সুনীতা ভুৰকুতেৰ মাতৃভাষা ক’লামি, কিন্তু এইগৰাকী কপাহ খেতিয়কে দিনটোৰ বেছিভাগ সময় মাৰাঠী ভাষাতেই কথা পাতে। “আমাৰ কপাহ বিক্ৰী কৰিবলৈ বজাৰৰ ভাষা আমি জানিব লাগিব,” তেওঁ কয়।

মহাৰাষ্ট্ৰৰ য়াভাতমাল জিলাত ডাঙৰ-দীঘল হোৱা তেওঁৰ ক’লাম আদিবাসী পৰিয়ালটোৱে ঘৰত ক’লামি ভাষা কয়। সুনীতাৰ মনত পৰে কেনেকৈ তেওঁৰ সুৰ দেৱী প’ড় (চুবুৰী)ৰ মাহেৰত (মাকৰ ঘৰত) আজোককাকহঁতে স্থানীয় মাৰাঠী ভাষা কোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছিল। “তেওঁলোক কেতিয়াও স্কুললৈ যোৱা নাছিল, ভঙা ভঙা বাক্যত (মাৰাঠী) ভাষা কৈছিল,” তেওঁ কয়।

কিন্তু পৰিয়ালৰ অধিক সংখ্যক লোক স্থানীয় বজাৰত কপাহ বিক্ৰী কৰিবলৈ যাবলৈ আৰম্ভ কৰাত তেওঁলোকে ভাষাটো আয়ত্ব কৰিলে। এতিয়া তেওঁলোকৰ ভুলগাড় গাঁৱৰ তেওঁৰ প’ড়ৰ সকলো ক’লাম আদিবাসী লোক বহুভাষিক। তেওঁলোকে মাৰাঠী কয়, হিন্দীও দুই-এষাৰ ক’ব পাৰে আৰু অৱশ্যেই নিজৰ ক’লামি ভাষা কয়।

ক’লামি এক দ্ৰাবিড়মূলৰ ভাষা যিটো মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, তেলাংগনা আৰু চত্তীশগড়ত বহুসংখ্যকে কয়। ইউনেস্ক’ৰ এটলাচ অৱ দা ৱৰ্ল্ডচ্ লেংগুৱেজেচ ইন ডেঞ্জাৰত এই ভাষাটোক ‘নিশ্চিতভাৱে বিপন্ন’ বুলি তালিকাভু্ক্ত কৰা হৈছে, এই তালিকাত থকা মানে শিশুচামে এতিয়া আৰু এই ভাষাটো মাতৃভাষা হিচাপে নলয়।

“পান আমচি ভাষা কমি হোত নহী। আমহি ৱাপাৰতাত (কিন্তু আমাৰ ভাষাটো মৰি যোৱা নাই, আমি সেয়া ব্যৱহাৰ কৰি আছো),” ৪০ বৰ্ষীয় সুনীতাই যুক্তি দিয়ে।

PHOTO • Ritu Sharma
PHOTO • Ritu Sharma

সুনীতা ভুৰকুতে (বাওঁফালে), এগৰাকী ক’লাম কপাহ খেতিয়ক। মহাৰাষ্ট্ৰৰ য়াভাতমালৰ ভুলগাড় গাঁৱৰ ক’লাম জনজাতিটোৰ সামূহিক পঞ্জীয়নৰ তথ্য চোৱাচিতা কৰে প্ৰেৰণা গ্ৰাম বিকাশ (সোঁফালে) নামে এটা বেচৰকাৰী সংস্থাই

মহাৰাষ্ট্ৰত ক’লাম আদিবাসীসকলৰ জনসংখ্যা ১৯৪,৬৭১ (ভাৰতত জনজাতীয় লোকৰ পাৰিসাংখ্যিক ৰূপৰেখা, ২০১৩ ), কিন্তু আধাতকৈ কম সংখ্যকে লোকপিয়লত ক’লামিক মাতৃভাষা বুলি লিখে।

“আমাৰ ল’ৰা-ছোৱালী যেতিয়া স্কুললৈ যায়, তেতিয়া তেওঁলোকে মাৰাঠী শিকে। এই ভাষাটো টান নহয়, কিন্তু ক’লামি টান,” সুনীতাই কয়। “আমাৰ ভাষা ক’বপৰা তাত কোনো মাষ্টৰ (শিক্ষক) নাই।” তেঁৱো দ্বিতীয়মানলৈ মাৰাঠী মাধ্যমত পঢ়িছিল যদিও দেউতাকৰ মৃত্যু ঘটাত পঢ়া এৰিলে।

