সেয়ে জয়ন্ত তাণ্ডেকাৰে দুটা কোঠাৰ ঘৰ এটা লৈ তাতেই কণমানিজনীক আশ্ৰয় দিলে।
তাণ্ডেকাৰে আঠ বছৰীয়া উৰ্বশীৰ যোগেদি তেওঁৰ সপোনটো জীয়াব বিচাৰিছে।
এয়া এজনী গাঁৱৰ কণমানি ছোৱালী এজনীৰ কাহিনী, তেওঁৰ পিতৃ-মাতৃ আৰু এজন তৰুণ ক্ৰীড়াবিদৰ কাহিনী, যিয়ে কম বাজেটত কিন্তু দৃঢ় মন এটা লৈ ডাঙৰ সপোন দেখিছে।
দুবছৰ আগতে তাণ্ডেকাৰৰ ওচৰলৈ আহিছিল এই উৰ্বশী নিমাৰ্তে। তেতিয়া তেওঁৰ বয়স আছিল আঠ বছৰ। তাণ্ডেকাৰে ভাণ্ডাৰা চহৰৰ উপকণ্ঠ অঞ্চলত ভাৰাঘৰ এটা লৈ থাকে। আৰু তাতেই গাঁৱৰ পৰা টালি-টোপোলা বান্ধি আহি শৰণ লৈছিলহি উৰ্বশীয়ে। এতিয়া তেঁৱেই উৰ্বশীৰ মাক-দেউতাক। উৰ্বশীৰ পিতৃ-মাতৃ সম্বলহীন, ভাণ্ডাৰা চহৰৰ পৰা ২৫ কিলোমিটাৰ দূৰৈৰ দাৱা গাঁৱৰ তেওঁলোক ক্ষুদ্ৰ খেতিয়ক। কিন্তু কণমানি ছোৱালীজনীৰ মাক মাধুৰীয়ে ভাবিলে যে তেওঁলোকৰ জীয়েকজনীয়ে জীৱনত কিবা এটা হাচিল কৰিবলৈ হ’লে তেওঁলোকে এই যুৱকজনক আৰু তেওঁ ছোৱালীজনীৰ বাবে দেখা সপোনৰ ওপৰত বিশ্বাস ৰাখিব লাগিব।
ক্ষীণ-মিন মাধুৰীয়ে তেওঁৰ ছোৱালীজনীক এটা অৰ্থপূৰ্ণ জীৱন দিব বিচাৰে। উৰ্বশীৰ পিতৃয়ে খেতি কৰে আৰু আশে-পাশে থকা সৰু কোম্পানীত দিনহাজিৰা কৰিও অতিৰিক্ত দুপইচা যোগাৰ কৰে।
“তাই আমাৰ লগত থাকিলে আৰু দহটা বছৰ পিছত তাইৰো আমাৰ গতিয়েই গতি হ’ব - বিয়া হৈ যাব আৰু সন্তান জন্ম দি পথাৰত কাম কৰি কৰি এদিন এই পৃথিৱী এৰিব,” মৈত দুটা কোঠাৰ ঘৰটোত শহুৰেক আৰু গিৰীয়েকৰ সৈতে বহি থকা মাকজনীয়ে পাৰিক কয়। “তাইৰো তেনেকুৱা হওক, মই চাই থাকিব নোৱাৰিম,” তেওঁ কয়।
উৰ্বশীয়ে তাণ্ডেকাৰক মামা বুলি মাতে। কণমানি খেলুৱৈজনীৰ দায়িত্ব লওতে অবিবাহিত প্ৰশিক্ষকজনৰ বয়স আছিল প্ৰায় ৩৫ বছৰ।
তাণ্ডেকাৰ এগৰাকী দলিত সম্প্ৰদায়ৰ লোক, জাতত চমাৰ। ভাণ্ডাৰা, গণ্ডিয়া আৰু গড়চিৰৌলি জিলাৰ গ্ৰামাঞ্চলৰ পৰা ভাল খেলুৱৈ উলিয়াই অনাৰ বাবে মনতে তেওঁ দৃঢ়প্ৰতিজ্ঞা কৰি থৈছে। তেওঁ উঠি অহা চামক কিবা এটা দিব খোজে, যিটো তেওঁ নাপালে। এটা সুযোগ - ট্ৰেকত বিদ্যুৎ গতিত দৌৰাৰ সুযোগ।
