বহুত কথা ক’বলগীয়া আছে, কিন্তু নকওঁ। মোৰ বয়স হৈছে, ৮৯ বছৰীয়া অভিজ্ঞতাৰ কিমান যে কাহিনী আছে। কিন্তু মই কেতিয়াও সেইবোৰ নকওঁ। বুকুত সাঁচি ৰাখো। বহুত ৰিপ’ৰ্টাৰ আৰু সাংবাদিক আহে আৰু মোৰ কাহিনী লিখে। তেওঁলোকে কিতাপ লিখে আৰু জগতখনক কৈ ফুৰে যে তেওঁলোকে মোক বিখ্যাত কৰিছে। বহুত সংগীতজ্ঞ আহি মোৰ সংগীত চুৰি কৰিবলৈ চেষ্টা কৰে। সেয়ে মই কাকো সাক্ষাৎ কৰিব নোখোজো। মোক লগ কৰিবলৈ যে পাইছা, তুমি ভাগ্যৱান।
সংগীত নাটক একাডেমী বঁটা পাইছো। অনুষ্ঠানটো দিল্লীত হৈছিল। বঁটা লওঁতে মোৰ চকু চলচলীয়া হৈছিল। মোৰ দেউতাই মোক কেতিয়াও স্কুললৈ নপঠিয়ালে। সেই শিক্ষাৰে চাকৰি পাবও পাৰো, নাপাবও পাৰো - এইবুলি তেওঁ চাগে ভাবিছিল। কিন্তু তেওঁ মোক কৈছিল যে ‘এই বাদ্যযন্ত্ৰ আমাৰ ইশ্বৰ।’ এয়া সঁচাকৈয়ে ইশ্বৰ। ইয়ে মোক সকলো দিলে। মোক মানৱতা শিকালে। বিশ্বই মোৰ নাম জানে। মোৰ টাৰ্পা ডাক টিকটত ছপোৱা হৈছে। আপুনি ম’বাইলত মোৰ নাম টাইপ কৰি চালে মোৰ ভিডিঅ’ দেখা পাব… আৰু কি লাগে জীৱনত? কুঁৱাৰ ভেকুলী এটাই বাহিৰৰ জগতখন নাজানে। মই সেই কুঁৱাৰ পৰা বাহিৰলৈ ওলাব পাৰিলো… জগতখন দেখিলো।
আজিৰ প্ৰজন্মই টাৰ্পাৰ সুৰত নানাচে। সিহঁতে ডিজে মাতে। মাতক। কিন্তু মোক এটা কথা কওঁক। যেতিয়া আমি পথাৰৰ পৰা শস্য চপাও, নতুন চাউল গাওঁদেৱীলৈ আগবঢ়াও, দেৱীৰ উপাসনা কৰোঁ, তেতিয়া কি আমি ডিজে বজামনে? সেই সময়ত আমাক আন একো নালাগে, টাৰ্পা কিন্তু লাগিবই।
পাৰিয়ে এই প্ৰতিবেদনৰ নথিবদ্ধকৰণত সহায়ৰ আগবঢ়োৱাৰ বাবে আৰোহনৰ মাধুৰী মুকানেলৈ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছ।
সাক্ষাকাৰ, লিপ্যন্তৰ আৰু ইংৰাজী অনুবাদ: মেধা কালে
আলোকচিত্ৰ আৰু ভিডিঅ’: সিদ্ধিতা সোণাৱানে
এই প্ৰতিবেদন দেশখনৰ বিলুপ্তপ্ৰায় আৰু সংকটাপন্ন ভাষাসমূহ নথিবদ্ধকৰণৰ উদ্দেশ্যে পাৰিয়ে হাতত লোৱা বিলুপ্তপ্ৰায় ভাষা প্ৰকল্পৰ এটা অংশ।
ৱাৰ্লি হৈছে ভাৰতৰ গুজৰাট, দমন আৰু দিউ, দাদৰা আৰু নগৰ হাভেলি, মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু গোৱাত বসবাস কৰা ৱাৰ্লি বা ভাৰ্লি আদিবাসী লোকে কোৱা ইণ্ডো-আৰ্য্য ভাষা। ইউনেস্কোৰ ভাষাৰ এটলাচত ভাৰ্লি ভাষাক ভাৰতৰ সাম্ভাব্য বিলুপ্তপ্ৰায় ভাষা হিচাপে চিহ্নিত কৰা হৈছে।
আমি মহাৰাষ্ট্ৰৰ ৱাৰ্লি ভাষা নথিবদ্ধ কৰাৰ লক্ষ্য হাতত লৈছো।
অনুবাদ: পংকজ দাস