“আৱৌ আৱৌ সুনো অপনা ভৱিষ্যবাণী, সুনো আপনি আগে কী কহানি…” জুহু বীচ্চৰ চিঞৰ-বাখৰৰ মাজেৰে তেওঁৰ ৰহস্যঘন সন্মোহনী মাতটো ভাঁহি আহিছে। মুম্বাই উপকণ্ঠ অঞ্চলৰ এই প্ৰাণচঞ্চল বেলাভূমিত বেলি ডুবিব ধৰিছে। তেনে এক সময়তে প্ৰায় ২৭ বৰ্ষীয় উদয় কুমাৰে মানুহক ভৱিষ্যৎবাণী শুনাবলৈ বৰ আগ্ৰহেৰে মাতিছে।

তেওঁ কোনো জ্যোতিষবিদ নহয়, কোনো হস্তৰেখাবিদো নহয়। কিম্বা হাতত ভাটৌ চৰাই লৈ থকা কোনো টেৰ’ট কাৰ্ড ৰিডাৰো তেওঁ নহয়। তাৰ পৰিৱৰ্তে তেওঁ তাত থিয় হৈ আছে এক ফুটমান ওখ ৰবট এটাৰ সৈতে, ৰবটটোৰ গাত মেৰিওৱা আছে ৰং-বিৰঙী লাইট। ৰবটটো থোৱা আছে চাৰিফুট ওখ জপাই থ’বপৰা মেজ এখনত। ৰবটটোৰ সৈতে এইজন প্ৰতিবেদকক চিনাকি কৰি দিওঁতে তেওঁ কয়, “এইটোৰ নাম জ্যোতিষ কম্পিউটাৰ লাইভ ষ্ট’ৰি”।

সেই মেচিনটোৱে ব্যক্তিৰ কম্পন অনুভৱ কৰিব পাৰে, উৎসুক গ্ৰাহক এজনক হেডফোনযোৰ আগবঢ়াই দি তেওঁ কয়। সামান্য থমকি ৰৈ নাৰীসুলভ মাত এটাৰে হিন্দীতে ভৱিষ্যতৰ গোপন কথা ক’বলৈ ধৰিব। এই আটাইখিনি আপুনি জানিব পাৰিব মাত্ৰ ৩০ টকাতে।

কেইটামান দশক পূৰ্বে বিহাৰৰ গেন্ধা চুবুৰীৰ পৰা মুম্বাইলৈ প্ৰব্ৰজন কৰা তেওঁৰ খুৰাক ৰাম চন্দৰৰ পৰা (চহৰত তেওঁক ৰাজু বুলিয়ে মানুহে জানিছিল) তেওঁ এই বিস্ময়কৰ প্ৰযুক্তিৰ নিদৰ্শন লাভ কৰিছিল, এতিয়া তেঁৱেই ইয়াৰ একমাত্ৰ গৰাকী। প্ৰতিবাৰে গাঁৱলৈ উভতি আহিলে খুৰাকে নতুন নতুন কাহিনী তেওঁলোকক কৈছিল। “খুৰাই আমাক ক’লে যে তেওঁ চহৰত অজুবা (আচৰিত বস্তু) এটা পাইছে, সি ভৱিষ্যতৰ কথা ক’ব পাৰে। তেনেকৈয়ে তেওঁ পইচা ঘটিছে। মানুহে তেওঁৰ কথা শুনি হাঁহিছিল, ৰগৰ কৰা বুলি ভাবিছিল। কিন্তু মই শুনি মুগ্ধ হৈছিলো!” উদয়ে মনত পেলায়। তেনেকৈয়ে ৰাজু চাচাই তেওঁৰ ১১ বছৰীয়া নাতিক মেচিনটোৰ লগতে চহৰৰ বিস্ময়কৰ জীৱনৰ সৈতে পৰিচয় কৰাই দিছিল।

