ভাৰতৰ প্ৰায় প্ৰতিগৰাকী কৃষকে জনা ইৰাংজী শব্দবোৰৰ বিষয়ে যদি ক’বলৈ কোৱা হয় তেন্তে সেইবোৰৰ ভিতৰত অন্যতম হ’ব ‘Swaminathan Report’ (স্বামীনাথন ৰিপ’ৰ্ট) বা ‘Swaminathan Commission Report’ (স্বামীনাথন কমিচনৰ ৰিপ’ৰ্ট)। কৃষকসকলে তেওঁলোকৰ বাবে সেই প্ৰতিবেদনত থকা মূল কথা 'ন্যুনতম সমৰ্থন মূল্য (MSP) হিচাপৰ সূত্ৰ’ৰ (C2+50 per cent) কথাও জানে।

অধ্যাপক এম.এছ. স্বামীনাথনক কেৱল যে চৰকাৰ, আমোলা-বিষয়া আৰু বিজ্ঞানৰ সৈতে জড়িত প্ৰতিষ্ঠানতে স্মৰণ কৰা হ’ব তেনে নহয়, ৰাষ্ট্ৰীয় কৃষক আয়োগ (NCF)ৰ প্ৰতিবেদন কাৰ্যকৰীৰ কৰিবলৈ বাৰম্বাৰ দাবী জনাই অহা এই বিশেষ ব্যক্তিগৰাকী কোটি কোটি কৃষকৰ হৃদয়তো সদায়েই গুঞ্জৰিত হৈ ৰ’ব।

ভাৰতীয় কৃষকসকলে অৱশ্যে ইয়াক থোৰতে 'স্বামীনাথন ৰিপ’ৰ্ট’ বুলি কৈ আহিছে, কিয়নো এনচিএফৰ অধ্যক্ষ হিচাপে তেওঁ দাখিল কৰা প্ৰতিবেদনৰ প্ৰভাৱে সমগ্ৰ দেশৰ কৃষিৰ ক্ষেত্ৰখনক ব্যাপকভাৱে চুই গৈছে।

এই প্ৰতিবেদনৰ কথা ক’বলৈ গ’লে ইউপিএ আৰু এনডিএ দুয়োখন চৰকাৰে কৰা প্ৰতাৰণা আৰু অৱদমনৰ কথাও আহি পৰে। প্ৰথমখন প্ৰতিবেদন দাখিল কৰা হৈছিল ২০০৪ চনত আৰু পঞ্চম তথা অন্তিমখন প্ৰতিবেদন দাখিল কৰা হৈছে ২০০৬ চনৰ অক্টোবৰত। এই প্ৰতিবেদনক লৈ সংসদৰ বিশেষ অধিৱেশন অনুষ্ঠিত হোৱাতো দূৰৰে কথা, নিয়মীয়া অধিৱেশনতো এই লৈ ভালকৈ এঘণ্টাও আলোচনা হোৱা দেখা নগ’ল। এনেকৈয়ে এতিয়া প্ৰথমখন প্ৰতিবেদন দাখিল কৰা ১৯ বছৰ পাৰ হৈ গ’ল।

বহু প্ৰতিশ্ৰুতিৰ মাজতে স্বামীনাথন প্ৰতিবেদনৰ এমএছপি সূত্ৰ ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি প্ৰদানৰ জৰিয়তে ২০১৪ চনত কেন্দ্ৰত শাসনলৈ আহে মোদী চৰকাৰ। কিন্তু তাৰ পৰিৱৰ্তে চৰকাৰে তাৎক্ষণিকভাৱে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰি কয় যে সেয়া কাৰ্যকৰী কৰাতো সম্ভৱ নহয় কিয়নো তাৰ ফলত বজাৰ মূল্যত অস্থিৰতাই দেখা দিব।