পাৰিয়ে সুনীতাক লগ পাওঁতে তেওঁ নিজৰ তিনি একৰ খেতিমাটিত কপাহ চিঙা কামত ব্যস্ত আছিল। “ঋতু শেষ হোৱাৰ আগেয়ে কপাহবোৰ চিঙিব লাগিব,” কথা কৈ যোৱাৰ মাজতে তেওঁৰ হাতদুখন ক্ষীপ্ৰগতিত চলিছে আৰু ছন্দোময় হাতেৰে তোলা বগা বগা কপাহেৰে তেওঁৰ ওডি আধা ভৰ্তি হৈ গৈছে।

“এয়া কপাচ (মাৰাঠীত কপাহ)ৰ শেষৰ দুটা তাছ (মাৰাঠী আৰু ক’লামি ভাষাত শাৰী),” সুনীতাই কয়। তেওঁ নিজৰ কাপোৰৰ ওপৰত চাৰ্ট এটা পিন্ধি লৈছে, নহ’লে “শুকান ৰেক্কা (ক’লামিত বৃতি বুজায়) আৰু গাড্ডি (ক’লামি ভাষাত বন)বোৰ মোৰ শাড়ীখনত লাগি ধৰে আৰু ফালি যায়।” ৰেক্কা হৈছে কপাহৰ কোঁহ এটাৰ ঠাৰিৰ চাৰিওফালে থকা আৱৰণ, যিটোৱে কপাহৰ ফুলটো ধৰি থাকে আৰু গাড্ডি হৈছে কপাহৰ খেতিপথাৰত পোৱা এবিধ অলাগতিয়াল বন।

আবেলিৰ ভাগত উষ্ণতা বৃদ্ধি হোৱা দেখি তেওঁ চেলাংগা এখন মুৰত মেৰিয়াই লৈছে। চেলেংগা হৈছে সুৰ্য্যৰ প্ৰকোপৰ পৰা হাত সাৰিবলৈ ব্যৱহাৰ কৰা কম দৈৰ্ঘ্যৰ এখন কপাহী কাপোৰ, যিখন সুৰ্য্যৰ প্ৰখৰ ৰ’দৰ পৰা বাচিবলৈ মুৰত মেৰিয়াই লোৱা হয়। কিন্তু আটাইতকৈ লাগতিয়াল কাপোৰখন হৈছে ওডি। ওডি হৈছে এখন দীঘল কপাহী শাড়ী, যিখন কান্ধৰ পৰা নিতম্বলৈ মেৰিয়াই লোৱা হয় য’ত কপাহবোৰ চপোৱা হয়। গোটেই দিনটো সেইখন লাগে, কম কম সময়ৰ বিৰতিৰে তেওঁলোকে সাত ঘণ্টালৈ কাম কৰে। কেৱল ঈৰ (ক’লামি ভাষাত পানী) খাবলৈহে তেওঁলোকে বিৰতি লয়।

PHOTO • Ritu Sharma
PHOTO • Ritu Sharma

সুনীতাই তেওঁৰ তিনি একৰ খেতিমাটিত কপাহৰ খেতি কৰে। ‘চিজন শেষ হোৱাৰ আগতেই কপাহ চপাব লাগিব।’ তেওঁ গোটেই দিনটো কপাহ তোলা কাম কৰে, কেৱল এঢোক ঈৰ (ক’লামি ভাষাত পানী) খাবলৈহে বিৰতি লয়

PHOTO • Ritu Sharma
PHOTO • Ritu Sharma

কপাহৰ গছে শাড়ীখন ফালিব বুলি সুনীতাই শাড়ীৰ ওপৰত চোলা এটা পিন্ধি লৈছে। আবেলিৰ ৰ’দটো চোকা হৈ অহা বাবে তেওঁ চেলাংগা এখনো মূৰত মেৰিয়াই লৈছে। চেলাংগা হৈছে সুৰ্য্যৰ প্ৰখৰ ৰ’দৰ পৰা বাচিবলৈ মূৰত মেৰিয়াই লোৱা এবিধ বস্ত্ৰ। লগতে কপাহ চপাই ৰাখিবলৈ কান্ধৰ পৰা নিতম্বলৈ এখন ওডিও মেৰিয়াই লৈছে

ঋতু উকলে মানে (জানুৱাৰী, ২০২৪) সুনীতাই ২০২৩ৰ অক্টোবৰৰ পৰা ১,৫০০ কিলোগ্ৰাম কপাহ চিঙিছে: “কপাহ চপোৱা কামটো মোৰ বাবে টান কাম নহয়। মই খেতিয়ক পৰিয়ালৰ পৰা অহা।”

