“মই তোমাক গ্ৰীষ্মৰ এটা দিনৰ সতে ৰিজাম নেকি?” ১৯ বৰ্ষীয়া ফেইজা আনছাৰিয়ে ফুচফুচাই ক’লে৷ মুমব্ৰা অঞ্চলত কেৱল মহিলাসকলৰ কাৰণে থকা একমাত্ৰ গ্ৰন্থাগাৰ ৰেহনুমা লাইব্ৰেৰী কেন্দ্ৰটোৰ টাইলছ লগোৱা মজিয়াখনত লেপেটা কাঢ়ি বহি লৈছো।
ডাৰুল ফালাহ মছজিদৰ কাষত অৱস্থিত এটা জৰাজীৰ্ণ অট্টালিকাৰ প্ৰথম মহলাৰ দুটা কোঠালিৰ এপাৰ্টমেন্ট এটাক গ্ৰন্থাগাৰলৈ পৰিবৰ্তন কৰাৰ পিছত ইয়ালৈ বহু যুৱতীয়ে অহা-যোৱা কৰে৷ তেওঁলোকৰ বোৰ্খাবোৰ তাতে এনেই পাৰি থৈ দিয়া প্লাষ্টিকৰ চকীবোৰত আঁৰি থৈ শীতল মজিয়াখনত আৰামত বহি লয়৷ মুম্বাইৰ পৰা প্ৰায় ৩৫ কি.মি. মান দূৰত্বত উত্তৰ-পূৱ উপকণ্ঠত অৱস্থিত গ্ৰন্থাগাৰটোৰ বাহিৰৰ তাপমান প্ৰায় ৩৬ ডিগ্ৰী মান৷
ফেইজাই যেতিয়া শ্বেক্সপীয়েৰৰ ১৮ নং চনেটটোৰ পৰা ‘গ্ৰীষ্মৰ এটা দিনৰ’ কথা ক’লে, মই অন্য বেলেগ কিবা শুনাবলৈও জোৰ কৰিলো৷ ফেইজাৰ ভনীয়েক ৰাজিয়া সহিতে ইয়াত উপস্থিত থকা প্ৰতিগৰাকীৰে দৃষ্টি সেই সময়ত তাইৰ ওপৰতে নিবদ্ধ৷ ফেইজাই ‘ৰোমিঅ’ আৰু জুলিয়েট’খনৰ এটা শাৰীৰ সংক্ষিপ্তকৈ ব্যাখ্যা কৰি শুনালে, “এখন সুন্দৰ হৃদয় এখন ধুনীয়া মুখমণ্ডলতকৈ বেছি ভাল”৷ ৰাজিয়াই লজানম্ৰ হৈ বায়েকৰ ফালে চাই আছে৷ বাকীবোৰ ছোৱালীয়ে হৈ-হাল্লা কৰি, ইটোৱে সিটোক খুচিয়াই মেলি ভেবাৰ নিচিনা হাঁহি আছে৷ সিহঁতৰ হাঁহিৰ কাৰণ অনুমান কৰাতো ইমান সহজ নহ’ব!
