জশুৱা বোধিনেত্ৰই স্তৱককেইটা পাঠ কৰা শুনক


সৰস্বতী বৌৰি বিবুদ্ধিত পৰিল।

তাইৰ সবুজ সাথী চাইকেলখন চুৰি হোৱাৰ পিছৰে পৰা স্কুললৈ যোৱাটো তাইৰ বাবে প্ৰত্যাহ্বানৰ দৰেই হৈ পৰিছে। ৰাজ্যৰ চৰকাৰী স্কুলত পঢ়া নৱম আৰু দশম মানৰ শিক্ষাৰ্থীৰ বাবে এক আঁচনিৰ অধীনত চাইকেল বিতৰণ কৰাৰ দিনা চিকমিকাই থকা চাইকেলখন পোৱা তাইৰ এতিয়াও মনত আছে। ৰঙচুৱা ৰঙামাটিৰ সুৰুযৰ পোহৰত কিদৰে তিৰবিৰাই আছিল চাইকেলখন!

আজি তাই গাওঁবুঢ়াৰ ওচৰলৈ গৈছে। মনত এটা আশা, আৰ্জি দি নতুন চাইকেল এখন কিজানি পায়েই। “চাইকেল পাই যাবা মইনা, কিন্তু তোমাৰ স্কুলখন ইয়াত থাকিবনো কেইদিন,” গাওঁবুঢ়াজনে কাঠ হাঁহি এটা মাৰি কয়। কথা শুনি সৰস্বতীৰ যেন ভৰিৰ তলৰ পৃথিৱীখন খহি পৰিল। তাই পাঁচ কিলোমিটাৰ চাইকেল চলাই স্কুললৈ যায়। এতিয়া যদি ১০ বা ২০ কিলোমিটাৰ বা তাতোকৈও বেছিদূৰ চাইকেল চলাই যাবলগীয়া হয়, তাইৰ দেখোন পঢ়া-শুনাৰেই আধ্যা পৰিব। বছৰত কন্যাশ্ৰী আঁচনিৰ অধীনত পোৱা হাজাৰ টকাত দেউতাকে তাইক স্কুললৈ গৈ থাকিবলৈ দিব জানো, তাইক বিয়া দিবলৈ ঘৰত দেখোন দেউতাক নাচোৰবান্দা।

চাইকেল

অ’ মইনা, অ’ মইনা, চৰকাৰী চাইকেল লৈ ওলালা
মহুৱাৰ তলে তলে গৈ তুমি পাবা পাঠশালা...
তীখাৰ ফালখনৰ দৰে মসৃণ চাইকেল ৰ’দত চিকেমিকায়
ইফালে ফাল লগোৱা হাল চলা মাটিত নজৰ দিছে বাবু-বণিয়াই
পিছে পাঠশালা যে বন্ধ হৈ যাব, কি হ’ব তেতিয়া?
অ’ মইনা, অ’ মইনা, কিয় বাৰু তুমি ঘোপাকৈ চোৱা?

*****

ফুলকি টুৰুৰ কণমানিটোৱে বুলড’জাৰৰ টায়াৰে মাটিত এৰি যোৱা সাঁচত খেলি আছে।

তাইৰ বাবে আশা কৰাটোও এক বিলাসিতা। বিশেষকৈ ক’ভিডৰ পাছত। আৰু চৰকাৰে তাইৰ চপ-ঘুগুনিৰ গুমটিখন বুলড’জাৰেৰে মহতিয়াই নিয়াৰ পাছত। সেই বুলড’জাৰ, সেই একেজনৰে চৰকাৰ, যিয়ে আমাক বেপাৰ-বাণিজ্য বঢ়াবলৈ চাহ-পকৰি বেচিবলৈ কয়। পিছে টকা ধাৰে লৈ তাই বহুওৱা চপ-ঘুগুনিৰ দোকানখনেই বেদখলকাৰী উচ্ছেদ অভিযানত ভাঙি যায়।

ধাৰত পোত যোৱা ঘৰখন উদ্ধাৰ কৰিবলৈ কাম বিচাৰি তাইৰ গিৰীয়েক মুম্বাইত বালি-চিমেণ্টৰ বস্তা দাঙিবলৈ যায়। “ইটো পাৰ্টিয়ে কয়, ‘আমি তোমাক মাহে ১২০০ টকা দিম।’ সিটো পাৰ্টিয়ে কয়, ‘আমি তোমাক ভগৱানেই দি দিম!’ জহান্নামে যাওক লক্ষ্মী ভাণ্ডাৰ, ৰসাতলে যাওক মন্দিৰ-মছজিদ, মই কিয় মুৰ ঘমাই ফুৰিম?” ফুলকি বাইয়ে ভোৰভোৰায় আৰু খঙত কঁপি উঠে, “হতচিৰি যোৱাহঁত, প্ৰথমে আমাৰ ৫০ হাজাৰ টকাৰ কাট-মানি ঘূৰাই দে!”