উৰ্বশী কুনবী সম্প্ৰদায়ৰ (অন্যান্য পিছপৰা শ্ৰেণীৰ) যদিও মাক-দেউতাকে ভাবিলে যে তেওঁলোকে জাত-পাত আৰু পিতৃপ্ৰধান খামোচটোকো প্ৰাধান্য দিব নালাগিব। পাৰিৰ সৈতে ২০২৪ৰ গ্ৰীষ্মকালৰ এটি পুৱা ভাণ্ডাৰা শিৱাজী ষ্টেডিয়ামত পাৰিৰ সৈতে কথা পাতোতে তাণ্ডেলকাৰে কয় যে উৰ্বশী এগৰাকী বিশেষ শিশু।
ভাণ্ডাৰাত তেওঁ এখন প্ৰশিক্ষণ প্ৰতিষ্ঠান চলায় - নাম অনাথ পিণ্ডক - অনাথৰ আশ্ৰয়। বিভিন্ন বয়সৰ ৫০ জন শিষ্যৰ প্ৰশিক্ষণৰ খৰচ উলিয়াবলৈ তেওঁ কম কম পৰিমাণৰ বৰঙনি সংগ্ৰহ কৰে। কোনোমতে প্ৰতিষ্ঠানটো চলি যায়। চুটি-চাপৰ মানুহ, গোল মুখ - তেওঁৰ মুখখনে সেই গ্ৰামীণ দৌৰবিদসকলক কেতিয়াও হাৰি নাযাবলৈ কৈ থাকে।
প্ৰত্যেক ৰাতিপুৱা তেওঁ উৰ্বশীক খেলপথাৰলৈ লৈ আহে আৰু আন শিশুৱে প্ৰশিক্ষণ আৰম্ভ কৰাৰ আগেয়ে তেওঁক প্ৰশিক্ষণ দি লয়। তেওঁক নিয়মীযা প্ৰশিক্ষণখিনি দিয়া হয়, প্ৰশিক্ষক তাণ্ডেকাৰে কয়।
ট্ৰেক চ্যুট পিন্ধা কম বয়সীয়া উৰ্বশীক খেলপথাৰত এটা বেলেগ যুঁজাৰু ৰূপত দেখা যায়। দৌৰিবলৈ সদা সাজু আৰু অতিশয় কষ্ট কৰাৰ মানসিকতা এটা প্ৰশিক্ষক মোমায়েকজনৰ তত্বাৱধানত তেওঁ গঢ়ি তুলিছে। উৰ্বশীয়ে দীঘলীয়া বাট অতিক্ৰম কৰিব লাগিব। তেওঁ স্কুলৰ দৌৰ প্ৰতিযোগিতাত ভাগ লোৱা আৰম্ভ কৰিছে। তাৰপিছত তাণ্ডেকাৰে তেওঁক জিলা পৰ্য্যায়ৰ প্ৰতিযোগিতালৈ নিব, যাতে তেওঁ পিছলৈ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ত খেলিব পাৰে।
তাণ্ডেকাৰে ভাবে যে গ্ৰামাঞ্চলৰ ল’ৰা-ছোৱালীয়ে যেনেকৈ নহওক, মূলধাৰাৰ প্ৰতিযোগিতাত সোমাব লাগিব। তেওঁ ভাৰতীয় দৌৰবিদ যেনে পি টি উষা আদিৰ কাহিনী কয় কেনেকৈ তেওঁলোকে সকলো বাধা নেওচি সফলতা লাভ কৰিছিল। তেওঁৰ শিষ্যসকলে ভাবে যে তেওঁলোকেই ডাঙৰ সপোন দেখিলে আৰু কষ্ট কৰিলে কিবা এটা কৰিব পাৰিব।
