আমাৰ দৰে তেওঁৰো আচৰিত হোৱাৰ পাল।
আমি দেখি আচৰিত হৈছিলো যে তেওঁ কেনেকৈ সেই খেৰৰ দ’মটোৰ একেবাৰে ওপৰত চাইকেলখন ওলমাই নিছে। কায়দাটো কি আচলতে? সেইফালে আকৌ খেৰৰ দ’মটোৰ ওপৰৰ পৰা তেওঁ আমাৰ কাৰবাৰ দেখি আচৰিত হৈছিল। ভাবিছিল চাগে, কিনো অহৌবলিয়া মানুহ ! এনেকৈ চলন্ত গাড়ীৰ খিৰিকীৰে আধাটো মানুহ ওলাই থাকি কোনোবাই ফটো তোলেনে? ফটো তুলিবলৈ গৈ দেখোন ৰাস্তাতে ওলাই পৰিব এতিয়া (আইফোন থ্ৰী এছটোৰে মই ফটো ল’বলৈ চেষ্টা কৰাৰ ভংগীমাটো তেনেকুৱাই আছিল চাগে)।
সেয়া আছিল ২০০৯ৰ অক্টোবৰ মাহৰ কথা। আমি অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা আৰু গুণ্টুৰ জিলাৰ মাজৰ কোনোবাখিনিত বেগেৰ গাড়ী চলাই গৈ আছিলো। আমি দূৰৰ পৰা তেওঁক যেতিয়া দেখিলো, অলপ আচৰিতেই পালো। আচৰিত কিটিপ এটা কৰি তেওঁ চাইকেলখন খেৰৰ ওপৰত ওলমাই আনিছে। খেৰৰ দ’মটোৰ ওপৰত বহি আমালৈ তেওঁৰো দৃষ্টি আকৰ্ষিত হৈছে। বোজাটো আছিল খুবেই ডাঙৰ। গাড়ীখনৰ দীঘে-পথালিয়ে ওলাই থকা খেৰবোৰে গাড়ীখন এনেকৈ ঢাকি পেলাইছিল যে কি গাড়ী আমি ধৰিবই পৰা নাছিলো। কাষ চাপি আহোতেহে জানিব পাৰিলো যে সেইখন ট্ৰেক্টৰ এখনৰ ট্ৰলী কাৰ্ট।
কাষ চাপি আহিহে আমি দেখিলো যে (আপুনি ফটোখন ভালকৈ চালে দেখিব) বাঁহ এডালৰ আগটো খেৰৰ মাজেৰে ওলাই আছে। তাতেই চাইকেলখন কোনোমতে ওলমাই থোৱা আছে, নে ৰছীৰে বন্ধা আছে, সেয়া ধৰিব নোৱাৰি। দেখাত কিন্তু ৰছী নাই। গাঁৱৰ কোনো ৰাস্তাত সোমাই যোৱাৰ আগেয়ে সেই দৃশ্যটো কেমেৰাৰে ধৰি ৰখাৰ ইচ্ছা প্ৰৱল হৈ পৰিল, সেয়ে খিৰিকীৰে তেনেকৈ আধা ওলাই আহি ফটোখন লোৱা হ’ল। তাৰপিছত আমি এখন দলং পাৰ হৈ দুটা ভিন্ন দিশত গতি কৰিলো। আমি ফটোখন ভাল আহিল নে নাই চালো। সিফালে তেওঁ গাঁৱৰ ওখোৰা-মোখোৰা ৰাস্তাত পৰি নাযাবলৈ খেৰতে খামুচি ধৰি থাকিল চাগে।
অনুবাদ: পংকজ দাস