বুলড জাৰ

ধাৰত পোত যোৱাটোৱেই আমি জন্মিয়ে পোৱা অধিকাৰ,
আশাত হোৱা বন্দিত্ব ৰৌ ৰৌ নৰক আমাৰ।
লক্ষ্মী ভাণ্ডাৰত চলিছে বুলড’জাৰ
তেজক পানী কৰা দেহা আমাৰ, পিঠিত কঢ়িয়াই লৈ ফুৰো দেশ
কোন আছিল সেইজন, দিছিল যে কথা, দিব বোলে পোন্ধৰ লাখ?

*****

এশ দিনৰ কামৰ নিশ্চয়তা দিয়া মনৰেগা আঁচনিৰ অধীনত তেওঁ এশ দিনেই কাম কৰিছিল, সেয়া সঁচাকৈয়ে উদযাপন কৰিবলগীয়া মুহূৰ্ত আছিল। কিন্তু বিধিৰ বিপাক ঘটিল। তেওঁ কেন্দ্ৰ চৰকাৰৰ স্বচ্ছ ভাৰত যোজনাৰ অধীনত নে ৰাজ্য চৰকাৰৰ মিছন নিৰ্মল বাংলাৰ অধীনত এশ দিনৰ কাম কৰিলে, সেয়া চৰকাৰী বাবুয়ে নজনাৰ ফলত তেওঁৰ প্ৰাপ্য চৰকাৰী ৰঙাফিটাৰ মেৰপেচতে সোমাই থাকিল।

“সব চালা ফটুৱা,” লালু বাগড়িয়ে খঙত ইচাট-বিচাট কৰি কয়। সৰা-পোচা মানে সৰা-পোচা, আৱৰ্জনা মানে আৱৰ্জনা, নহয়নে? আঁচনিৰ কি কথা আছে? কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ - এইবোৰ কথা ক’ৰপৰা আহে? আচলতে কেন্দ্ৰ, ৰাজ্য আদি ভাগ নথকা নহয়। মই বৰ ভাব দেখুওৱাজনে আৱৰ্জনাতো বিভাজন আনে।

ডাষ্টবিন

কোৱা নিৰ্মল দা, কুশলে আছা?
“দৰমহা নোপোৱা চাফাইকৰ্মীৰ শাৰীত থিয় দিছা”
নৈখনত আৰু শৱ ভাঁহি নাহে এতিয়া...
শ্ৰমিকৰ অধিকাৰ? ক’ত গায়েব হৈ গ’ল সেয়া
জয়গান গাও তোৰ অ’ নিৰ্মল দা, কুশলে আছানে কোৱা
“এতিয়া মোৰ ঘামৰ ৰং গেৰুৱা, তেজ সেউজীয়া”

*****

ফাৰুক মণ্ডলৰ জীৱনত শান্তি বুলি কোনো বস্তু নাই। কেবামাহো খৰাং পৰাৰ পিছত আহিল বাৰিষা। তেওঁ যেতিয়া ভূঁই ৰুলে, হঠাত অহা বানপানীয়ে গোটেই খেতি নষ্ট কৰি গ’ল। “হায় আল্লা, হে মাই গোন্ধেশ্বৰী, কিয় তুমি ইমান নিৰ্দয়ী হ’লা?” তেওঁ এইষাৰ কথা কৈ আঁতৰি গ’ল।

জংগলমহলত পানীৰ সদায়েই নাটনি, কিন্তু তাত প্ৰতিশ্ৰুতি, পলিচি, প্ৰকল্পৰ প্ৰাচুৰ্য্য। সজল ধাৰা, অম্ৰুত জল – নামবোৰ নিজেই সাম্প্ৰদায়িকতাৰ ৰং সনা, কলহপ্ৰিয়। মানে জল শুদ্ধ নে পানী? পাইপ বহুওৱা হৈছে, টকাহে বৈছে, এটোপাল বিশুদ্ধ পানীও সিহঁতে পোৱা নাই। অতিষ্ঠ হৈ পৰা ফাৰুক আৰু তেওঁৰ বিবিজানে এটা কুঁৱা খান্দিবলৈ লৈছে। ৰঙামাটিৰ পিছত ৰঙচুৱা শিল ওলাইছে, কিন্তু পানীৰ কোনো চিন-মোকাম নাই। “হায় আল্লা, হে মাই গোন্ধেশ্বৰী, কিয় তুমি ইমান নিৰ্দয়ী হ’লা?”

