“পশ্চিমবংগৰ মানুহে ডুলি বনাব নাজানে।”
ববন মাহাতোই এনেয়ে এইষাৰ কথা কোৱা নাই। তেওঁ বৃহদাকাৰ ধান থোৱা ডুলিৰ কথা কৈছে। ধান থ’বলৈ ব্যৱহাৰ কৰা তেওঁ বনোৱা এই ডুলি ছফুট পৰ্য্যন্ত ওখ আৰু চাৰিফুট পৰ্য্যন্ত বহল।
ইমান খাৰাংখাচকৈ কথাষাৰ কৈ দিয়াত আমাৰ বুজিবলৈ সময় লাগিল, চুবুৰীয়া বিহাৰৰ মাহাতোই ক’লে, “আচলতে ডুলি বনোৱাটো ইমান সহজ কাম নহয়।” তেওঁ তেতিয়া ডুলি বনোৱাৰ প্ৰক্ৰিয়াটো এফালৰ পৰা কৈ গ’ল, “ডুলি এটা বনাবলৈ ভালেখিনি প্ৰস্তুতি লাগে। কান্দা সাধনাৰ পৰা আৰম্ভ কৰি কাম সাধনা, তালি বিথানা, খাড়া কৰনা, বুনাই কৰনা, তেৰি চাধনা (বাঁহৰ দীঘল উলন্ব আৰু অনুভূমিক কাঠী তোলা, ঘূৰণীয়া ফ্ৰেমটো বনোৱা, ডুলিটো থিয় কৰোৱা, তাক বৈ উলিওৱা আৰু তাৰপিছত দৈবোৰ পাক খুওৱাই মোখনি মৰা)।”





