PHOTO • Aakanksha
PHOTO • Aakanksha

সাগৰতীৰত ভৱিষ্যদ্ৰষ্টা ৰবট ‘জ্যোতিষ কম্পিউটাৰ লাইভ ষ্ট’ৰি’ৰ সৈতে উদয় কুমাৰ

উদয়ৰ মাক-দেউতাকে নিজা কেইবিঘামান মাটিত খেতি কৰিছিল যদিও প্ৰায়ে আৰ্থিক অনাটনত ভুগিছিল। ফলত উদয়ে চতুৰ্থমানৰ পৰাই পঢ়া এৰিবলগীয়া হৈছিল। বিহাৰৰ ৱেশালে জিলাৰ নিজ গাওঁ এৰি মুম্বাই চহৰত খুৰাক ৰাজুৰ সৈতে কাম কৰিবলৈ আহোতে তেওঁৰ মনত এই কথাটোৱেও ক্ৰিয়া কৰি আছিল যে পৰিয়ালটোক সামান্য হ’লেও সকাহ দিব লাগে। তেতিয়া তেওঁ কৈশোৰ অৱস্থাতে আছিল, তেওঁ কয়, “ৱহ মেচিন দেখনা থা ঔৰ মুম্বাই ভী (সেই মেচিনটো চাবৰ মন আছিল আৰু মুম্বাইখনো)!” উদয় সামান্য নষ্টালজিক হৈ পৰা যেন লাগিল।

তেওঁৰ খুৰাকে ব্যৱহাৰ কৰা সেই মেচিনটো সাজি উলিয়াইছিল চেন্নাই আৰু কেৰেলাৰ শিল্পীয়ে। মুম্বাইলৈ মেচিনটো আহে নব্বৈৰ দশকৰ শেষৰফালে, উদয়ে মনত পেলায়। ৰাজু চাচাই সেই শিল্পীসকলৰ এজনক লগ পায় আৰু কেইদিনমান চলাই চাবলৈ বুলি মেচিনটো ভাৰাত লয়।

“এই কামটোত প্ৰায় ২০-২৫ জনমান লোক আছিল,” উদয়ে কয়। “তাৰে প্ৰায়ভাগেই আছিল দাক্ষিণাত্যৰ, কেইজনমানহে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ আছিল। তেওঁলোক আটাইৰে একেবিধে মেচিন আছিল।”

ৰাজুৰ দৰে তেওঁলোক আটাইয়ে চহৰখনত এই কৌতূহলী মেচিনটো লৈ ঘূৰি ফুৰিছিল আৰু ঘূৰি ফুৰা ঠাইবোৰৰ ভিতৰত তেওঁলোকৰ প্ৰিয় ঠাই আছিল জুহু বীচ্চ। খুৰাকৰ লগত এই চহৰ ভ্ৰমি ফুৰা কামটোত উদয়ো আছিল। ৰাজু চাচাই ব্যৱসায় আৰম্ভ কৰাৰ সময়ত মেচিনটোৰ দাম বহুত বেছি আছিল, প্ৰায় ৪০ হাজাৰ টকা। কিন্তু তেওঁ কোনোমতে যোগাৰ কৰিছিল।

PHOTO • Aakanksha
PHOTO • Aakanksha

এই কৌতূহলপূৰ্ণ মেচিনটো লৈ উদয়ে চহৰখন ভ্ৰমি ফুৰে, কিন্তু জুহু বীচ্চ তেওঁৰ বাবে প্ৰিয় ঠাই

উদয়ে এই মেচিনটো বনোৱাৰ কৌশল বহুবাৰ আয়ত্ব কৰিবলৈ চেষ্টা কৰিছিল যদিও পৰা নাছিল। কেবাবছৰ আগতে খুৰাক ঢুকোৱাৰ পিছতহে খুৰাকৰ মেচিনটো তেওঁৰ হাতলৈ আহিল। তেনেকৈয়ে সেই কৌতূহলী মেচিনটো এসময়ত দেখি বিস্ময়াভিভূত হোৱা উদয়ে খুৰাকৰ পৰম্পৰা অব্যাহত ৰখাৰ সুযোগ এটা পালে।

এটা দশক আগতে মানুহে ভৱিষ্যতলৈ এভূমুকি মৰাৰ বাবে ২০ টকা দিছিল। এতিয়া সেয়া বাঢ়ি বাঢ়ি ৪০ টকা হৈছে। ক’ভিডৰ সময়ত তেওঁৰ ব্যৱসায়ত বৰ ঘাটি হৈছিল। “সময় বাগৰাৰ লগে লগে বহুতেই এই কামটো এৰিলে,” উদয়ে কয়। ক’ভিডৰ পিছত এইবিধ ৰহস্যময়ী ভৱিষ্যদ্ৰষ্টা মেচিনটোক সাৰথি কৰি চলি থকা তেঁৱেই একমাত্ৰ ব্যক্তি।

