কিবা তিক্ততা, দুখ থাকি গ’ল নেকি? ষাঠি বছৰ আগতে ভাৰতীয় কমিউনিষ্ট পাৰ্টি যে দুটা ভাগত বিভক্ত হৈ গ’ল। সেই বিভাজন সুখৰ নিশ্চয় নাছিল।
“কিন্তু আমি তাৰ পিছতো বিভিন্ন সমস্যা সমাধান আৰু সংগ্ৰামৰ ক্ষেত্ৰত একেলগে কাম কৰিছো,” নল্লকন্নুৱে কয়। “ইজনে সিজনৰ প্ৰতি আগৰ দৰে একেই দৃষ্টিভংগী ৰাখি আমি কাম কৰি গৈছো।”
“আমি দুয়ো যেতিয়াই লগ লাগো, তেতিয়া আমি এটা পাৰ্টি হৈ পৰো,” শংকৰিয়াই কয়।
বৰ্তমানৰ সাম্প্ৰদায়িক হিংসা আৰু বিদ্বেষৰ বাতাবৰণক লৈ তেওঁলোকৰ মন্তব্য কি? দেশৰ অস্তিত্বৰ প্ৰতি ই ভাবুকিৰ সৃষ্টি কৰিছে নেকি? দেশখন বাচিবনে, যিখন দেশৰ স্বাধীনতাৰ বাবে তেওঁলোকে যুঁজিছিল।
‘স্বাধীনতা আন্দোলনৰ সময়তো এনে মুহূৰ্ত আহিছিল, যেতিয়া কথাবোৰ ধুঁৱলী-কুঁৱলী হৈ পৰিছিল। আমি স্বাধীনতা হাচিল কৰিব নোৱাৰোঁ - মানুহে আমাক এনে কথা ক’বলৈ ধৰিছিল। আমি হেনো বিশ্বৰ বিশালতম সাম্ৰাজ্যৰ বিৰুদ্ধে যুঁজি আছো…কিন্তু সকলো সতৰ্কবাণী আৰু ভাবুকি নেওচি আমি আগবাঢ়িছিলো। আৰু যিয়েই কি নহওঁক, আমি যুঁজিছিলো। সেই কাৰণতে আমি আজিৰ এই দিনটোত উপনীত হ’ব পাৰিছো।’
দেশত বৰ্তমান ইটো মূৰৰ পৰা সিটো মূৰলৈ একতাৰ সেতু বন্ধাৰ অতিকৈ প্ৰয়োজন হৈ পৰিছে, সেই কথা দুয়োগৰাকীয়ে কয়। অতীতৰ দৰে পৰস্পৰৰ কাষ চাপি কান্ধত হাত থৈ ইজনৰ পৰা সিজনে শিকিব লাগিব। “মোৰ মনত আছে যে ইএমএছ (নম্বুদিৰিপদ)ৰ কোঠাটো গান্ধীৰ এখন ফটো আছিল,” আৰএনকেয়ে কয়।
দেশৰ ৰাজনৈতিক পৰিস্থিতিয়ে আমাৰ দৰে লাখ লাখ লোকক শংকিত কৰি তোলাৰ সময়ত তেওঁলোক দুয়োজন কেনেকৈ তাক লৈ ইমান শান্ত আৰু আশাবাদী হৈ থাকিব পাৰিছে? নল্লকন্নুৱে কান্ধদুখন ওপৰলৈ সামান্য তুলি কয়, “আমি ইয়াতকৈও বেয়া দিন দেখিছো।”
পুনশ্চ:
২০২২ৰ স্বাধীনতা দিৱসৰ দিনা, যেতিয়ালৈ দা লাষ্ট হিৰ’জ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম কিতাপখন ইতিমধ্যে ছপাশাললৈ যায়, তামিলনাডু চৰকাৰে আৰএনকেক তগইছল তামিলড় বঁটা প্ৰদান কৰে। ২০২১ৰ পৰা প্ৰদান কৰি অহা এই বঁটা তামিলনাডুৰ শ্ৰেষ্ঠ বঁটা, যিটো তামিলনাডু আৰু তামিল সম্প্ৰদায়ৰ বাবে বৃহৎ অৰিহণা যোগোৱা ব্যক্তিক দিয়া হয়। বঁটাৰ লগতে ১০ লাখ টকা মুখ্যমন্ত্ৰী এমকে ষ্টালিনে ছেইণ্ট জৰ্জ দূৰ্গৰ পৰা প্ৰদান কৰে।
অনুবাদ: পংকজ দাস