খৰাং

অম্ৰুত কওঁ নে অমৃত? কোনটো শুদ্ধ বানান?
আইৰ ভাষাক সাৰ-পানী দিও, নে কৰোঁ বিসৰ্জন?
চেফ্ৰন নে জাফৰান...কোনখিনিত তোমাৰ সমস্যা?
মোৰ মনৰ দেশখনক ভোট দিও, নে সেই দেশ নিজৰ মাজতেই ৰাখি
তোমালোকৰ কথামতেই আন এখন দেশ গঢ়ো?

*****

সোণালী মাহাতো আৰু কণমানি ল’ৰা ৰামুৱে হস্পিতালৰ গেটত থিয় দি আছে, মূৰত তেওঁলোকৰ ভাগি পৰা সৰগ এখন। প্ৰথমে পিতাই, এতিয়া মা। এটা বছৰতে দুটাকৈ প্ৰাণঘাতী ৰোগ।

চৰকাৰী স্বাস্থ্য বীমা কাৰ্ড এখনকে সাৰথি কৰি তেওঁলোকে ইটোৰ পিছত সিটো চৰকাৰী অফিছলৈ তাঁত বাটি কৰিছে, হাতযোৰ কৰিছে, কাকূতি কৰিছে, প্ৰতিবাদ কৰিছে। স্বাস্থ্য সাথী আঁচনিৰ অধীনত গেৰাণ্টি দিয়া ৫ লাখ টকা তেনেই অপৰ্যাপ্ত। ইতিমধ্যে তেওঁলোক ভূমিহীন, এতিয়া গৃহহীন হ’বলৈ ওলোৱা পৰিয়ালটোৱে আয়ুষ্মান ভাৰত কাৰ্ডখনৰ বাবে দৰ্খাস্ত কৰিছিল। কিন্তু কোনেও নাজানিছিল যে সেয়া পাব নে নাই, পালেও সহায় হ’ব নে নাই। কিছুমানে কয় যে ৰাজ্য চৰকাৰে সেই আঁচনি উঠাই লৈছে। আন কিছুমানে কয় যে সংৰোপনৰ শল্যচিকিৎসা সেই আঁচনিৰ অধীনত নপৰে। তথ্যৰ নামত তেওঁলোকৰ হাতত আছে কেৱল বিভ্ৰান্তি।

“কিন্তু দি-দিদি, স্কুলত আমাক শিকোৱা ন-নহৈছিলনে যে চৰকাৰ আমাৰ ল-লগত আছে?” কণমানি ৰামুৱে কথাখিনি কওতে লাগি ধৰিছে। মৰা মানুহৰ দৰে চকু দুটাৰে সোণালীয়ে এফালে একেথিৰে চাই ৰৈছে।

প্ৰতিশ্ৰুতি

আশা বাইদেউ ! আশা বাইদেউ ! সহায় আমাক কৰাহি !
পিতাইক লাগে এটা নতুন হৃদযন্ত্ৰ, আইক লাগে কিডনি
তত সত স্বাস্থ্য, সাথী মানে সুহৃদ
মাটিখিনিও নাবাচিল, দেহাও গ’ল বিক্ৰী
আয়ুষ, কেতিয়া আমাৰ কাষত থিয় দিবা, আমাৰ দুখ পাতলাবা?
নে তোমাৰ কথাবোৰো ফুটুকাৰ ফেন, ঠিক ৰাতি সাত হাল, দিনত এহালো নাই?

*****

কবিয়ে এই সৃষ্টিকৰ্মক ভাব-কথা আৰু ধাৰণাৰে পাঠকৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত স্মিতা খাটোৰে আগবঢ়োৱা সহায়ৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছে।

অনুবাদ: পংকজ দাস

Joshua Bodhinetra

जोशुआ बोधिनेत्र यांनी जादवपूर विद्यापीठातून तुलनात्मक साहित्य या विषयात एमफिल केले आहे. एक कवी, कलांविषयीचे लेखक व समीक्षक आणि सामाजिक कार्यकर्ते असणारे जोशुआ पारीसाठी अनुवादही करतात.

यांचे इतर लिखाण Joshua Bodhinetra
Illustration : Aunshuparna Mustafi

Aunshuparna Mustafi studied Comparative Literature at Jadavpur University, Kolkata. Her areas of interest include ways of storytelling, travel writings, Partition narratives and Women Studies.

यांचे इतर लिखाण Aunshuparna Mustafi
Editor : Pratishtha Pandya

प्रतिष्ठा पांड्या पारीमध्ये वरिष्ठ संपादक असून त्या पारीवरील सर्जक लेखन विभागाचं काम पाहतात. त्या पारीभाषासोबत गुजराती भाषेत अनुवाद आणि संपादनाचं कामही करतात. त्या गुजराती आणि इंग्रजी कवयीत्री असून त्यांचं बरंच साहित्य प्रकाशित झालं आहे.

यांचे इतर लिखाण Pratishtha Pandya
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

यांचे इतर लिखाण Pankaj Das