কেৱল মেচিনটোৰ পৰা হোৱা উপাৰ্জনেৰে পেট পোহাটো উদয়ৰ বাবে সম্ভৱ নহয়। তেওঁৰ পত্নী তথা পাঁচ বছৰীয়া সন্তান গাঁৱত থাকে। ল’ৰাটোক মুম্বাইলৈ পঢ়ুৱাবলৈ অনাৰ মন। পুৱাৰ ভাগত তেওঁ ইটো-সিটো বিভিন্ন কাম কৰে - ক্লাৰিকেল কাম আনকি পামফ্লেট আদি বিলোৱা কামো কৰে। যি কামেই পায়, সেয়াই তেওঁ কৰিবলৈ সাজু। “পুৱাৰ ভাগত একো কাম নাপালে মই এই ৰবটটো লৈ ইয়াত থাকো, যাতে দুপইচা আৰ্জি ঘৰলৈ পঠিয়াব পাৰো,” তেওঁ কয়।

উদয়ে জুহু বীচ্চত আবেলি ৪ বজাৰ পৰা মাজনিশালৈকে থাকে। আন ঠাইবোৰত তেওঁক পুলিচে জৰিমনা বিহিব বুলি ভয় এটা আছে, তাৰোপৰি মেচিনটো কঢ়িয়াই লৈ ফুৰাটোও মস্কিল। সপ্তাহান্তাত ভৱিষ্যত চাবলৈ উৎসুক গ্ৰাহকৰ ভীৰ বেছি লাগে বাবে তেওঁৰ ব্যৱসায় আন দিনতকৈ ভাল হয়। তেনে এটা দিনত তেওঁ প্ৰায় ৩০০ৰ পৰা ৫০০ টকা উপাৰ্জন কৰে। এনেকৈ মাহত তেওঁৰ ৭ৰ পৰা ১০ হাজাৰ টকা উপাৰ্জন হয়।

PHOTO • Aakanksha
PHOTO • Aakanksha

উদয় কুমাৰে তেওঁৰ খুৰাকৰ পৰা মেচিনটো লাভ কৰিছিল। মুম্বাইৰ মায়া আৰু মেচিনটোৱেই সেই কৈশোৰ বয়সৰ উদয়ক চহৰলৈ আনিছিল

“গাঁৱত মানুহে জ্যোতিষীক বিশ্বাস কৰে, কিন্তু মেচিনক বিশ্বাস নকৰে। সেয়ে তাত তেওঁৰ উপাৰ্জন ভাল নহয়,” মেচিনটোৰ ৰহস্যময়ী গুণৰ কথা নিজ গাঁৱৰ বিহাৰী বন্ধুহঁতক তেওঁ কৈছিল যদিও কোনেও বিশ্বাস নকৰা সম্পৰ্কত তেওঁ কয়। মুম্বাইয়ে তেওঁৰ ব্যৱসায়ৰ বাবে ভাল ঠাই, তেওঁ কয়। অৱশ্যে তেওঁৰ এই ভৱিষ্যদ্ৰষ্টা মেচিনটো মানুহে কৌতূহলৰ লগতে সন্দেহৰ দৃষ্টিৰেও চায়।

“কিছুমানে বৰ ৰস পায় আৰু হাঁহে, কিছুমান আচৰিত হয়। অলপতে এজন মানুহে নিজৰ বন্ধুজনক জোৰ-দবৰদস্তি কৰাত বন্ধুজনে অবিশ্বাসত হাঁহিছিল, কিন্তু পিছত তেওঁ ভৱিষ্যতবাণী শুনি আচৰিত হৈছিল। তেওঁ কৈছিল যে ৰবটটোৱে জানে যে তেওঁৰ পেটৰ সমস্যা হৈ আছে যদিও তেওঁ চিন্তা কৰি থাকিব নালাগে। আৰু কথাটো হয়ো, তেওঁৰ সঁচাকৈয়ে পেটৰ সমস্যা আছিল। তেনে বহুতকে মই লগ পাইছো,” উদয়ে কয়। “বিশ্বাস কৰিব বিচৰাজনে বিশ্বাস কৰিব পাৰে।”

“মেচিনটোৰ কেতিয়াও খোকোজা লগা নাই,” মেচিনটোৰ ৰহস্যজনক মজবুতিক লৈ গৌৰৱ কৰাৰ দৰে উদয়ে দাবী কৰি কয়।

কেতিয়াবা বন্ধ হৈ গৈছে নেকি মেচিনটো?

