অঞ্জনা দেৱীয়ে ভাবে বাজেটৰ খবৰ ৰখা পুৰুষৰ কাম।
“মৰ্দ লৌগ হি জানতা হ্যে য়ে সব, লেকিন ৱহ তৌহ নহী হ্যে ঘৰ পৰ (মতাবোৰেহে জানে এইবোৰ কথা, কিন্তু মোৰ মানুহজন ঘৰত নাই),” তেওঁ কয়। অৱশ্যে ঘৰৰ বাজেটখন তেওঁৰ হাততে থাকে। তেঁৱেই ঘৰখন চলায়। অঞ্জনা এগৰাকী চমাৰ, অনুসূচিত জাতিৰ লোক।
“বজ্জট (বাজেট)!” তেওঁ নতুন কিবা ঘোষণাৰ কথা শুনিছে নেকি, তাকে চিন্তা কৰি কয়। “অ সব তা হম নহী সুনে হ্যে (সেইবিষয়ে মই একো শুনা নাই)।” কিন্তু, বিহাৰৰ বৈশালী জিলাৰ সন্ধো ৰত্তি গাঁৱৰ এই দলিত বাসিন্দাগৰাকীয়ে কয়, “ই সব (বাজেট) পেইচা ৱালা লোগ কে লিয়ে হ্যে (এইবোৰ ধনী মানুহৰ বস্তু)।”
আমি তেওঁলোকৰ ঘৰলৈ যোৱাৰ সময়ত অঞ্জনাৰ স্বামী আশী বছৰীয়া শম্ভু ৰামে ভক্তিমূলক গীত পৰিৱেশন কৰিবলৈ বাহিৰলৈ গৈছিল। তেওঁ ঘৰতে ৰেডিঅ’ মেৰামতিৰ দোকান চলায়। কিন্তু গ্ৰাহক তেনেই কম। “আমি কোনোমতে সপ্তাহত ৩০০-৪০০ টকা উপাৰ্জন কৰোঁ,” তেওঁ কয়। তেনেকৈ বছৰত হয়গৈ মোটামুটি ১৬,৫০০ টকা। নাইবা চৰকাৰে ব্যক্তিৰ উপাৰ্জনৰ ক্ষেত্রত কৰ ৰেহাইৰ ধৰি দিয়া ১২ লাখৰ মাত্ৰ ১.৩৭ শতাংশ। আমি কৰ ৰেহাইৰ কথা উলিয়াওতে তেওঁ হাঁহি হাঁহি কয়, “আমি কেতিয়াবা সপ্তাহত ১০০ টকা এটা উপাৰ্জন কৰিব নোৱাৰো। এতিয়া ম’বাইল ফোনৰ যুগ। এতিয়া আৰু কোনেও ৰেডিঅ’ নুশুনে,” তেওঁ অভিযোগৰ সুৰত কয়।