১৮ বছৰীয়া ৰাজিয়া আনছাৰী আচলতে ইমান লাজকুৰীয়া ছোৱালী নহয়৷ তাই মোক এতিয়ালৈ তাই পঢ়া শ্বেক্সপীয়েৰৰ একমাত্ৰ চুটি গল্পটোৰ এটা চিত্তাকৰ্ষক সাৰাংশ আগবঢ়ালে৷ “টুৱেল্ভ নাইট গল্পটোৰ কাহিনীতো একেবাৰে হিন্দী চিনেমাৰ লেখীয়া৷ ভায়োলাই দ্বৈত চৰিত্ৰ ৰূপায়ণ কৰে”, তাই আচলতে চিজাৰিঅ’ হিচাপে ছদ্মবেশ ধাৰণ কৰা ভায়োলাৰ বিষয়ে তেনেদৰে ক’লে৷ ৰাজিয়াই ইংৰাজী ভাষাৰ দখল বঢ়োৱাত গুৰুত্ব দিছে আৰু তাৰ কাৰণে গ্ৰন্থাগাৰটোত থকা স্পকে’ন ইংলিছৰ শ্ৰেণীত যোগদানো কৰিছে৷ সপ্তাহটোৰ পাঁচদিন ৰাতিপুৱা ১১ বজাৰ পৰা সন্ধিয়া ৬টা বজালৈ এঘণ্টা সময়ৰ কেইবাটাও শ্ৰেণীত পাঠদান চলে৷
ঝাৰখণ্ডৰ ডুমকা জিলাৰ অন্তৰ্গত গাঁও আছানছোলৰ পৰা প্ৰায় ১৮ মাহৰ আগতে ফেইজা আৰু ৰাজিয়া নিজৰ পৰিয়ালৰ সৈতে মুমব্ৰালৈ স্থানান্তৰিত হৈছে৷ সিহঁত দুয়োজনীয়ে মুমব্ৰাখন একেবাৰে পছন্দ নকৰে৷ ৰাজিয়াই কয়, “গোটেইখন জাৱৰ-জোঁথৰেৰে ভৰা৷” ফেইজায়ো ভনীয়েকৰ কথাত সন্মতি জনাই কয়, “ইয়াত কিতাপৰ দোকানতকৈ খোৱা বস্তুৰ দোকানহে বেছি৷” গাঁৱত থাকোতে সিহঁতে আগতে কেতিয়াও বোৰ্খা পিন্ধিব লগা হোৱা নাছিল৷ সেইকাৰণে ৰাজিয়াই কয়, “ঘৰত থাকোতে আমি বহুত বেছি স্বাধীনতা পাইছিলো৷” এইখিনিতে ফেইজাই আৰু যোগ দিলে, “ইয়াৰ পৰিৱেশ বৰ এটা ঠিক নহয় বুলি আমাৰ মায়ে কৈছে।”
সিহঁতৰ দেউতাকৰ আছানছোলত এখন গেলামালৰ পাইকাৰী দোকান আছিল৷ ৰাজিয়াৰ মতে, “আগতকৈ অধিক ধন ঘটাৰ উপায় বিচাৰি আৰু আমাৰ উন্নত শিক্ষা ব্যৱস্থাৰ বিষয়ে চিন্তা কৰি” পিছলৈ তেওঁ মুম্বাইলৈ আহিবলৈ সিদ্ধান্ত ল’লে, য’ত সিহঁতৰ আইতাক আৰু পৰিয়ালৰ অন্য সদস্যসকল আগৰে পৰাই আছিল৷ তেওঁ এতিয়া নিজৰ ঘৰৰ কাষতে এখন গেলামালৰ দোকান খুলি লৈছে৷
দুইগৰাকী ভনীয়েকে দিনটোৰ সৰহভাগ সময় ওচৰৰে এ.ই. কলশেখৰ ডিগ্ৰী মহাবিদ্যালয়খনতে কটায়৷ তাতেই সিহঁত দুয়োজনীয়ে বি.এ. প্ৰথম আৰু দ্বিতীয় বৰ্ষত পঢ়ি আছে৷ ৰাজিয়াই কয়, সিহঁতৰ ঘৰৰ পৰা নিচেই ওচৰতে থকা ৰেহনুমা গ্ৰন্থাগাৰটোৰ পৰিৱেশে কিন্তু সিহঁতৰ গাঁৱত এৰি থৈ অহা ঘৰখনলৈ মনত পেলাই দিয়ে৷
