“আৱৌ আৱৌ সুনো অপনা ভৱিষ্যবাণী, সুনো আপনি আগে কী কহানি…” জুহু বীচ্চৰ চিঞৰ-বাখৰৰ মাজেৰে তেওঁৰ ৰহস্যঘন সন্মোহনী মাতটো ভাঁহি আহিছে। মুম্বাই উপকণ্ঠ অঞ্চলৰ এই প্ৰাণচঞ্চল বেলাভূমিত বেলি ডুবিব ধৰিছে। তেনে এক সময়তে প্ৰায় ২৭ বৰ্ষীয় উদয় কুমাৰে মানুহক ভৱিষ্যৎবাণী শুনাবলৈ বৰ আগ্ৰহেৰে মাতিছে।
তেওঁ কোনো জ্যোতিষবিদ নহয়, কোনো হস্তৰেখাবিদো নহয়। কিম্বা হাতত ভাটৌ চৰাই লৈ থকা কোনো টেৰ’ট কাৰ্ড ৰিডাৰো তেওঁ নহয়। তাৰ পৰিৱৰ্তে তেওঁ তাত থিয় হৈ আছে এক ফুটমান ওখ ৰবট এটাৰ সৈতে, ৰবটটোৰ গাত মেৰিওৱা আছে ৰং-বিৰঙী লাইট। ৰবটটো থোৱা আছে চাৰিফুট ওখ জপাই থ’বপৰা মেজ এখনত। ৰবটটোৰ সৈতে এইজন প্ৰতিবেদকক চিনাকি কৰি দিওঁতে তেওঁ কয়, “এইটোৰ নাম জ্যোতিষ কম্পিউটাৰ লাইভ ষ্ট’ৰি”।
সেই মেচিনটোৱে ব্যক্তিৰ কম্পন অনুভৱ কৰিব পাৰে, উৎসুক গ্ৰাহক এজনক হেডফোনযোৰ আগবঢ়াই দি তেওঁ কয়। সামান্য থমকি ৰৈ নাৰীসুলভ মাত এটাৰে হিন্দীতে ভৱিষ্যতৰ গোপন কথা ক’বলৈ ধৰিব। এই আটাইখিনি আপুনি জানিব পাৰিব মাত্ৰ ৩০ টকাতে।
কেইটামান দশক পূৰ্বে বিহাৰৰ গেন্ধা চুবুৰীৰ পৰা মুম্বাইলৈ প্ৰব্ৰজন কৰা তেওঁৰ খুৰাক ৰাম চন্দৰৰ পৰা (চহৰত তেওঁক ৰাজু বুলিয়ে মানুহে জানিছিল) তেওঁ এই বিস্ময়কৰ প্ৰযুক্তিৰ নিদৰ্শন লাভ কৰিছিল, এতিয়া তেঁৱেই ইয়াৰ একমাত্ৰ গৰাকী। প্ৰতিবাৰে গাঁৱলৈ উভতি আহিলে খুৰাকে নতুন নতুন কাহিনী তেওঁলোকক কৈছিল। “খুৰাই আমাক ক’লে যে তেওঁ চহৰত অজুবা (আচৰিত বস্তু) এটা পাইছে, সি ভৱিষ্যতৰ কথা ক’ব পাৰে। তেনেকৈয়ে তেওঁ পইচা ঘটিছে। মানুহে তেওঁৰ কথা শুনি হাঁহিছিল, ৰগৰ কৰা বুলি ভাবিছিল। কিন্তু মই শুনি মুগ্ধ হৈছিলো!” উদয়ে মনত পেলায়। তেনেকৈয়ে ৰাজু চাচাই তেওঁৰ ১১ বছৰীয়া নাতিক মেচিনটোৰ লগতে চহৰৰ বিস্ময়কৰ জীৱনৰ সৈতে পৰিচয় কৰাই দিছিল।















