ত্ৰিশৰ ডেওনা গৰকা গণেশ পণ্ডিত নতুন দিল্লীৰ পুৰণি যমুনা ব্ৰীজৰ লোহা পুলৰ তৰুণ বাসিন্দা। তেওঁ কয় যে তেওঁৰ সমনীয়াবোৰৰ প্ৰায়ভাগেই ‘মূলসূঁতি’ৰ কাম যেনে সাতোৰ প্ৰশিক্ষক হিচাপে আৰু কাষৰে চুবুৰীয়া চান্দনী চ’কৰ খুচুৰা দোকানত কাম কৰিবলৈ ওলাই গৈছে।
দিল্লীৰ মাজেৰে পাৰ হৈ যোৱা গংগাৰ আটাইতকৈ দীঘল উপনৈ যমুনাখন আয়তনৰ ফালৰ পৰা (ঘাঘাৰাৰ পিছতে) দ্বিতীয় বৃহত নৈ।
পণ্ডিতে যমুনা নদীৰ মাজত ফটোশ্বুটৰ ব্যৱস্থা কৰে আৰু নৈৰ মাজত পৰম্পৰাগত ৰীতি-নীতিখিনি কৰিব খোজা মানুহক লৈ যায়। “য’ত বিজ্ঞান ৰৈ যায়, তাতে বিশ্বাসৰ কাম আৰম্ভ হয়,” তেওঁ কয়। তেওঁৰ পিতৃ তাৰে এগৰাকী পুৰোহিত আৰু দুই ভায়েকে “যমুনা নদীখনতে সাতুৰিব শিকিছে।” পণ্ডিতৰ ভায়েক দুটাই পঞ্চতাৰকা হোটেলত লাইফগাৰ্ড হিচাপে কাম কৰে।