প্ৰায় ২০ বছৰমান বয়সতে তেওঁৰ বিয়া হৈছিল। কিন্তু তেওঁৰ গিৰীয়েক তাৰে ১৫ বছৰমান পিছতে ২০১৪ত ঢুকায়। “তিনিদিন ধৰি তেওঁৰ জ্বৰ উঠি আছিল।” তেওঁৰ গা আৰু বেছি বেয়া হোৱাত য়াভাতমালৰ জিলা হস্পিতালত সুনীতাই তেওঁক ভৰ্তি কৰালে। “হঠাত ঘটনাটো ঘটিছিল। এতিয়াও তেওঁৰ মৃত্যুৰ কাৰণ মই নাজানো।”

তেতিয়া সুনীতাৰ সংসাৰত থাকিল দুটা সন্তান। “মোৰ মানুহটো ঢুকাওতে অৰ্পিতা আৰু আকাশৰ বয়স মুঠে ১০ বছৰমান আছিল। খেতিলৈ অকলে যাবলৈ ভয়ো লাগিছিল।” তেওঁ ভাবে যে মাৰাঠী ভাষাটো শিকি উঠা কাৰণে চুবুৰীয়া খেতিয়কৰ বিশ্বাস তেওঁ জিনিব পাৰিলে। “আমি বজাৰত নাইবা পথাৰত তেওঁলোকৰ ভাষাই ক’ব লাগে, আমাৰ ভাষানো কোনে বুজি পাব?” তেওঁ প্ৰশ্ন কৰে।

তেওঁ খেতি অব্যাহত ৰাখিলে যদিও পুৰুষৰ দখলত থকা কপাহৰ বজাৰখনত বহু মানুহে তেওঁৰ বিৰোধিতা কৰিছিল। সেয়ে তেওঁ তাৰপৰা আঁতৰি থাকিছিল। “মই কেৱল কপাহখিনি চপাইছিলো, আকাশে (তেওঁৰ পুত্ৰই) সেইখিনি বিক্ৰীৰ দিহা কৰিছিল।”

কপাহ চপাই থকাৰ মাজতে সুনীতা ভুৰকুতেয়ে কথা পাতিছে

সুনীতা ভুৰকুতেৰ মাতৃভাষা ক’লামি, কিন্তু দিনটোৰ বেছিভাগ সময় তেওঁ মাৰাঠী ভাষাতেই কথা পাতে। ‘কপাহ বিক্ৰি কৰিবলৈ আমি বজাৰৰ ভাষা জানিবই লাগিব,’ তেওঁ কয়

*****

ক’লাম আদিবাসীসকল মহাৰাষ্ট্ৰত বিশেষভাৱে বিপন্ন জনজাতীয় গোট (পিভিটিজি) হিচাপে তালিকাবদ্ধ। অন্ধ্ৰপ্ৰদেশ, তেলাংগনা, মধ্যপ্ৰদেশ আৰু চত্তীশগড়তো তেওঁলোকৰ বসতি আছে।

মহাৰাষ্ট্ৰত সম্প্ৰদায়টোৱে নিজকে ‘ক’লাৱৰ’ বা ‘ক’লা’ বুলি পৰিচয় দিয়ে, যিটোৰ মোটামুটি অৰ্থ বাঁহ বা কাঠৰ মাৰি। তেওঁলোকৰ পৰম্পৰাগত জীৱিকা আছিল বাঁহৰ খৰাহি, কঠ, কুলা-চালনি আদি সাজি উলিওৱা।

সুনীতাৰ মনত আছে, “যেতিয়া মই সৰু আছিলো, ককাদেউতাহঁতক ভেদুৰ (বাঁহ)ৰ পৰা নিজৰ ব্যৱহাৰৰ বাবে সামগ্ৰী সাজি উলিওৱা দেখিছিলো।” তেওঁলোকে হাবিৰ পৰা ভৈয়ামলৈ প্ৰব্ৰজন কৰাৰ ফলত ঘৰৰ পৰা হাবিৰ দূৰত্ব বাঢ়িবলৈ ধৰে, “মোৰ মা-দেউতাই কেতিয়াও সেই কাম নিশিকিলে,” সেয়ে তেওঁৰো শিকা নহ’ল।

