আহেমাডোছ চিতাৰমেকাৰে পেৰিচলৈ যাব পাৰিলেহেতেঁন, কিন্তু তেওঁৰ দেউতাকে সেয়া হ’বলৈ নিদিলে। “যদিহে তই বাহিৰৰ পৃথিৱীখন দেখা পাৱ, তেন্তে আৰু ঘূৰিয়েই নাহিবি,’’ দেউতাকে যাবলৈ মানা কৰি কৈছিল। তাহানিৰ সেই দিনবোৰ মনলৈ অহাত ৯৯ বছৰীয়া আহেমাডোছে এমোকোৰা হাঁহিৰে কৈছিল।
আহেমাডোছৰ যেতিয়া ৩০ বছৰ বয়স আছিল তেতিয়া পেৰিছৰ পৰা দুগৰাকী মহিলাই ধ্ৰুপদী বাদ্য চেতাৰ প্ৰস্তুতৰ কলা শিকিবলৈ তেওঁ চহৰখনলৈ আহিছিল। “কেবাঠাইতো ঘূৰি-পকি তেওঁলোক মোৰ কাষ পাইছিল আৰু মই শিকাবলৈ লৈছিলো,’’ মিৰাজৰ চেতাৰমেকাৰ গলিত থকা তেওঁলোকৰ দুমহলীয়া ঘৰটোৰ তলৰ মহলাত বহি কৈ গৈছিল তেওঁ। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি তেওঁলোকৰ পৰিয়ালটোৱে এই ঠাইতে বসবাস কৰাৰ লগতে কামো কৰি আহিছে।
তেওঁ কৈ গৈছে, “তেতিয়া আমাৰ ঘৰত স্নানাগাৰৰ ব্যৱস্থা নাছিল। কিন্তু আমি এদিনতে সেই ব্যৱস্থা কৰি লৈছিলো, কাৰণ আমি কৰাৰ দৰে বিদেশী আলহীক বাহিৰলৈ যাবলৈ ক’বলৈ সত নগৈছিল।’’ কথাখিনি কৈ থকাৰ সময়তে চেতাৰ বাজি উঠাৰ মৃদু ধ্বনি শুনা গৈছিল। তেতিয়া তেওঁৰ পুত্ৰ গাউছ চেতাৰমেকাৰে হয়তো কাম কৰি আছিল।
আহেমাডোছৰ ঘৰত যুৱতী মহিলাদুগৰাকী প্ৰায় ৯ মাহ ধৰি আছিল। কিন্তু শেষৰ কথাখিনি শিকাৰ পূৰ্বে তেওঁলোকৰ ভিছাৰ ম্যাদ উকলি যাবৰ হৈছিল। তাৰ কেইমাহমান পিছত যুৱতী দুগৰাকীয়ে বাকী থকাখিনি শিকাই দিবলৈ তেওঁক পেৰিছলৈ আমন্ত্ৰণ জনাইছিল।
কিন্তু পিতৃৰ কথামতে তেওঁৰ পেৰিছলৈ আৰু যোৱা নহ’ল। চেতাৰ প্ৰস্তুতৰ বাবে প্ৰসিদ্ধ মহাৰাষ্ট্ৰ ছাংলি জিলাতে এগৰাকী চেতাৰ প্ৰস্তুত কৰা শিল্পী হিচাপেই চলি থাকিল সাধাৰণ জীৱন। আহেমাডোছৰ পৰিয়ালটোৰ ৭ টা প্ৰজন্মই যোৱা প্ৰায় ১৫০ বছৰ ধৰি এই কামৰ সৈতে জড়িত হৈ আছে। বৰ্তমান তেওঁ ৯৯ বছৰত ভৰি দিছে যদিও এতিয়াও কাম কৰিয়েই গৈছে।












