প্ৰথমবাৰ যেতিয়া ১৮ বৰ্ষীয় সুমিতে (নাম সলনি কৰা হৈছে) জিলা চৰকাৰী হস্পিতাল এখনত বুকুৰ পুনৰ্গঠনৰ শল্যচিকিৎসাৰ বিষয়ে সুধিবলৈ গৈছিল, হস্পিতাল কৰ্তৃপক্ষই তেওঁক তাত অগ্নিদগ্ধ হোৱা ৰোগী হিচাপে ভৰ্তি হোৱাৰ পৰামৰ্শ দিছিল।
জন্মপ্ৰদত্ত দেহটোৰ পৰিৱৰ্তন ঘটাই নিজে যিটো দেহত তেওঁলোক খাপ খায়, সেই দেহটো পোৱাৰ বাবে যি এক শল্যচিকিৎসাৰ উপায় আছে, সেই উপায় সাধনৰ বাবে ভাৰতৰ ৰূপান্তৰকামী লোকে চিকিৎসাৰ আইনী মেৰপেচৰ মাজেৰে পাৰহ’বলগীয়া হয়। কিন্তু মিছা কথা কোৱাৰ পিছতো সি কামত নিদিয়।
সুমিতে তেওঁৰ ‘টপ চাৰ্জাৰি’, হস্পিতালত যিটো নাম সাধাৰণতে মুখে মুখে কোৱা হয়, সেই শল্য চিকিৎসাৰ বাবে কাগজ-পাতি ঠিক-ঠাক কৰা, শেষ হৈ নহা মনস্তাত্ত্বিক মূল্যায়ন, চিকিৎসা পৰামৰ্শ আৰু ঋণকে ধৰি লাখৰো অধিক ব্যয়, পৰিয়ালৰ সৈতে সম্পৰ্কৰ তিক্ততা আৰু তেওঁৰ পূৰ্বতে থকা বক্ষস্থলৰ প্ৰতি অপৰিৱৰ্তিত অসন্তুষ্টিৰ আঠোটা বছৰ পাৰ কৰিবলগীয়া হ’ল। ৰোহটকৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰৰ হিছাৰস্থিত ব্যক্তিগত খণ্ডৰ হস্পিতাল এখনত সেয়া কৰা হ’ল।
অপাৰেচনৰ ডেৰ বছৰ পাৰ হৈ গ’ল, ২৬ বৰ্ষীয় সুমিতে এতিয়াও পিঠি কুঁজা কৰি খোজ কাঢ়ে। চাৰ্জাৰিৰ আগৰে পৰা এই অভ্যাস তেওঁৰ থাকি গ’ল। তেতিয়া তেওঁৰ বক্ষস্থল আছিল লজ্জা আৰু সংকোচবোধৰ কাৰণ।
ভাৰতত এনেকৈ কিমান ব্যক্তি আছে যিয়ে জন্মতে লৈ অহা লিংগ পৰিচয়ৰ সলনি কৰি আন লিংগ পৰিচয় বিচাৰে, তাৰ কোনো শেহতীয়া পৰিসংখ্যা নাই। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সহযোগত কৰা এক অধ্যয়নত ভাৰতত ৰূপান্তৰকামী ব্যক্তিৰ সংখ্যা ২০১৭ চনত ৪.৮৮ লাখ বুলি উল্লেখ কৰা হৈছে।
২০১৪ৰ ৰাষ্ট্ৰীয় আইনী সেৱা কৰ্তৃপক্ষ বনাম কেন্দ্ৰ চৰকাৰ গোচৰত উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায়দান দিছিল। তাত সৰ্বোচ্চ ন্যায়ালয়খনে “তৃতীয় লিংগ”ৰ স্বীকৃতি দিছিল আৰু “স্ব-চিনাক্তকৃত” লিংগ পৰিচয় দাঙি ধৰাৰ অধিকাৰৰো স্বীকৃতি দিছিল। তদুপৰি ভাৰত চৰকাৰক তেওঁলোকৰ স্বাস্থ্যসেৱা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিছিল। পাঁচ বছৰ পিছত ৰূপান্তৰকামী ব্যক্তিৰ (অধিকাৰৰ সুৰক্ষা) আইন, ২০১৯য়ে উক্ত সম্প্ৰদায়ৰ লোকসকলক সামগ্ৰিক ৰূপত চিকিৎসা সাহায্য যেনে জেণ্ডাৰ-এফাৰ্মেচন চাৰ্জাৰি, হৰমনৰ থেৰাপী আৰু মানসিক স্বাস্থ্য সেৱা আদি যোগানত চৰকাৰৰ ভূমিকা সবল কৰাৰ বাবে নিৰ্দেশ দিয়ে।









