“যিকোনো দেশ, ভাষা বা ধৰ্মৰ ইতিহাস ৰজা, চৰ্দাৰ আৰু নেতাৰ কৰ্মৰাজীৰে ভৰি থাকে। সেই ইতিহাসত সাধাৰণ মানুহৰ বেছি কথা নাথাকে, যদিওবা তেওঁলোকৰ অবিহনে ইতিহাসৰ অস্তিত্ব অসাৰ। কিন্তু এনে সময়ো আহে যে শক্তিশালী অভিজাতসকলে এই ইতিহাস নিজৰ কৰি লয়,” বৰ্তমান কুনো ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিত বাস কৰা মেৰাজুদ্দিনে কয়। অৰণ্যখনৰ অধিবাসী হৈও আদিবাসী আৰু দলিতসকলে অধিকাৰ হেৰুওৱাৰ বেদনা উদ্যানখনৰ আশে-পাশে থকা সম্প্ৰদায়বোৰৰ সৈতে ওতঃপ্ৰোতঃভাৱে জড়িত হৈ কাম কৰি থকা মেৰাজুদ্দিনে মৰ্মে মৰ্মে উপলব্ধি কৰিছে আৰু তাকেই কবিতাৰ যোগেদি দাঙি ধৰিছে।

মেৰাজুদ্দিন ছৈয়দে কবিতাটো উৰ্দু ভাষাত কৰা আবৃত্তি শুনিব পাৰে

কবিতাটোৰ ইংৰাজী অনুবাদৰ প্ৰতিষ্ঠা পাণ্ড্যাই কৰা আবৃত্তি শুনিব পাৰে

শুনা , মই এতিয়াও জীয়াই আছো

হে মন্দিৰ আৰু মছজিদৰ সৃষ্টিকৰ্তা
ভাষা আৰু ৰাষ্ট্ৰৰ হৰ্তা-কৰ্তা
শুনা, মই এতিয়াও জীয়াই আছো।

তুমি কৰ্তৃত্বৰ কিৰীটি পিন্ধা,
তুলাচনীত তুমি মানুহ জোখা,
ন্যায় আৰু দহোজনৰ হিত তুমি উপেক্ষা কৰা,
মানুহৰ মোল তুমি পাহৰি গৈছা,
শুনা, মই জীয়াই আছো,
লিখি লোৱা, মই এতিয়াও জীয়াই আছো।

হয়, মোৰ গা এতিয়া অসুখীয়া
পেটৰ ভোকত জ্বলো দিনে-নিশা
এটোপাল পানীও শৰীৰত নাইকিয়া,
শুকাই গৈছে মোৰ শিৰা-উপশিৰা,
কিন্তু ৰৈ যোৱা নাই উশাহ
জানি থোৱা, মই এতিয়াও জীয়াই আছো।

কোন ভুল, কোন শুদ্ধ,
স্বেচ্ছাচাৰে নিৰ্ণয় কৰা অ’ নৃপতি,
আৰু তোমাৰ কলম গঢ়োৱা সেই বুদ্ধিজীৱি,
বন্ধ কৰা টুকিবলৈ ঘঁৰিয়ালৰ চকুপানী
বন্ধ কৰা ‘মই-বৰ, মই জানো’ৰ শ্ৰুতিকটু পুনৰাবৃত্তি
পইচাৰ কাৰণে কান্দি থকা নপতা নৃপতি
এৰা এই বৃত্তি, এই অপলাপ
মই এতিয়াও জীয়াই আছো
শুনা, মই এতিয়াও জীয়াই আছো।

কোনে লিখিলে অৰ্থনীতিৰ আইন?
কোনে লিখিলে সেই ৰাজনীতিৰ শাসন,
যিহেৰে তুমি আজি নৃপতি, শাসনাধিপতি?
কি চলনাৰে লিখিলা সেই অধ্যায়বোৰ?
এতিয়া লিখা, মই জীয়াই আছো।
শুনা, মই এতিয়াও জীয়াই আছো।