উত্তৰ প্ৰদেশৰ হাৰাইয়া তহচিলৰ বাভনান গাঁৱৰ পৰা অহা বাশ্বিৰা শ্বাহক এই গ্ৰন্থাগাৰটোত কটোৱা সময়খিনিয়ে তেওঁক নিজৰ ঘৰৰ বিষয়ে চিন্তাৰ পৰা আঁতৰত ৰাখে৷ বাশ্বিৰাই ১৪ বছৰ বয়সতে বিয়াত বহিব লগা হয় আৰু তাৰ পাছতে গোন্দা চহৰৰ ওচৰৰ অশোকপুৰ গাঁৱত থকা গিৰীয়েকৰ ঘৰলৈ যাব লগা হয়৷ গিৰীয়েকে চৌদি আৰৱত এজন নিৰ্মাণ শ্ৰমিক হিচাপে কাম কৰিছিল৷ যোৱা দুবছৰ আগতে বিধৱা হোৱা ৩৬ বৰ্ষীয়া বাশ্বিৰাই মুমব্ৰাত তাইৰ মাক, দুজনী সৰু ভনীয়েক আৰু নিজৰ চাৰিটা সন্তানৰ সৈতে একেলগে থাকে৷
তাইৰ মাক-দেউতাক ২০০০ চনতে ইয়ালৈ গুচি আহিছিল, পিছে ২০১৭ চনৰ অক্টোবৰ মাহত তাইৰ দেউতাকৰ দেহাৱসান ঘটে৷ মছজিদ বুন্দৰত তেওঁৰ এখন শুকান ফলৰ দোকান আছিল যিখন বৰ্তমান বন্ধকত (লীজ) দিয়া হৈছে৷ বাশ্বিৰাৰ ১৬ আৰু ১৫ বছৰীয়া দুয়োটা ল’ৰাই নিজৰ স্কুলীয়া শিক্ষাই সমাপ্ত কৰিব নোৱাৰিলে৷ কিন্তু সৰুতে কেৱল ধাৰ্মিক শিক্ষা লাভ কৰা আৰু তৃতীয় শ্ৰেণীলৈ উৰ্দু পঢ়া বাশ্বিৰাই পুনৰাই পঢ়িব বুলি সিদ্ধান্ত গ্ৰহণ কৰিলে৷ তেওঁ ক’লে, “দৰাচলতে কোনোবাদিনা চমছিৰ আৰু ছিফাৰ লগত ইংৰাজীত কথা-বতৰা পাতিব পৰা হোৱাটোৱে মোৰ সপোন৷” তেওঁৰ একেবাৰে সৰুটো ল’ৰা ১২ বছৰীয়া চমছিৰ আৰু ৯ বছৰীয়া কন্যা ছিফাই ইংৰাজী মাধ্যমৰ মুমব্ৰা পাবলিক স্কুলত পঢ়ি আছে৷
‘ৰেহনুমা গ্ৰন্থাগাৰ’ নামটোত থকা ৰেহনুমা শব্দটোৰ অৰ্থ উৰ্দু আৰু হিন্দীত ‘পথ প্ৰদৰ্শক’৷ গ্ৰন্থাগাৰটো ২০০৩ চনত প্ৰতিষ্ঠিত৷ প্ৰতি দিনেই বিভিন্ন মহিলা ইয়ালৈ আহে আৰু হাঁহি-ফূৰ্তি কৰি কথা-বতৰাত মচগুল হৈ থাকে নাইবা কিতাপ উলিয়াই পঢ়া-শুনা কৰে৷ ‘আৱাজ-এ-নিছান’ নামৰ বেচৰকাৰী সংস্থাৰ পৰা লাভ কৰা অনুদানৰ সহায়ত আৰু তেওঁলোকে আৰ্থিক সাহায্য বিচাৰি আৰম্ভ কৰা এটা অভিযানৰ পৰা লাভ কৰা টকাৰ পৰাই এই গ্ৰন্থাগাৰটোৰ স্থাপন কৰা হৈছিল৷ গ্ৰন্থাগাৰটো বেচৰকাৰী সংগঠনটোৰ মুমব্ৰাস্থিত কেন্দ্ৰ হিচাবেও চলে, য’ত তেওঁলোকে মহিলাৰ শিক্ষাৰ উপৰিও বিভিন্ন ক্ষেত্ৰত আইনী সাহায্যও আগবঢ়ায় - কাৰণ বহুতো মহিলাই ইয়ালৈ বিবাহ বিচ্ছেদ, বহুবিবাহ বা ঘৰুৱা হিংসা ইত্যাদি সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় বিচাৰি আহে৷
এলেকাটো মুখ্যত মুছলমান সম্প্ৰদায়ৰ বাসিন্দাৰে ভৰি থকা কাৰণেই সংস্থাটোৱে গ্ৰন্থাগাৰতো স্থাপন কৰিবলৈ নিৰ্বাচন কৰিছিল৷ ‘আৱাজ-এ-নিছান’ৰ মুমব্ৰা কেন্দ্ৰৰ সমন্বয়ক য়াছমিন আগাৰ মতে আন এটা কাৰণ হ’ল - “এইবোৰ ঠাইত আচলতে মুছলমান মহিলাসকলে বোৰ্খাৰ আঁৰৰ পৰা ওলাই আহি ইজনে- সিজনৰ লগত ভালদৰে কথা- বতৰা পাতিবলৈ খুব কম সুবিধা পায় ৷” পোনপ্ৰথমে গ্ৰন্থাগাৰটোলৈ স্কুলত পঢ়া ছোৱালী আৰু সিহঁতৰ মাকবোৰহে আহিছিল, পিছে কলেজত পঢ়া ছোৱালীবোৰে গম পোৱাৰ পিছৰে পৰা সিহঁতো ইয়াত যোগদান কৰিবলৈ ইচ্ছুক হ’ল৷
