নিৰ্মাণ ছাইট এটাত কাম কৰি তিনি ডেকাল’ৰা নিজৰ গাওঁ মাৰিলৈ উভতি আহি আছিল। “সেয়া আছিল ১৫ বছৰ আগৰ কথা,” তেওঁলোকৰ মাজৰ এজন অজয় পাছোৱানে কয়। “গাঁৱৰ পৰিত্যক্ত মছজিদটোৰ কাষেৰে আমি পাৰ হৈ আহিব ধৰিছিলো। তেনেতে আমাৰ অনুসন্ধিৎসু মনটোৱে ক’লে, কিনো আছে, এবাৰ সোমাই চাই যাওঁ। ”
পৰিত্যক্ত মছজিদটোৰ ভিতৰখন ধূলি-মাকতিৰে ভৰি আছিল। মজিয়াখনত শেলুৱৈ গজিছিল।
“ভিতৰলৈ গৈ আমাৰ মনবোৰ সলনি হৈ গ’ল,” ৩৩ বৰ্ষীয় দিনহাজিৰা কৰা অজয়ে কয়। “চাগে আল্লাহৰে ইচ্ছা আছিল যে আমি ভিতৰলৈ যাওঁ।”
সেই তিনি বন্ধু - অজয় পাছোৱান, বাখোৰি বিন্দ আৰু গৌতম প্ৰসাদে মছজিদটো চাফা কৰাৰ সিদ্ধান্ত ল’লে। “আমি হাবি-বনবোৰ মোকলালো, ঠাইখন চাফা কৰি মছজিদটো ৰং কৰিলো। মছজিদটোৰ সন্মুখতে ডাঙৰ এখন মঞ্চ বনালো,” অজয়ে কয়। তেওঁলোকে আবেলিৰ বাবে তাত বিজুলীবাতিৰো ব্যৱস্থা কৰিলে।
তিনিও মিলি তাত চাউণ্ড চিষ্টেম ইনষ্টল কৰিলে। মছজিদৰ গম্বুজত লাউডস্পীকাৰ লগালে। “আমি চাউণ্ড চিষ্টেমৰ যোগেদি আজান বজোৱাৰ সিদ্ধান্ত ল’লো,” অজয়ে কয়। সোনকালেই মুছলমান ধৰ্মালম্বীসকলৰ বাবে বিহাৰৰ নালন্দা জিলাৰ মাৰি গাঁৱত নিতৌ দিনে পাঁচবাৰ নামাজ বজোৱা হ’ল।