কেতিয়াবা তাঁৰ আদি কিবা চিগিলে ভাল কৰিবলৈ চহৰতে মেকানিক এজন আছে।

“ই যি কয় মই বিশ্বাস কৰোঁ। কাম কৰি গৈ থাকিবলৈ ই মোক সাহস যোগায়,” উদয়ে কয়। মেচিনটোৱে অৱশ্যে তেওঁৰ নিজৰ ভৱিষ্যতৰ কথাও কৈ থাকে। “এই মেচিনটোৰ ভিতৰত মেজিক আছে, মোৰ বিষয়ে যি যি কয় সেই ভাবি মই এতিয়াও মুগ্ধ হৈ পৰো। মই আপোনাক বিশ্বাস কৰিবলৈ নকওঁ। নিজেই শুনক চিন্তা কৰকচোন,” তেওঁ হাঁহি এটা মাৰি কয়।

PHOTO • Aakanksha

ভৱিষ্যদ্ৰষ্টা এই মেচিনটো মানুহৰ বাবে আনন্দৰ খোৰাক যোগায়, প্ৰায়ে মানুহে সন্দেহৰ দৃষ্টিৰে চায়

PHOTO • Aakanksha

‘গাঁৱত মানুহে জ্যোতিষীক বিশ্বাস কৰে, কিন্তু মেচিনক নকৰে, সেয়ে আয় নাই,’ উদয়ে কয়। মুম্বাইখনে তেওঁৰ ব্যৱসায়ৰ বাবে ভাল ঠাই

PHOTO • Aakanksha

কিছুমানে মেচিনটোৱে কোৱা কথা ধেমেলীয়া বুলি ভাবিব পাৰে, কিছুমান আকৌ কথা শুনি আচৰিত হৈ পৰে, উদয়ে কয়, কিন্তু মেচিনটোৱে তেওঁৰ মতে কেতিয়াও মিছা কথা নকয়

PHOTO • Aakanksha

কেৱল মেচিনটোৰ উপাৰ্জনেৰে তেওঁ চলিব নোৱাৰে। উদয়ে পুৱাৰ ভাগত ইটো-সিটো কাম কৰে, কিন্তু সন্ধিয়া হ’লে বীচ্চত ৰবটটো লৈ বহে

PHOTO • Aakanksha

এজন গ্ৰাহকে ৩০ টকাৰ বিনিময়ত ভৱিষ্যতত এভুমুকি মাৰিব পাৰিছে

PHOTO • Aakanksha

ক’ভিডৰ সময়ত তেওঁৰ ব্যৱসায় মন্দা হৈ পৰিছিল। কিন্তু তাৰ পিছতো তেওঁ আশা এৰি দিয়া নাছিল

PHOTO • Aakanksha

মেচিনটোৱে গৰাকীজনৰ বিষয়েনো কি কয়, তাক লৈ উদয় সদায়ে আচৰিত হয়, ‘মই সেয়াই বিশ্বাস কৰোঁ,’ তেওঁ কয়

অনুবাদ: পংকজ দাস

Aakanksha

Aakanksha is a reporter and photographer with the People’s Archive of Rural India. A Content Editor with the Education Team, she trains students in rural areas to document things around them.

यांचे इतर लिखाण Aakanksha
Editor : Pratishtha Pandya

प्रतिष्ठा पांड्या पारीमध्ये वरिष्ठ संपादक असून त्या पारीवरील सर्जक लेखन विभागाचं काम पाहतात. त्या पारीभाषासोबत गुजराती भाषेत अनुवाद आणि संपादनाचं कामही करतात. त्या गुजराती आणि इंग्रजी कवयीत्री असून त्यांचं बरंच साहित्य प्रकाशित झालं आहे.

यांचे इतर लिखाण Pratishtha Pandya
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

यांचे इतर लिखाण Pankaj Das