এই গ্ৰন্থাগাৰটোত সৰ্বমুঠ ৩৫০ গৰাকী মহিলা পৃষ্ঠপোষক আছে আৰু তেওঁলোকৰ প্ৰায়ভাগেই বেলেগ বেলেগ গাঁৱৰ পৰা মুম্বাইলৈ প্ৰব্ৰজন হৈ অহা৷ তেওঁলোকে প্ৰতিবছৰে ১০০ টকা খৰচ কৰি গ্ৰন্থাগাৰটোত নিজৰ সদস্যপদৰ নবীকৰণ কৰে যাতে হাতত বিভিন্ন কিতাপ আৰু আলোচনী লৈ ঘৰলৈ উভতি আহিব পাৰে আৰু কেতিয়াবা কিতাপ পঢ়া ক্লাৱৰ সভা আৰু কৰ্মশালাতো অংশগ্ৰহণ কৰিব পাৰে ৷
জানুৱাৰী মাহৰ মাজভাগত অনুষ্ঠিত হৈ যোৱা কিতাপ পঢ়া ক্লাবৰ শেষৰখন সভাত ১২ গৰাকী যুৱতীয়ে মিৰ্জা গালিব আৰু ফেইজ আহমেদ ফেইজৰ দ্বাৰা বিৰচিত কবিতাসমূহৰ ওপৰত কিছু চৰ্চা কৰিছিল৷ গ্ৰন্থাগাৰিক ফেইজা খানে আমাক ক’লে, “পঢ়ুৱৈ কেইগৰাকী দুভাগত বিভক্ত হৈ পৰিছিল আৰু দুয়োটা দলেই ভাল পোৱা কবিজনক সৰ্বোত্তম বুলি আনটো দলে স্বীকাৰ কৰাতো কামনা কৰিছিল৷” ফেইজাই গালিবৰ সমৰ্থকৰ দলত আছিল যদিও অতি দৃঢ়ভাবে নিৰপেক্ষ স্থিতি গ্ৰহণ কৰিছিল৷
২৮ বছৰত ভৰি দিয়া ফেইজাই ১৯ বছৰ বয়সৰ পৰাই ৰেহনুমালৈ আহিবলৈ আৰম্ভ কৰিছিল৷ মুমব্ৰাতে জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা ফেইজাই ব্যৱস্থাপনা শিক্ষাত ডিগ্ৰী লাভ কৰিছে আৰু ২০১৪ চনতে গ্ৰন্থাগাৰৰ এই চাকৰিতো কৰিবলৈ প্ৰস্তাৱ পাইছিল৷ তেওঁ ক’লে, “ৰাজহুৱা স্থানসমূহত সদায় পুৰুষসকলেই দপ-দপাই ঘূৰি ফুৰে আৰু মহিলাসকলক নিজৰ ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰখা হয়৷” তেওঁ পুনঃসংযোগ কৰিলে, “এই গ্ৰন্থাগাৰটোত কোনো মহিলাই সংকোচেৰে থাকিব নালাগে, বৰং সুন্দৰকৈ বহি পুৰুষৰ নিচিনা কথা পাতিব পাৰে৷”
গ্ৰন্থাগাৰটোৰ চাবিকোছা তেওঁৰ লগত থকাৰ উপৰিও ওচৰ-পাজৰৰ পৰা ফুৰিবলৈ অহা অন্য মহিলাসকলকো গ্ৰন্থাগাৰৰ সদস্য হ’বলৈ তেওঁ উৎসাহ যোগায়৷ ইয়াৰ উপৰিও সকলোৰে ৰুচি অনুযায়ী কিতাপ যোগাৰ কৰিবলৈ তেওঁ চেষ্টা কৰে৷ তেওঁ আমাক জনালে, “উৰ্দু কিতাপসমূহেই মহিলাসকলৰ মাজত সৰ্বাধিক জনপ্ৰিয়৷” সেইকাৰণেই চাগৈ গ্ৰন্থাগাৰটোৰ ৫টা কাঠৰ আলমাৰিত থকা ৬০০০ খন কিতাপৰ ভিতৰৰ সৰহসংখ্যক কিতাপেই উৰ্দু ভাষাৰ!