খেতিয়েই মোৰ জীৱিকা আৰু “যদিও মোৰ নিজা খেতি আছে, তথাপি যদি খেতি বেয়া হয়, মই আনৰ খেতিপথাৰত গৈ কাম কৰিব লাগিব,” ক’লাম জনজাতিৰ খেতিয়কৰ মনোভাৱ ব্যক্ত কৰি তেওঁ কয়। তেওঁলোকৰ গৰিষ্ঠসংখ্যকেই কৃষিশ্ৰমিক হিচাপে কাম কৰি আছে আৰু কৃষি ঋণ আৰু ধাৰবোৰ মাৰিব পৰা নাই। সুনীতাই ২০২৩ৰ জুনত বীজ সিচাৰ সময়ত ৪০,০০০ টকাৰ ঋণ লৈছিল।

“কপাহ বিক্ৰী কৰাৰ পিছত জুন মাহলৈ একো কাম নাই। মে’ মাহটো আটাইতকৈ কঠিন মাহ,” তেওঁ কয়। তেওঁ মোটামুটি ১,৫০০ কিলোগ্ৰাম কপাহ চপাইছে আৰু কিলোত ৬২-৬৫ টকা পায়, “মানে প্ৰায় ৯৩,০০০ টকা। চাহুকাৰক (সুদখোৰ)ৰ ২০,০০০ টকাৰ সুতসহ ঋণ পৰিশোধৰ পিছত গোটেই বছৰটোৰ বাবে মোৰ হাতত কোনোমতে ৩৫,০০০ টকা থাকিব।”

PHOTO • Ritu Sharma
PHOTO • Ritu Sharma

আন ক’লাম আদিবাসীৰ দৰে (বিশেষভাবে বিপন্ন জনজাতীয় গোট) সুনীতাই কয় যে খেতি ভাল নহ’লে ‘মই বেলেগৰ খেতিত কাম কৰিবলৈ যাম।’ বহু ক’লাম জনজাতীয় লোকে কৃষিশ্ৰমিক হিচাপে কাম কৰে আৰু তেওঁলোকৰ কৃষিঋণ আৰু ধাৰ পৰিশোধ কৰিবলৈ বহুত কষ্ট কৰিবলগীয়া হৈছে

PHOTO • Ritu Sharma
PHOTO • Ritu Sharma

বাওঁফালে: ঘুবড়হেটী গাঁৱৰ মহিলাসকলে মকৰ সংক্ৰান্তি উদযাপন কৰিছে। সোঁফালে: সামূহিক বীজৰ ভঁৰালত বীজবোৰ সংৰক্ষণ কৰা হৈছে

স্থানীয় বিক্ৰেতাই তেওঁক কম পৰিমাণে পইচা দিয়ে যদিও সেয়া প্ৰতিবছৰে বাৰিষা পৰাৰ আগেয়ে পৰিশোধ কৰিব লাগে। “ইচকা ৫০০, উচকা ৫০০ দৌ, য়েহ সব কৰতে কৰতে সব খতম! কুছ ভী নহী মিলতা... চাৰে দিন কাম কৰৌ ঔৰ মৰৌ! (ইয়াৰ পাঁচশ, তাৰ পাঁচশ.. এনেকৈ আক-তাক দিওতে পইচাবোৰ শেষ হয়...শেষত হাতত একো নাবাচে। এনেকৈয়ে গোটেই দিনটো কাম কৰি মৰিব লাগে),” তেওঁ হাঁহি মাৰি কয় যদিও ইতস্বতঃবোধ কৰি আনফালে চাই ৰয়।

তিনিটা বছৰ আগতে সুনীতাই ৰাসায়নিক খেতি এৰি জৈৱ কৃষিত ধৰিছে। “মই মিশ্ৰ পীক চেতি (মিশ্ৰিত খেতি) কৰিবলৈ ল’লো,” তেওঁ কয়। গাঁৱৰ মহিলা খেতিয়কসকলে স্থাপন কৰা বীজ বেংকৰ পৰা তেওঁ মগু, ক’লামাহ, জোৱাৰ, বাজৰা, তিল, মাকৈ, ৰহৰ মাহৰ বীজ পাইছে। আচলতে যোৱাবছৰ মে’ আৰু জুন মাহত একো কাম নোপোৱাত তেওঁ ৰহ আৰু মগুৰ খেতি কৰিয়ে চলিব পাৰিছিল।

কিন্তু এটা সমস্যা শেষ হয়হে, আন এটা আহি উপস্থিত হয়। ৰহৰ খেতি ভাল হ’ল যদিও মগুৰ খেতিখন বিপদে পালে। “বনৰীয়া গাহৰিয়ে আহি খেতিখন নষ্ট কৰিলে,” তেওঁ কয়।

