য়ো হান তামাছা মত সমঝো , পুৰখা কী অমৰ নিচানি ছে !
হানক মনোৰঞ্জনৰ সাধাৰণ আহিলা বুলি ভুল নকৰিব; এয়া আমাৰ পূৰ্বপুৰুষৰ পৰা একাদিক্ৰমে চলি অহা এক ঐতিহ্য

ৰাজস্থানৰ দক্ষিণ-পূব অঞ্চলত অৱস্থিত হাদোটি জিলাৰ উদযাপিত হান সন্দৰ্ভত সংগোড় জিলাৰ কোটাৰ প্ৰয়াত কবি সুৰজমল বিজয়ে এইদৰে কৈছিল৷

‘‘কোটি কোটি টকা খৰচ কৰিও কোনো চৰকাৰে এই উৎসৱক স্বীকৃতি দিব নোৱাৰিলে’’, গাঁওখনৰ সোণাৰী ৰামবাবুয়ে এইদৰে কয়৷ ‘‘আমাৰ গাঁৱৰ লোকে নিজে নিজৰ সংস্কৃতিৰ বাবে এই উৎসৱৰ আয়োজন কৰি আহিছে৷’’ ১৫শ শতিকাত ইয়াত লোক নায়ক সংগ গুৰ্জৰে বাস কৰিছিল বুলি বিশ্বাস কৰা হয় আৰু তেওঁৰ সন্মানাৰ্থে গাঁওবাসীয়ে ফাকুৱাৰ ঠিক পিছতে পাঁচদিনীয়াকৈ এই উৎসৱ পালন কৰে৷

‘হান’ৰ আক্ষৰিক অৰ্থ হ’ল ‘স্নান’ কৰা৷ ইয়াৰ জৰিয়তে ফাকুৱাৰ পিছতে সামূহিক স্বচ্ছতাৰ সংযোগ স্থাপন কৰা হৈছে৷ সংগোড়ৰ লোকসকলে সম্পূৰ্ণ নিজা উদ্যমত এই উৎসৱৰ আয়োজন কৰে৷ দৈনিক জীৱন চৰ্যাৰ পৰা আঁতৰি তেওঁলোকে মেক্-আপ আৰু ৰংচঙীয়া কাপোৰ পৰিধান কৰি অসাধাৰণ ভূমিকাত অৱতীৰ্ণ হয়৷

কোটাৰ সংগোড় জিলাত উদযাপিত হান উৎসৱৰ ভিডিঅ চাওক

‘‘মোগল সম্ৰাট ছাহজাহানৰ ৰাজত্বকালত অৰ্থাৎ ৪০০-৫০০ বছৰ পূৰ্বে সংগোড়ত এজন বিজয়বৰ্গীয়া ‘মহাজন’ আছিল’’, ৰামবাবু ছোনীয়ে কৈ যায়৷ ‘‘তেওঁ ছাহজাহানৰ বাবে কাম কৰিছিল৷ অৱসৰৰ সময়ত এই স্থানত হান আয়োজন কৰিবলৈ তেওঁ সম্ৰাটৰ পৰা অনুমতি বিচাৰিছিল৷ তেতিয়াৰে পৰা সংগোড়ত এই উৎসৱ আয়োজিত  হৈ আহিছে৷’’

কলাকাৰসকলৰ বিভিন্ন কলাকৃতি, ভেল্কীবাজী আৰু নৃত্য-ভংগীমা চাবলৈ নিকটৱৰ্তী গাঁৱৰ পৰা সহস্ৰাধিক লোক সংগোড়লৈ আহে৷ দেৱী ব্ৰাক্ষ্মণীৰ অৰ্চনাৰে এই উৎসৱৰ শুভাৰম্ভ কৰা হয় আৰু ইয়াৰ পিছৰে ঘুঘৰি (সিজোৱা মাহ-প্ৰসাদ) প্ৰসাদ হিচাপে বিতৰণ কৰা হয়৷

‘‘ইয়াত বিভিন্ন ভেল্কীবাজী প্ৰদৰ্শন কৰা হয়, তৰোৱাল ভক্ষণ কৰা হয় আৰু লগতে বিভিন্ন কলা প্ৰদৰ্শন কৰা হয়’’, শিল্পী সত্যৰঞ্জন মালীয়ে এইদৰে কয়৷ ‘‘এজন মানুহে কাগজৰ টুকুৰা ভক্ষণ কৰিব আৰু পেটৰ ভিতৰৰ পৰা ৫০ ফুট দীঘল ৰছী এডাল উলিয়াই আনিব৷’’

PHOTO • Sarvesh Singh Hada
PHOTO • Sarvesh Singh Hada

বাঁওফালেঃ বিগত ৬০ বছৰ ধৰি ৰামবাৰু ছোনীৰ (মাজত বহি থকাজন) পৰিয়ালে হান উৎসৱত বাদশ্বাহৰ ভূমিকা লৈ আহিছে৷ সোঁফালেঃ সংগোড় বজাৰত এক্ৰ’বেট (দৈহিক নেপুণ্যজড়িত ক্ৰীড়াকৌশল) প্ৰদৰ্শন চাবলৈ লোহাৰো কা চ’কত বহুসংখ্যক লোক গোট খাইছে

উৎসৱৰ প্ৰধান আকৰ্ষণ হিচাপে এজন সাধাৰণ লোকে মুকুট পৰিধান কৰি বাদশ্বাহ কি সৱাৰী ত অংশগ্ৰহণ কৰে আৰু গাঁৱৰ মাজেৰে এক সমদলত যাত্ৰা কৰে৷ বিগত ৬০ বছৰ ধৰি ৰামবাবুৰ পৰিয়ালৰ লোকে এই বাদশ্বাহ ৰ ভূমিকা গ্ৰহণ কৰি আহিছে৷ ‘‘মোৰ পিতৃয়ে ২৫ বছৰ ধৰি এই চৰিত্ৰ ৰূপায়ণ কৰিছিল আৰু মই সেই ঐতিহ্য বিগত ৩৫ বছৰ ধৰি অব্যাহত ৰাখিছো’’, তেওঁ এইদৰে কয়৷ ‘‘সম্ৰাটৰ ভূমিকা সবাতোকৈ গুৰুত্বপূৰ্ণ, যেন এখন বোলছবিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰা প্ৰধান নায়কজন৷ এয়াও এখন বোলছবিৰ দৰেই৷’’

সেই দিনটোৰ বাবে যিয়ে এই ভূমিকা পালন কৰে, তেওঁৱেই সন্মান অৰ্জন কৰে৷

‘‘হয়, প্ৰতিবছৰে কেৱল এটা দিনৰ বাবে’’, উপস্থিতৰ মাজৰ এজনে কয়৷ ‘‘হয়, আজিৰ দিনটো তেওঁৱেই সম্ৰাট৷’’

অনুবাদক: মনোৰঞ্জন মজুমদাৰ

Sarvesh Singh Hada

Sarvesh Singh Hada is an experimental filmmaker from Rajasthan with a deep interest in researching and documenting the folk traditions of his native Hadoti region.

यांचे इतर लिखाण Sarvesh Singh Hada
Text Editor : Swadesha Sharma

Swadesha Sharma is a researcher and Content Editor at the People's Archive of Rural India. She also works with volunteers to curate resources for the PARI Library.

यांचे इतर लिखाण Swadesha Sharma
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

यांचे इतर लिखाण Manoranjan Majumder