প্ৰত্যেক ৰাতিপুৱা তেওঁ উৰ্বশীক খেলপথাৰলৈ লৈ আহে আৰু আন শিশুৱে প্ৰশিক্ষণ আৰম্ভ কৰাৰ আগেয়ে তেওঁক প্ৰশিক্ষণ দি লয়। তেওঁক নিয়মীযা প্ৰশিক্ষণখিনি দিয়া হয়, প্ৰশিক্ষক তাণ্ডেকাৰে কয়।
ট্ৰেক চ্যুট পিন্ধা কম বয়সীয়া উৰ্বশীক খেলপথাৰত এটা বেলেগ যুঁজাৰু ৰূপত দেখা যায়। দৌৰিবলৈ সদা সাজু আৰু অতিশয় কষ্ট কৰাৰ মানসিকতা এটা প্ৰশিক্ষক মোমায়েকজনৰ তত্বাৱধানত তেওঁ গঢ়ি তুলিছে। উৰ্বশীয়ে দীঘলীয়া বাট অতিক্ৰম কৰিব লাগিব। তেওঁ স্কুলৰ দৌৰ প্ৰতিযোগিতাত ভাগ লোৱা আৰম্ভ কৰিছে। তাৰপিছত তাণ্ডেকাৰে তেওঁক জিলা পৰ্য্যায়ৰ প্ৰতিযোগিতালৈ নিব, যাতে তেওঁ পিছলৈ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ত খেলিব পাৰে।
তাণ্ডেকাৰে ভাবে যে গ্ৰামাঞ্চলৰ ল’ৰা-ছোৱালীয়ে যেনেকৈ নহওক, মূলধাৰাৰ প্ৰতিযোগিতাত সোমাব লাগিব। তেওঁ ভাৰতীয় দৌৰবিদ যেনে পি টি উষা আদিৰ কাহিনী কয় কেনেকৈ তেওঁলোকে সকলো বাধা নেওচি সফলতা লাভ কৰিছিল। তেওঁৰ শিষ্যসকলে ভাবে যে তেওঁলোকেই ডাঙৰ সপোন দেখিলে আৰু কষ্ট কৰিলে কিবা এটা কৰিব পাৰিব।
নিজৰ অভিজ্ঞতাৰ পৰা শিকা তাণ্ডেকাৰে উৰ্বশীৰ খাদ্য-পাতি, পুষ্টি আদিৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁ নিজে গাখীৰ আৰু কণী আদি নিয়মীয়াকৈ খাবলৈ পোৱা নাছিল। কিন্তু উৰ্বশীয়ে সেইখিনি পাওক, তালৈ তেওঁ গুৰুত্ব দিয়ে। উৰ্বশীৰ ডায়েটত প্ৰটিন, কাৰ্বহাইড্ৰেট আৰু স্নেহ পদাৰ্থ থকাটো থকাটো তেওঁ নিশ্চিত কৰে। ভাণ্ডাৰাত থকা তেওঁৰ ভনীয়েকে মাছৰ বতৰত মাছ লৈ আহে। উৰ্বশীৰ মাকে নিয়মীয়াকৈ আহি জীয়েকক চাই যায়হি আৰু স্কুল আৰু আন নিয়মীয়া কামখিনিত সহায় কৰি দিয়ে।
প্ৰশিক্ষকজনে নিশ্চিত কৰে যাতে তেওঁৰ শিষ্যসকলে ভাল জোতা পায়, যিটো তেওঁ শৈশৱত কেতিয়াও নাপালে। তেওঁৰ পিতৃ আছিল এগৰাকী ভূমিহীন শ্ৰমিক, দুবেলা দুমুঠি কোনোমতেহে যোগাৰ কৰিব পাৰিছিল। অত্যধিক মদ্যপান কৰিছিল। যি দুপইচা উপাৰ্জন কৰিছিল, সেইখিনি মদতে খৰচ কৰি পেলাইছিল। এনে দিনো আহিছিল যেতিয়া তাণ্ডেকাৰ আৰু তেওঁৰ ভায়েককেইটাই একো নোখোৱাকৈয়ে বিচনাত পৰিছিল।
“মই ট্ৰেকত দৌৰাৰ সপোন দেখিছিলো,” তেওঁ শ্লেষাত্মক ভংগীৰে কয়। তেওঁৰ হতাশা হাঁহিৰে ঢাকি তেওঁ লগতে কয়, “মই সুযোগকে নাপালো।”