তাত থকা জনপ্ৰিয় কিতাপৰ ভিতৰত বহুকেইখন পাকিস্তানী লিখক বিৰচিত৷ সেইবোৰ ইখন হাত, সিখন হাত কৰি বহুদূৰ ভ্ৰমি আহিছে৷ ইবন-এ-চাফিৰ অতি জনপ্ৰিয় চোৰাংচোৱা উপন্যাস ‘ইমৰাণ চিৰিজ’ আৰু ’জাছুচি দুনিয়া’ৰ পাতবোৰ হালধীয়া হৈ গৈছে৷ গ্ৰন্থাগাৰটোত ইবন-এ-চাফিৰ সৰ্বমুঠ ৭২ খন উপন্যাসৰ সংগ্ৰহাৱলী আছে৷
আটাইতকৈ বেছিসংখ্যক পঢ়ুৱৈয়ে পঢ়া সাহিত্যিক উমেৰা আহমেদৰ উপন্যাসৰ পৃষ্ঠাসমূহ অসংখ্য টোকাৰে ভৰ্তি হৈ পৰিছে আৰু এই কথাটোৱে ফেইজাক সম্পূৰ্ণৰূপে হতাশ কৰি তোলে৷ এইবোৰৰ উপৰিও তাত ৰাজিয়া বাট, ইছমাত চুগটাই, মুন্সী প্ৰেমচান্দ, চাদাত হাছান মণ্টো আদি সাহিত্যিকৰো কিতাপৰ সম্ভাৰ আছে লগতে উৰ্দু ভাষালৈ অনুবাদিত হোৱা শ্বেক্সপীয়েৰৰ কিতাপো পোৱা যায়৷ লগতে পোৱা যায় হেৰী পটাৰ চিৰিজৰ কিতাপসমূহ আৰু চেতন ভগতৰ জনপ্ৰিয় কিতাপ৷
উত্তৰ প্ৰদেশৰ গাজিপুৰ জিলাৰ খিজিৰপুৰ আলি নগৰ গাঁৱৰ পৰা মুমব্ৰালৈ অহা ২০ বৰ্ষীয় জৰ্দাব শ্বাহে সাহিত্যিক শ্বৰদ পাগাৰেৰ হিন্দীত বিৰচিত ৰহস্যধৰ্মী কিতাপ ‘উজালে কি তালাছ’ পঢ়ি আছে, কিন্তু আলমাৰিটোৰ একেবাৰে ওপৰৰ খোটালিটোত থকা ৱৰ্ল্ড বুক এনচাইক্লোপিডিয়াখনলৈও অতি উৎসাহেৰে লক্ষ্য কৰি আছে৷ বৰ দুখমনে তাই আমাক জনালে, “এই কিতাপবোৰ ঘৰলৈ লৈ যোৱাৰ অনুমতি আমাক দিয়া নাই! মই এই মেপবোৰ চাই চাই ছুইজাৰলেণ্ডলৈ এডভেন্সাৰ কৰিবলৈ যোৱাৰ কল্পনা কৰি ভাল পাওঁ৷”
এডভেন্সাৰৰ প্ৰথম সোৱাদ শ্বাহে তেতিয়া পায় যেতিয়া তেওঁ বানাৰস হিন্দু বিশ্ববিদ্যালয়ত ইংৰাজীত স্নাতকোত্তৰ শাখাত নামভৰ্তি কৰাৰ বাবে নিৰ্বাচিত হয়! কিন্তু তেওঁৰ মাক-বাপেকে তাইক যাব নিদিলে৷ তেওঁৰ দেউতাকে ট্ৰাক চলায় আৰু মাক গৃহিণী৷ তেওঁ ক’লে, “মই হোষ্টেলত থকাটো তেওঁলোকে বিচৰা নাছিল৷” তাৰ পৰিৱৰ্তে ইমান দিনে পঢ়া-শুনা কৰিবলৈ গাঁৱৰ খুৰাকৰ ঘৰত থকা জৰ্দাবক তেওঁলোকে মুমব্ৰালৈ নিজৰ লগত থাকিবলৈ লৈ আহিল৷ তাই বৰ্তমান মুম্বাইৰ এখন কলেজত নামভৰ্তি কৰাৰ কাৰণে চেষ্টা কৰি আছে৷ যেতিয়া ওচৰ-চুবুৰীয়াৰ কোনোবাই ৰেহনুমাৰ বিষয়ে তাইক জনালে, তাই লগে লগে ইয়াত যোগদান কৰিলে৷