নিজৰ অভিজ্ঞতাৰ পৰা শিকা তাণ্ডেকাৰে উৰ্বশীৰ খাদ্য-পাতি, পুষ্টি আদিৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁ নিজে গাখীৰ আৰু কণী আদি নিয়মীয়াকৈ খাবলৈ পোৱা নাছিল। কিন্তু উৰ্বশীয়ে সেইখিনি পাওক, তালৈ তেওঁ গুৰুত্ব দিয়ে। উৰ্বশীৰ ডায়েটত প্ৰটিন, কাৰ্বহাইড্ৰেট আৰু স্নেহ পদাৰ্থ থকাটো থকাটো তেওঁ নিশ্চিত কৰে। ভাণ্ডাৰাত থকা তেওঁৰ ভনীয়েকে মাছৰ বতৰত মাছ লৈ আহে। উৰ্বশীৰ মাকে নিয়মীয়াকৈ আহি জীয়েকক চাই যায়হি আৰু স্কুল আৰু আন নিয়মীয়া কামখিনিত সহায় কৰি দিয়ে।
প্ৰশিক্ষকজনে নিশ্চিত কৰে যাতে তেওঁৰ শিষ্যসকলে ভাল জোতা পায়, যিটো তেওঁ শৈশৱত কেতিয়াও নাপালে। তেওঁৰ পিতৃ আছিল এগৰাকী ভূমিহীন শ্ৰমিক, দুবেলা দুমুঠি কোনোমতেহে যোগাৰ কৰিব পাৰিছিল। অত্যধিক মদ্যপান কৰিছিল। যি দুপইচা উপাৰ্জন কৰিছিল, সেইখিনি মদতে খৰচ কৰি পেলাইছিল। এনে দিনো আহিছিল যেতিয়া তাণ্ডেকাৰ আৰু তেওঁৰ ভায়েককেইটাই একো নোখোৱাকৈয়ে বিচনাত পৰিছিল।
“মই ট্ৰেকত দৌৰাৰ সপোন দেখিছিলো,” তেওঁ শ্লেষাত্মক ভংগীৰে কয়। তেওঁৰ হতাশা হাঁহিৰে ঢাকি তেওঁ লগতে কয়, “মই সুযোগকে নাপালো।”
কিন্তু উৰ্বশী আৰু তেওঁৰ দৰে আনবোৰে যদি সেই সুযোগ পাব লাগে, তাণ্ডেকাৰে জানে যে তেওঁ কেনেকৈ স্বাস্থ্যকৰ খাদ্য, জোতা আৰু ডাঙৰ ডাঙৰ খেলবোৰৰ সুবিধা কৰি দিব লাগে।
সেয়ে তেওঁৰ শিষ্যসকলে ভাল স্কুলত নামভৰ্তি কৰিব লাগিব আৰু প্ৰতিযোগিতাত ভাগ ল’ব লাগিব।
তেনে স্কুলত নামভৰ্তি হ’ব পাৰিলে যেতিয়াই প্ৰয়োজন এই ধৰক যদি আঠুৰ বিষ হয়, পেশী খামোচ মাৰি ধৰে, অত্যধিক ভাগৰ আদি ক্ষেত্রত মেডিকেলৰ সুবিধাও লাভ কৰিব পাৰিব।
“বৰ কঠিন কাম এটা হাতত লৈছো। কিন্ত এটা কথা ঠিক যে মই সিহঁতক সপোনবোৰ ডাঙৰকৈ দেখিবলৈ শিকাব পাৰিছো,” তেওঁ কয়।
অনুবাদ: পংকজ দাস