ইউপিএ আৰু এনডিএ দুয়োখন চৰকাৰেই জানিছিল যে এই প্ৰতিবেদনখনে কৃষকৰ পক্ষ ভালকৈয়ে লৈছিল, সেয়ে দুয়োখন চৰকাৰে কৃষি খণ্ডক ক’ৰ্পৰেট খণ্ডক গতাই দিবলৈ চেষ্টা চলাই গৈছিল। স্বাধীনতাৰ পিছত এই প্ৰতিবেদনেই আছিল কৃষিখণ্ডৰ বাবে এক ইতিবাচক ব্লু-প্ৰিণ্ট। এই প্ৰতিবেদনৰ আঁৰৰ ব্যক্তিগৰাকীয়ে সমগ্ৰ ক্ষেত্ৰখনকে এক নতুন দৃষ্টিভংগীৰে চাইছিল আৰু এক নব্য আৰ্হিৰ নিৰ্মাণ কৰিছিল। তেওঁ সাজোৰে এই মত উত্থাপন কৰিছিল যে কৃষিক্ষেত্ৰৰ বিকাশ কেৱল উৎপাদনৰ জৰিয়তে নহয়, কৃষকৰ উপাৰ্জন বৃদ্ধিৰ জৰিয়তেহে জুখিব পৰা যায়।

Women are central to farming in India – 65 per cent of agricultural work of sowing, transplanting, harvesting, threshing, crop transportation from field to home, food processing, dairying, and more is done by them. They were up front and centre when farmers across the country were protesting the farm laws. Seen here at the protest sites on the borders of Delhi.
PHOTO • Shraddha Agarwal

ভাৰতত কৃষিকাৰ্য্যৰ মেৰুদণ্ডস্বৰূপ মহিলাসকল। কৃষিকাৰ্য্যৰ ৬৫ শতাংশ কাম যেনে বীজ সিচা, কঠিয়া পৰা, শস্য চপোৱা, মৰণা মৰা, শস্য পথাৰৰ পৰা অনা, খাদ্য প্ৰক্ৰিয়াকৰণ আদি মহিলায়ে কৰে। দেশজুৰি কৃষকসকলে কৃষি আইন প্ৰত্যাহাৰৰ বাবে ৰাজপথত নমাৰ সময়ত তেওঁলোকেই খেতি-বাতি চম্ভালিছিল। এয়া দিল্লী সীমান্তৰ প্ৰতিবাদস্থলীৰ দৃশ্য

Bt-cotton occupies 90 per cent of the land under cotton in India – and the pests that this GM variety was meant to safeguard against, are back, virulently and now pesticide-resistant – destroying crops and farmers. Farmer Wadandre from Amgaon (Kh) in Wardha district (left) examining pest-infested bolls on his farm. Many hectares of cotton fields were devastated by swarming armies of the pink-worm through the winter of 2017-18 in western Vidarbha’s cotton belt. India has about 130 lakh hectares under cotton in 2017-18, and reports from the states indicate that the pink-worm menace has been widespread in Maharashtra, Madhya Pradesh and Telangana. The union Ministry of Agriculture of the government of India has rejected the demand to de-notify Bt-cotton
PHOTO • Jaideep Hardikar
Bt-cotton occupies 90 per cent of the land under cotton in India – and the pests that this GM variety was meant to safeguard against, are back, virulently and now pesticide-resistant – destroying crops and farmers. Farmer Wadandre from Amgaon (Kh) in Wardha district (left) examining pest-infested bolls on his farm. Many hectares of cotton fields were devastated by swarming armies of the pink-worm through the winter of 2017-18 in western Vidarbha’s cotton belt. India has about 130 lakh hectares under cotton in 2017-18, and reports from the states indicate that the pink-worm menace has been widespread in Maharashtra, Madhya Pradesh and Telangana. The union Ministry of Agriculture of the government of India has rejected the demand to de-notify Bt-cotton
PHOTO • Jaideep Hardikar