“মই আচলতে গাঁৱত নিজৰ সময়বোৰ এনেই অপব্যয় কৰি আছিলো, কিন্তু এতিয়া ইয়ালৈ আহি মই পঢ়ি-শুনি নতুন কথা শিকাৰ সুযোগ পাইছো,” তাই আমাক ক’লে৷ মুমব্ৰাৰ পৰিৱেশৰ লগত নিজকে খাপ খুৱাবলৈ তাইৰ কিছু সময় লাগিল যদিও আজিকালি জৰ্দাবৰ গাঁওখনলৈ মনত নপৰে৷ তাই পুনৰাই ক’লে, “তাত কোনোধৰণৰ সুযোগ নাই আচলতে৷ তাত তুমি সৰু থাকোতে থাকি ভাল পাবা, কিন্তু ডাঙৰ হৈ অহাৰ লগে লগে তাত কৰিব লগা বিশেষ একো নাথাকে৷” এতিয়া তাই ৰেহনুমা গ্ৰন্থাগাৰটোৰ প্ৰতি এনেদৰে আকৰ্ষিত হৈ পৰিছে যে তাই ভাবে, “মই বিচৰা আটাইবোৰ এডভেন্সাৰ ইয়াতেই পাম যেন লাগিছে৷”
বম্বেত ১৯৯২ৰ গোষ্ঠী সংঘৰ্ষৰ পিছত বহুতো মুছলমান পৰিয়ালে বোম্বেৰ পৰা মুমব্ৰালৈ গুছি গৈছিল৷ চাফিয়া শেইখৰ পৰিয়ালটোও সেই সময়তেই দক্ষিণ মুম্বাইৰ ৱাৰ্লিৰ পৰা ইয়ালৈ গুচি আহিছিল৷ শাৰীৰিকভাবে কোনো ক্ষতি হোৱা নাছিল যদিও তেওঁলোক মানসিকভাবে সুস্থিৰ নাছিল৷ গিৰীয়েকৰ লগত বিবাহ-বিচ্ছেদ কৰিবলৈ আইনী সাহায্য বিচাৰি তেওঁ প্ৰথমবাৰ ৰেহনুমালৈ আহিছিল৷ বিয়াৰ আঠ মাহৰ পাছত গৰ্ভৱতী হোৱা চাফিয়াক গিৰীয়েকে এৰি থৈ গৈছিল৷ কিন্তু গ্ৰন্থাগাৰটোত থকা কিতাপৰ ভঁৰালটো দেখি চাফিয়াই চিন্তা কৰিলে, “সমাজৰ অন্য সকলো বস্তুৰ দৰে মহিলাসকলৰ কাৰণে কিতাপৰ ৰাজ্যখনো ঢুকি পোৱা কিমান কঠিন৷”
চাফিয়া আৰু তেওঁৰ মাক হসীনা বানোই সোনকালেই গ্ৰন্থাগাৰটোৰ সদস্য হ’ল৷ বৰ্তমান ২৭ বছৰত ভৰি থোৱা চাফিয়াই নিজৰ ৪ বছৰীয়া কন্যা মিছবাহ ফাতিমাক কিতাপ পঢ়ি শুনায়৷ শ্বেইখ পৰিয়ালৰ আটাইকেইজন সদস্যই এতিয়া গ্ৰন্থাগাৰটোৰ নিয়মীয়া পাঠক৷ তেওঁলোকে সপ্তাহত দুখনৰ পৰা তিনিখন কিতাপ আৰু আলোচনী পঢ়ে, য’ত বাকীবোৰৰ এখন কিতাপ পঢ়ি ঘূৰাই দিবলৈ কেবামাহো লাগি যায়!
