ৰাজ্যিক পৰিবহনৰ ব্যস্ত বাছ আস্থান। বিভিন্ন দিশৰ পৰা গাড়ীৰ বিকট হৰ্ন বাজিছে, হকাৰে বিভিন্ন খাদ্য-সামগ্ৰী আৰু বটলৰ পানী বিক্ৰী কৰিছে আৰু তাৰ লগতে আছে আগমন-প্ৰস্থানৰ ঘোষণা। তেনে এটা কোলাহলপুৰ্ণ পৰিৱেশতে এই প্ৰতিবেদকক অনিল ঠম্বৰেয়ে কয়, “মই এই ওটিপিক লৈ বৰ ভয় খাওঁ। চাহা আকড়ে আনি পাইচা গায়ৱ (ছটা ডিজিট আৰু পইচা উধাও)।”
বাজেটৰ কথা তেওঁৰ কাণত নপৰা নহয়। তেওঁৰ ভাষাত সেয়া অৰ্থ সংকল্প। “৩১ জানুৱাৰীত ৰেডিঅ’ত কিবা বাতৰি শুনিছিলো। চৰকাৰে প্ৰতিটো বিভাগৰ বাবে কিবা ব্যৱস্থাৰ কথা ঘোষণা কৰিছিল। মই সেই বিষয়ে নাজানো। একো নহ’লেও ৰুপায়াত দহা পেইচে (এটাকত দহ পইচা)!” আড়কিট্টা এখনেৰে তামোল কাটি থকাৰ মাজতে তেওঁ কয়।
আমি নীৰৱ ঠাই এটুকুৰা বিচাৰি থকাৰ মাজতে তেওঁ আমাক নিজৰ ৰঙা আৰু বগা ৰঙৰ লাঠিডালেৰে কেণ্টিনলৈ লৈ গ’ল। ঠম্বৰে এগৰাকী দৃষ্টিগত দিশৰ পৰা বাধাগ্ৰস্ত লোক। সেই ঠাইৰ প্লেটফৰ্মবোৰ, মানুহৰ ভিৰ, কেণ্টিনৰ কাউণ্টাৰৰ লগতে চিৰিবোৰো তেওঁৰ চিনাকি। “ মোক কয়, মোৰ হেনো এমাহ বয়সতে সৰু আই ওলাইছিল। তেনেকৈয়ে মই মোৰ দৃষ্টিশক্তি সমূলি হেৰুৱাই পেলালো।”