ভাৰতত কপাহৰ খেতিপথাৰৰ ৯০ শতাংশতে বিটি-কপাহৰ প্ৰজাতি লগোৱা হয়। এই বংশগত প্ৰকৰণ (জেনেটিকেলি ম’ডিফাইড চমুকৈ জি.এম.)য়ে যি যি কীট-পতংগৰ বিৰুদ্ধে যুঁজাৰ কথা আছিল, সেইবোৰ পুনৰাই আহিছে আৰু কীটনাশকৰ প্ৰতি প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলা নতুন কীট-পতংগই খেতিপথাৰ খাই তহিলং কৰিছে আৰু খেতিয়কক জুৰুলা কৰিছে। ৱাৰ্ধা জিলাৰ (বাওঁফালে) আমগাওঁ (খণ্ড)ৰ ৱাড়ান্দ্ৰেৰ খেতিয়কে তেওঁৰ খেতিৰ কপাহত পোকে ধৰা চাইছে। ২০১৭-১৮ত বিদৰ্ভৰ কপাহৰ খেতি হোৱা অঞ্চলত গুলপীয়া পোকে জাকে জাকে আহি কপাহৰ বহু হেক্টৰজোৰা কপাহৰ খেতি নষ্ট কৰি পেলাইছিল। ২০১৭-১৮ত ভাৰতত প্ৰায় ১৩০ লাখ হেক্টৰ মাটিত কপাহৰ খেতি হৈছিল আৰু প্ৰতিবেদনত উল্লেখ যে গুলপীয়া পোকৰ প্ৰাদুৰ্ভাৱ বেছি আছিল মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু তেলাংগনাত। ভাৰতত চৰকাৰৰ কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ে অৱশ্যে বিটি-কপাহ প্ৰত্যাহাৰৰ বাবে দাবী প্ৰত্যাখান কৰিছে

ব্যক্তিগতভাৱে মই তেওঁৰ সান্নিধ্যলৈ আহিছিলো ২০০৫ চনত, তেতিয়া তেওঁ আছিল এনচিএফৰ অধ্যক্ষ, মই তেওঁক বিদৰ্ভ ভ্ৰমণ কৰিবলৈ আহ্বান জনাইছিলো। সেই সময়ত উক্ত অঞ্চলটোত কোনো কোনো কৃষি কালত এদিনত ৬-৮ জনকৈ কৃষকে আত্মহত্যা সংঘটিত কৰাৰ খবৰ আহিছিল। পৰিস্থিতি বহুত ভয়াৱহ হৈ পৰিছিল যদিও সেয়া সংবাদ মাধ্যমৰ বা-বাতৰিৰ পৰা উপলব্ধি কৰাতো সম্ভৱ নাছিল। (২০০৬ চনত  আমি মাত্ৰ ৫ জন সাংবাদিককহে বিদৰ্ভৰ বাহিৰৰ পৰা উক্ত অঞ্চলটোৰ আটাইতকৈ ক্ষতিগ্ৰস্ত ৬খন জিলালৈ আহি কৃষকৰ আত্মহত্যাৰ বাতৰি পৰিৱেশন কৰা দেখিছিলো। একে সময়তে মুম্বাইত লেকমি ফেশ্যন উইক চলি আছিল আৰু সেই অনুষ্ঠানৰ বাতৰি যুগুতাবলৈ ৫১২ গৰাকী স্বীকৃতিপ্ৰাপ্ত সাংবাদিক আহিছিল আৰু প্ৰতিদিনে ১০০ৰো অধিক সংখ্যকে পাছ লাভ কৰিছিল। বিড়ম্বনাৰ কথা এয়ে যে যেতিয়া কপাহ খেতিৰ সৈতে জড়িত পুৰুষ, মহিলা আৰু তেওঁলোকৰ সন্তানে কিছু দূৰৈত আত্মহত্যা কৰিবলগীয়াত পৰিছিল সেই সময়ত উক্ত ফেশ্যন উইকৰ থিম আছিল কপাহী কাপোৰ।)

আকৌ ২০০৫লৈ উভতিছো। অধ্যাপক স্বামীনাথনে আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছিল আৰু তাৰ পিছতে আমি আশা কৰাতকৈ সোনকালে সাংবাদিকসকলে বাতৰি কৰিবলৈ আৰম্ভ কৰিছিল আৰু এনচিএফৰ দল বিদৰ্ভত উপস্থিত হৈছিল।

তেওঁৰ এই ভ্ৰমণকালত বিলাসৰাও দেশমুখ নেতৃত্বাধীন চৰকাৰখন শংকিত হৈ পৰিছিল আৰু পাৰ্যমানে আতিথ্য দিবলৈ চেষ্টা কৰিছিল, ইয়াৰ বাবে চৰকাৰখনে আমোলা-বিষয়াৰ সৈতে আলোচনাৰ আয়োজন কৰিছিল, কৃষি মহাবিদ্যালয়ত বিভিন্ন অনুষ্ঠানৰ যো-জা চলাইছিল। তেওঁ অতি বিনয়ৰে মহাৰাষ্ট্ৰ চৰকাৰক জনাইছিল যে চৰকাৰে বিচৰা ধৰণেই চৰকাৰে দেখুৱাব বিচৰা ঠাইসমূহলৈ তেঁও যাব, কিন্তু ইয়াৰ লগতে তেওঁ মই মোৰ লগতে জয়দীপ হাৰ্দিকাৰ আৰু আন সতীৰ্থ সাংবাদিকসকলৰ সৈতে যাবলৈ আহ্বান জনোৱা ঠাইবোৰলৈকো যাব।