চাফিয়াই বৰ্তমান এগৰাকী লেখত ল’বলগীয়া পাকিস্তানী উপন্যাসিক নেমৰাহ আহমেদৰ ’জন্নত কে পট্টে’ নামৰ কিতাপখন পঢ়ি আছে৷ এই কিতাপখনৰ কাহিনীতো মূলতঃ এগৰাকী ছোৱালীৰ ওপৰত হোৱা যৌন আতিশয্য আৰু হিংসাৰ ওপৰত ভিত্তি কৰি নিৰ্মিত, আৰু কাহিনীটোৰ মূল নায়কে ছোৱালীজনীক সহায় নকৰে! চাফিয়াই কয়, “নায়কজনে যে সদায় সকলোকে বিপদৰ পৰা উদ্ধাৰ কৰিব তেনে নহয়৷”
কিতাপবোৰৰ লোভনীয় সংগৰ উপৰিও এই গ্ৰন্থাগাৰটোৱে মহিলাসকলক ইজনে-সিজনৰ সংগ উপভোগ কৰাৰ সুবিধা প্ৰদান কৰিছে৷ এইখিনিতে জৰ্দাবে ক’লে, “ইয়াতে আমি যেনেকৈ মন যায় তেনেকৈ বহিব পাৰো, কথা পাতিব পাৰো, হাঁহি-ধেমালি কৰিব পাৰো৷ এই স্বাধীনতাখিনি আমি ঘৰত কোনোপধ্যেই নাপাওঁ৷” তেওঁলোকৰ এইকেইদিনৰ আড্ডাৰ প্ৰধান বিষয়বস্তু হ’ল তিনি তালাকৰ ওপৰত আধাৰিত জিটি.ভিৰ দ্বাৰা সম্প্ৰচাৰিত হোৱা ধাৰাবাহিক-ইস্ক সুভান আল্লা৷
এই যুৱতীসকলৰ কাৰণে অনিচ্ছা স্বত্ত্বেও চাকৰিটো গ্ৰহণ কৰা গ্ৰন্থাগাৰিক ফেইজা একপ্ৰকাৰৰ আদৰ্শস্বৰূপ হৈ পৰিছে৷ এতিয়া তেওঁ নিজেই প্ৰতিগৰাকী যুৱতীক একেলগে লৈ এনেকুৱা কিতাপবোৰৰ বিষয়ে আলোচনা কৰিব লৈছে যিবোৰ সাধাৰণতে তেওঁলোকে নিজে পঢ়িম বুলি বাছনি নকৰে৷ তেওঁ আলোচনা কৰা শেষৰখন কিতাপ আছিল ৰাণা আয়ুবৰ ২০০২ চনত গুজৰাটৰ সংঘৰ্ষবোৰৰ ওপৰত তদন্ত কৰা ‘গুজৰাট ফাইলছ’ নামৰ কিতাপখন৷ এইখন বৈঠক কিন্তু গালিব-ফাইজৰ কবিতাৰ ওপৰত হোৱা আলোচনাৰ দৰে আনন্দময় নাছিল, বৰং এক অতি গোমা পৰিৱেশত কিতাপখনৰ আলোচনা হৈছিল৷
অনুবাদ: ডেইটী