*****

বেলি ডুবিবৰ হৈছে, সুনীতাই কপাহখিনি মুডি (ঘুৰণীয়া টোপোলা) কৰি লৈছে। দিনটোৰ কাম তেওঁ শেষ কৰিব পাৰিছে। শেষ শাৰীকেইটাৰ পৰা তেওঁ প্ৰায় ছয় কিলোগ্ৰাম কপাহ পাইছে।

কাইলৈৰ বাবে আজিয়েই তেওঁ কি কৰিব ঠিক কৰি থৈছে: চপোৱা কপাহখিনিৰ পৰা কেঁচৰা (ক’লামি ভাষাত আৱৰ্জনা) আৰু শুকান ৰেক্কাবোৰ আঁতৰাব লাগিব। তাৰে পৰৱৰ্তী দিনত কাম হ’ব: সেয়া বজাৰৰ বাবে সাজু কৰা।

PHOTO • Ritu Sharma
PHOTO • Ritu Sharma

কপাহখিনি ঘৰত মজুত কৰি ৰাখিবলৈ মুডি (ঘুৰণীয়া টোপোলা) কৰি লোৱা হৈছে

“আন একো ভাবিবলৈ সময় নাই (খেতিখনৰ বাদে),” ক’লামি ভাষাটো বিপন্ন হৈ পৰা সংক্ৰান্তত তেওঁ কয়। সুনীতা আৰু তেওঁৰ সম্প্ৰদায়ৰ লোকে মাৰাঠী নাজানোতে “সকলোৱে কৈছিল ‘মাৰাঠীত কোৱা! মাৰাঠীত কোৱা!’” এতিয়া আকৌ ভাষাটো বিপন্ন হৈ পৰাত “সকলোৱে আমাক ক’লামিত কথা ক’বলৈ কয়,” তেওঁ মিচিক কৰে হাঁহি মাৰি কয়।

“আমি আমাৰ ভাষা কওঁ। আমাৰ ল’ৰা-ছোৱালীয়েও কয়,” তেওঁ জোৰ দি কথাটো কয়। “বাহিৰলৈ ওলাই গ’লেহে আমি মাৰাঠী ভাষা কওঁ। ঘৰলৈ আহি আকৌ আমি আমাৰ ভাষাতে কথা পাতো।”

“আপলি ভাষা আপলিচ ৰাহিলি পাহিজে (আমাৰ ভাষাটো আমাৰ হৈয়েই থকা উচিত)। ক’লামি ক’লামি হৈ থাকক, মাৰাঠী মাৰাঠী। সেয়াই কথা আৰু।”

প্ৰতিবেদকে প্ৰেৰণা গ্ৰাম বিকাশ সংস্থাৰ মাধুৰী খাড়ছে আৰু আশা কাৰেৱাৰ লগতে ক’লামি ভাষাৰ ভাঙনিত সহায়ৰ বাবে সাইকিৰণ টেকামক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছে।

ভাৰতৰ বিপন্ন আৰু বিলুপ্তপ্ৰায় ভাষাবোৰ সেই ভাষা কোৱা লোকৰ কণ্ঠ আৰু জীৱনৰ অভিজ্ঞতাৰ যোগেদি নথিবদ্ধ কৰাৰ উদ্দেশ্যে পাৰিৰ এই বিপন্ন ভাষাৰ প্ৰকল্প (ইএলপি)।

অনুবাদ: পংকজ দাস

Ritu Sharma

रितू शर्मा हिने भाषाशास्त्रात एमए केले असून तिला भारताच्या विविध बोली भाषांचं जतन आणि पुनरुज्जीवन यासाठी काम करायचं आहे. सध्या ती लोप पावत असलेल्या भाषाविषयक एका प्रकल्पावर पारीसोबत काम करत आहे.

यांचे इतर लिखाण Ritu Sharma
Editor : Sanviti Iyer

Sanviti Iyer is Assistant Editor at the People's Archive of Rural India. She also works with students to help them document and report issues on rural India.

यांचे इतर लिखाण Sanviti Iyer
Editor : Priti David

प्रीती डेव्हिड पारीची वार्ताहर व शिक्षण विभागाची संपादक आहे. ग्रामीण भागांचे प्रश्न शाळा आणि महाविद्यालयांच्या वर्गांमध्ये आणि अभ्यासक्रमांमध्ये यावेत यासाठी ती काम करते.

यांचे इतर लिखाण Priti David
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

यांचे इतर लिखाण Pankaj Das