সস্তীয়া উদ্ভাৱনীৰ এক সুন্দৰ নিদৰ্শন বুলি ক’বলৈ মন যাব পাৰে। কিন্তু ৬৫ বছৰ বৰ্ষীয় নাৰায়ন দেশাই ইয়াক তেওঁৰ শিল্পকলাৰ মৃত্যু বুলি কয়। ইয়াত তেওঁ শ্বেহনাইৰ নিৰ্মাণশৈলী আৰু কৌশলৰ পৰিৱৰ্তনৰ কথা কৈছে, যিটো বজাৰ চাই তেওঁ কৰিবলৈ বাধ্য হৈছে। এনেকৈ তেওঁৰ শিল্পই অস্তিত্ব সংকটত ভুগিবলৈ ধৰিছে বুলি তেওঁ বুজিছে।
শ্বেহনাই হৈছে এক সুষিৰ বাদ্য, অৰ্থাৎ বতাহ বলাই বজোৱা বাদ্যযন্ত্ৰ। বিয়া-সবাহ আৰু স্থানীয় অনুষ্ঠান আদিত শ্বেহনাই বজোৱা হয়।
দুবছৰ আগলৈকে দেশাইয়ে নিৰ্মাণ কৰা প্ৰতিটো শ্বেহনাইৰে শেষৰফালে পিতলৰ এটা ঘণ্টা লাগি আছিল। পৰম্পৰাগতা হস্তিনিৰ্মিত শ্বেহনাইত এই মেলাহি অংশটো, যাক মাৰাঠীত ভাতি বুলি কোৱা হয়, সি বাদ্যযন্ত্ৰবিধৰ কাঠৰ অংশটোৰ পৰা ওলোৱা সুৰক তীক্ষ্ণ আৰু শ্ৰুতিমধুৰ কৰি তোলে। সত্তৰৰ দশকত তেওঁৰ কৰ্মজীৱনৰ সোণালী কালচোৱাত নাৰায়নৰ হাতত সকলো সময়তে এক ডজন পিতলৰ ঘণ্টা থাকিছিল, সেয়া তেওঁ আনিছিল কৰ্ণাটকৰ বেলাগাভি জিলাৰ চিকোডি চহৰৰ পৰা।
কিন্তু শেহতীয়া বছৰবোৰত দুটা কাৰণত অৰ্ধশতিকাৰ অভিজ্ঞতাৰে নিখুঁত হৈ উঠা তেওঁৰ হাতদুখনে বাদ্যযন্ত্ৰবিধ নিৰ্মাণৰ কৌশল সলনি কৰিবলৈ বাধ্য হৈছে। এটা হৈছে কাঁহৰ ঘণ্টাৰ বৰ্ধিত দাম আৰু দ্বিতীয়টো হৈছে গ্ৰাহকৰ ফালৰ পৰা এটা ভাল শ্বেহনাইৰ বিনিময়ত যিমানখিনি পইচা দিব লাগে, সেয়া দিয়াত অনিচ্ছা।
“মানুহে এতিয়া ৩০০ৰ পৰা ৪০০ টকাত শ্বেহনাই বিচৰা হৈছে,” তেওঁ কয়। পিতলৰ ঘণ্টাটোতে ৫০০ টকা লাগে, মানুহে বিচাৰিলে দিয়াটো টান বুলি তেওঁ কয়। ভালেকেইটা সাম্ভাব্য অৰ্ডাৰ হাতৰ পৰা ওলাই যোৱাত নাৰায়নে এটা উপায় বিচাৰি উলিয়াইছে। “গাঁৱৰ মেলাৰ পৰা প্লাষ্টিকৰ পেঁপা আনি তাৰ পিছফালটো কাটি পেলালে সেয়া দেখাত ঘণ্টা যেন হয়, সেয়াই পিতলৰ ঘণ্টাৰ ঠাইত লগাই দিয়া কৰিলো।”
“সুৰৰ ওপৰত প্ৰভাৱ পৰে ঠিকেই, কিন্তু সেয়াই আজিকালি মানুহক লাগে,” তেওঁ দুখ কৰি কয়। জনা-বুজা ক্ৰেতাক তেওঁ নিজাকৈ ভাতি লগাই দিয়ে। প্লাষ্টিকৰ ঘণ্টাটোত মুঠে ১০ টকা খৰছ হয়, কিন্তু তেওঁৰ নিজৰ শিল্পৰ সৈতে কৰা আপোচ কৰাৰ ফলত তেওঁৰ মনটো সেমেকে।

