তুমি হ’ব পাৰা কোনো ধৰ্মীয় নেতা,
কিন্তু সেই পয়গম্বৰ মোৰ,
মন্দিৰ মোৰ, সেয়ে ভগৱানো মোৰ।
গুৰুদ্বাৰা আৰু গীৰ্জাবোৰ মোৰ।
সোনকালে আঁতৰি দিয়া তাৰ পৰা,
কাৰণ মই জীয়াই আছো,
শুনা, মই এতিয়াও জীয়াই আছো।
গৈ কোৱা ৰজাক, লজ্জাহীন দালাল-মন্ত্ৰীহঁতক,
হিংসাৰ বীজ সিঁচা সকলোকে কৈ দিয়া,
মই জীয়াই আছো,
কোৱাগৈ, মই এতিয়াও জীয়াই আছো।

(original)  سن لو کہ ابھی میں زندہ ہوں

اے دیر و حرم کے مختارو
اے ملک و زباں کے سردارو
سن لو کہ ابھی میں زندہ ہوں

اے تاج بسر میزان بکف
تم عدل و حمایت بھول گئے
کاغذ کی رسیدوں میں لکھ کر
انسان کی قیمت بھول گئے
لکھو کہ ابھی میں زندہ ہوں

سن لو کہ ابھی میں زندہ ہوں

مانا کہ طبیعت بھاری ہے
اور بھوک بدن پر طاری ہے
پانی بھی نہیں شریانوں میں
پر سانس ابھی تک جاری ہے
سنبھلو کہ ابھی میں زندہ ہوں

سن لو کہ ابھی میں زندہ ہوں

اے شاہ سخن فرزانہ قلم
یہ شورش دانم بند کرو
روتے بھی ہو تم پیسوں کے لیے
رہنے دو یہ ماتم بند کرو
بخشو کہ ابھی میں زندہ ہوں

سن لو کہ ابھی میں زندہ ہوں

آئین معیشت کس نے لکھے
آداب سیاست کس نے لکھے
ہے جن میں تمہاری آغائی
وہ باب شریعت کس نے لکھے
لکھو کہ ابھی میں زندہ ہوں

سن لو کہ ابھی میں زندہ ہوں

اے پند گران دین و دھرم
پیغمبر و کعبہ میرے ہیں
مندر بھی مرے بھگوان مرے
گرودوارے کلیسا میرے ہیں
نکلو کہ ابھی میں زندہ ہوں

سن لو کہ ابھی میں زندہ ہوں

کہہ دو جا کر سلطانوں سے
زرداروں سے ایوانوں سے
پیکار تمدّن کے حامی
بے ننگ سیاست دانوں سے
کہہ دو کہ ابھی میں زندہ ہوں

سن لو کہ ابھی میں زندہ ہوں


অনুবাদ: পংকজ দাস

Poem and Text : Syed Merajuddin

सैद मेराजुद्दीन एक कवी आणि शिक्षक आहेत. ते मध्य प्रदेशातील आगराचे रहिवासी आहेत. ते आधारशीला शिक्षा समिती या संस्थेचे सह-संस्थापक आणि सचिव आहेत. ही संस्था विस्थापनानंतर कुनो अभयारण्याच्या वेशीवर राहत असलेल्या आदिवासी आणि दलित मुलांसाठी माध्यमिक शाळा चालवते.

यांचे इतर लिखाण Syed Merajuddin
Illustration : Labani Jangi

मूळची पश्चिम बंगालच्या नादिया जिल्ह्यातल्या छोट्या खेड्यातली लाबोनी जांगी कोलकात्याच्या सेंटर फॉर स्टडीज इन सोशल सायन्सेसमध्ये बंगाली श्रमिकांचे स्थलांतर या विषयात पीएचडीचे शिक्षण घेत आहे. ती स्वयंभू चित्रकार असून तिला प्रवासाची आवड आहे.

यांचे इतर लिखाण Labani Jangi
Editor : PARI Desk

PARI Desk is the nerve centre of our editorial work. The team works with reporters, researchers, photographers, filmmakers and translators located across the country. The Desk supports and manages the production and publication of text, video, audio and research reports published by PARI.

यांचे इतर लिखाण PARI Desk
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

यांचे इतर लिखाण Pankaj Das