ৱাৰ্ধাত আমি তেওঁক শ্যামৰাও খাটালেৰ ঘৰলৈ লৈ গৈছিলো, তেওঁৰ আটাইকেইগৰাকী পুত্ৰই আত্মহত্যা কৰিছিল। আমি উক্ত স্থান পাই জানিব পাৰিছিলো যে পুত্ৰশোকত দগ্ধ হৈ কেবাদিনো অনাহাৰে থকা ৰুগীয়া দেহৰ শ্যামৰাৱে কেইঘণ্টামান পূৰ্বে মৃত্যুক সাবতি লৈছিল। চৰকাৰে স্বামীনাথনে যাতে সেই ভ্ৰমণসূচী বাতিল কৰে তাৰ বাবে যথাসাধ্য চেষ্টা অব্যাহত ৰাখিছিল। কিন্তু তেওঁ সেইবোৰলৈ কৰ্ণপাত নকৰি আমাৰ সৈতে যাত্ৰা কৰিছিল।

Young Vishal Khule, the son of a famer in Akola’s Dadham village, took his own life in 2015. Seen here are Vishal's father, Vishwanath Khule and his mother Sheela (on the right); elder brother Vaibhav and their neighbour Jankiram Khule with Vishal’s paternal uncle (to the left). Dadham, with a population of 1,500, is among the poorest villages in western Vidarbha, Maharashtra’s cotton and soybean belt, which has been in the news since the mid-1990s for a continuing spell of farmers’ suicides. The region is reeling under successive years of drought and an agrarian crisis that has worsened
PHOTO • Jaideep Hardikar

আকোলাৰ দাড়ধাম গাঁৱৰ খেতিয়কৰ পুত্ৰ বিশাল কুলেয়ে ২০১৫ত আত্মহনন কৰিছিল। ইয়াত বিশালৰ পিতৃ বিশ্বনাথ খুলে আৰু তেওঁৰ মাতৃ শীলা (সোঁফালে); জ্যেষ্ঠ ভাতৃ বৈভৱ আৰু তেওঁলোকৰ চুবুৰীৰ জানকীৰাম খুলে আৰু বিশালৰ দেউতাকৰ ফালৰ খুৰাক (বাওঁফাললৈ)। পশ্চিম বিদৰ্ভৰ অন্যতম দৰিদ্ৰ গাওঁ দাধম, জনসংখ্যা ১,৫০০। ১৯৯০ৰ মাজভাগত কপাহ আৰু ছয়াবিনৰ খেতি হোৱা অঞ্চলটোৰ পৰা প্ৰায়ে কৃষকৰ আত্মহত্যাৰ খবৰ আহিছিল। অঞ্চলটো সঘনে খৰাং আৰু কৃষি সংকটত পৰি আহিছে, পৰিস্থিতি ভাললৈ অহা নাই

এই ভ্ৰমণকালত আৰু কেইটামান পৰিয়ালৰ ঘৰলৈ গৈ দুখ-দুৰ্দশাৰ বুজ লোৱাৰ পিছত তেঁওৰ চকুৰে চকুলো নিগৰিছিল। তেওঁ কৃষি ক্ষেত্ৰখনৰ অপ্ৰতিদ্বন্দী বুদ্ধিজীৱি বিজয় জৱান্ধিয়াই ৱাৰ্ধাৰ ৱাইফাদত আয়োজন কৰা কৃষক সোঁৱৰণি সভাতো ভাগ লৈছিল। সেই সময়ত তাত উপস্থিত থকা এজন কৃষকে বহি থকাৰ পৰা থিয় হৈ তেওঁলৈ চাই চৰকাৰে আমাক কিয় ইমান ঘৃণা কৰে বুলি খঙেৰে প্ৰশ্ন কৰিছিল। আমি সন্ত্ৰাসবাদী হ’লেহে চৰকাৰে আমাৰ কথা শুনিব নেকি বুলিও ক্ৰোধান্বিত কৃষকজনে প্ৰশ্ন কৰিছিল। তেতিয়া অধ্যাপক স্বামীনাথন অতিশয় মৰ্মাহত হৈ পৰিছিল আৰু অতি ধৈৰ্য্য আৰু সংযমেৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছিল।

