, তেতিয়া তেওঁ মনত সাহস পালে আৰু আগলৈ পঢ়াৰ বাবে মোমায়েকক খাটিৰ ধৰিলে। দ্বাদশ শ্ৰেণীত তেওঁ ৬৩ শতাংশ নম্বৰ পালে।
আশাৰ বিদ্যায়তনিক সফলতা অৱশ্যে তেওঁৰ আশে-পাশে থকা মানুহখিনিয়ে ইমান ডাঙৰ কথা বুলি গণ্য নকৰে। “মোৰ মা-দেউতেওঁ কেতিয়াও কাৰো আগত গৰ্ব কৰি নকয় যে তেওঁলোকৰ ছোৱালীয়ে চহৰত গ্ৰেজুৱেচন কৰি আছে, কিয়নো সেয়া আমাৰ সমাজখনত বিশেষ এটা কৰিবলগীয়া কাম নহয়।”
সোনকালে বিয়া হোৱাৰ প্ৰৱণতেওঁ আমাৰ সম্প্ৰদায়ৰ ছোৱালীবোৰৰ শিক্ষাৰ যি উদ্যম সেয়া নাইকিয়া কৰি পেলায়। “ষোল্ল বছৰৰ আশে-পাশে যদি বিয়াই হ’বলগীয়া আছে, তেন্তে সিহঁতে শিক্ষালাভৰ বাবে ইমান কষ্ট কৰিবই বা কিয়?” আশাই প্ৰশ্ন কৰে। তথাপি তেওঁ আশা এৰি দিয়া নাই। শিক্ষাৰ পৰা কি লাভ হয়, সেয়া তেওঁ জানে হেতুকে কয়, “শিক্ষা আছে বাবেই সুৰক্ষিত ভৱিষ্যত এটাৰ সপোন দেখিব পাৰো।”
আশাই পঢ়ি ভাল পায়। তেওঁৰ প্ৰিয় কেইখনমান কিতাপ হৈছে সৰিতা আৱহদৰ হমৰাস্তা নকাৰ্তানা আৰু সুনীতা বাৰ্দেৰ ফিন্দৰি। এইকেইখন কিতাপ উপান্ত শ্ৰেণীৰ মহিলাৰ জীৱনক লৈ লিখা। তেওঁ উইমেন ষ্টাডিজত স্নাতকোত্তৰ ডিগ্ৰী ল’ব বিচাৰে আৰু ইতিমধ্যে সোণিপটৰ অশোকা ইউনিভাৰ্চিটিৰ য়াং ইণ্ডিয়া ফেল’ হিচাপে নিৰ্বাচিত হৈছে।
য়াভাতমাল চহৰলৈ অহাৰ পিছত আশাৰ মনত আৰু বেছি আত্মবিশ্বাস জাগিছিল। “মোৰ আত্মীয়-কুটুমৰ বাবে সমাজকৰ্মৰ ডিগ্ৰী বিশেষ এটা লেখত ল’বলগীয়া কাম নহয় যদিও মই এইখিনি শিক্ষা লাভ কৰি উপকৃত হৈছো,” তেওঁ কয়। জেৱলিত আশাৰ মথুৰা লভান সম্প্ৰদায়ৰ ঘৰবোৰক একেলগে টান্দে বুলি কয়। এই ঘৰবোৰ সাধাৰণতে মূল বসতিস্থলৰ পৰা দূৰত থাকে। “এনেদৰে একাষৰীয়াকৈ থকাৰ বাবে আধুনিক চিন্তাধাৰাৰ সৈতে খাপ খুৱাই নিজকে চলাবলৈ অসুবিধা হয়।” তেওঁৰ কলেজখনৰ শিক্ষক সমাজে তেওঁক বৰ নিষ্ঠাৰে দিহা-পৰামৰ্শ দি আগবঢ়াই নিছে। বিশেষকৈ তেওঁক মাৰাঠী শিকোৱা প্ৰফেছৰ ঘনশ্যাম ধৰণে।
“মানুহে ভাবে যে মহিলাই বিশেষ কোনো মৰ্য্যাদা লাভৰ বাবে সক্ষম নহয়,” আশাই ক্ষোভমিহলি সুৰত কয়। “আমাৰ মাজত থকা সেই ধাৰণা মই সলনি কৰিব বিচাৰো। ডাঙৰ কিবা এটা কৰিব বিচাৰো। গাঁৱলৈ ঘূৰি আহি ছোৱালীখিনিৰ উন্নতিৰ বাবে পৰিৱৰ্তন আনিব বিচাৰো। পলাই যাবলৈ নিবিচাৰো।”
কিন্তু আহি থকা বিয়াৰ বতৰত তেওঁৰ ওপৰত পৰিবলগীয়া হেঁচা তেওঁ অতিক্ৰম কৰিব লাগিব। আশাই কয়, “এই বাধাবোৰ নেওচিবলৈ মই কষ্ট কৰিব লাগিব।”
অনুবাদ: পংকজ দাস