বিশাল চেগুন গছ এজোপাৰ তলত ফেটী সাপটোৱে কুণ্ডলী পকাই ৰৈছিল। ৰত্তি তোলা গাঁৱৰ বাসিন্দাই বহুবাৰ চেষ্টা কৰিও সাপডালক তাৰপৰা আঁতৰাব পৰা নাছিল।
পাঁচ ঘণ্টা পিছত অসহায় গঞাই বাল্মিকী ব্যাঘ্ৰ সৰংক্ষিত অঞ্চলৰ এসময়ৰ বনৰক্ষী হিচাপে কাম কৰা মুন্দ্ৰিকা যাদৱক মাতিলে। তেওঁ বাঘ, নাহৰফুটুকী, গড় আৰু সাপকে ধৰি ২০০ৰো অধিক বন্যপ্ৰাণী উদ্ধাৰ কৰিছে।
মুন্দ্ৰিকাই উপস্থিত হৈ প্ৰথমে ফেঁটী সাপডালক খেদিবলৈ চেষ্টা কৰিলে, কিন্তু সাপডাল নগ’ল। “মই বাঁহৰ লাঠি এডাল তাৰ মুখৰ ওচৰলৈ নিয়াত সি লাঠিডাল কামুৰি ধৰিলে আৰু মই ৰছীডালত পেচ দিলো। তাৰপিছত তাক বস্তা এটাত ভৰাই হাবিত এৰি দিলো,” ৪২ বৰ্ষীয় মুন্দ্ৰিকাই কয়। “২০-২৫ মিনিটত মই তাক উদ্ধাৰ কৰিলো।”