স্বামীনাথনে ইতিমধ্যে ৮০ বছৰ বয়সত ভৰি দিছিল। তাৰ পিছতো তেওঁৰ শক্তি, শান্ত-সমাহিত স্বভাৱ আৰু কৃপাশক্তি দেখি তবধ মানিছিলো। আমি আৰু দেখিছিলো যে তেওঁক আৰু তেওঁৰ কাম-কাজক সমালোচনা কৰা লোকসকলৰ সৈতেও তেওঁ আন্তৰিকতাৰে সম্পৰ্ক বৰ্তাই ৰাখিছিল। তেওঁ ধৈৰ্য সহকাৰে সেয়া শুনিছিল, আনকি সমুখতে কৰা সমালোচনাকো তেওঁ মনোযোগোৰে শুনিব পাৰিছিল। আলোচনাচক্ৰ বা কৰ্মশালাবোৰলৈ ব্যক্তিগতভাৱে সমালোচনা কৰা লোকসকলকো আমন্ত্ৰণ জনোৱা কোনো লোক থাকিব পাৰে বুলিও মই তেওঁক নেদেখালৈকে জনা নাছিলো।

কেবাটাও দশক পিছলৈ ঘূৰি চাব পৰাতো আছিল মানুহগৰাকীৰ আন এক আকৰ্ষণীয় বিশেষত্ব আৰু তেওঁ নিজৰ কাম-কাজৰ ব্যৰ্থতাবোৰৰ বিষয়েও মুকলিকৈ ক’ব পাৰিছিল। সেউজ বিপ্লৱৰ সমান্তৰালভাৱে ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ পয়োভৰ ঘটা বিষয়টো আছিল তেওঁৰ কল্পনাৰো অগোচৰ আৰু সেই কথাক লৈ তেওঁ স্তম্ভিত হৈ পৰিছিল। সময় বাগৰাৰ লগে লগে তেওঁ পৰিৱেশৰ প্ৰতি, পানীৰ ব্যৱহাৰ আৰু পানীৰ অপচয়ক লৈ অধিক সংবেদনশীল হৈ পৰিছিল। বিগত কিছু বছৰ ধৰি তেওঁ নিজেই অনিয়ন্ত্ৰিত আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা জিনীয়ভাৱে পৰিৱৰ্তিত শস্যকলৈয়ো অধিক সমালোচনাত্মক হৈ পৰিছিল।

মানকম্বু সম্বাশিৱন স্বামীনাথনৰ মৃত্যুত ভাৰতে যে কেৱল আগশাৰীৰ কৃষি বিজ্ঞানী এগৰাকীক হেৰুৱালে সেয়াই নহয়, ভাৰতে হেৰুৱালে সূক্ষ্মদৰ্শনৰে পৰিপূৰ্ণ এগৰাকী মহান ব্যক্তিক।

এই প্ৰতিবেদনখন ২০২৩ৰ ২৯ ছেপ্টেম্বৰত দা ৱায়াৰত প্ৰথমে প্ৰকাশিত হৈছে।

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

पी. साईनाथ पीपल्स अर्काईव्ह ऑफ रुरल इंडिया - पारीचे संस्थापक संपादक आहेत. गेली अनेक दशकं त्यांनी ग्रामीण वार्ताहर म्हणून काम केलं आहे. 'एव्हरीबडी लव्ज अ गुड ड्राउट' (दुष्काळ आवडे सर्वांना) आणि 'द लास्ट हीरोजः फूट सोल्जर्स ऑफ इंडियन फ्रीडम' (अखेरचे शिलेदार: भारतीय स्वातंत्र्यलढ्याचं पायदळ) ही दोन लोकप्रिय पुस्तकं त्यांनी लिहिली आहेत.

यांचे इतर लिखाण साइनाथ पी.
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

यांचे इतर लिखाण Dhrubajyoti Dhanantari