গাঁৱৰ কিছুমানে কয় যে তেওঁলোকে গাওঁসভাত তেওঁলোকৰ অংশগ্ৰহণক লৈ কেৱল ভাল পোৱাই নহয়, বহু মৌলিক সমস্যা সমাধানো বৈঠকৰ যোগেদি কৰিব পাৰিছে। “আমি আমাৰ পানীৰ সমস্যা সমাধান কৰিছো। আগতে মহিলাই পানীৰ বাবে বহুদূৰ যাবলগীয়া হৈছিল। এতিয়া গাঁৱৰ প্ৰতিটো ৰাস্তাতে পানী যোগান ধৰা হয়। ৰেচন আনিবলৈ আগতে আন গাঁৱলৈ যাবলগীয়া হৈছিল, এতিয়া ওচৰতে পাইছো,” বেনেডিক্ট অসুৰে কয়। “কেৱল সেয়াই নহয়, আমি আমাৰ গাওঁখন খননৰ পৰাও বচাইছো।”
গাঁৱৰ মানুহে মনত পেলায় কেনেকৈ বাহিৰৰ মানুহ আহি তেওঁলোকৰ গাঁৱত বক্সাইটৰ খননক লৈ সমীক্ষা চলাইছিল, গাঁৱৰ মানুহৰ সৈতে কথা পাতিছিল। তেতিয়া সকলো সচকিত হৈ পৰিছিল আৰু গাঁৱৰ মানুহে লগ লাগি তেওঁলোকক খেদি পঠিয়াইছিল।
লুপুংপাটৰ গঞা ৰাইজে গাওঁসভাৰ কমিটিখনৰ উপৰিও কেবাখনো কমিটি বনাইছে – মৌলিক আন্তঃগাঁথনি, জনসম্পদ, কৃষি, স্বাস্থ্য, গাওঁ সুৰক্ষা, শিক্ষা আৰু তদাৰকী – এই সকলো বিষয়ক লৈ গাওঁখনত এখন এখন কমিটি বনোৱা হৈছে।
“প্ৰতিখন কমিটিয়ে নিৰ্ধাৰিত বিষয়ক লৈ আলোচনা কৰে আৰু হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰে। তাৰপিছত তেওঁলোকে সেই সিদ্ধান্তৰ কথা লিখিত ৰূপত মৌলিক আন্তঃগাঁথনি কমিটিলৈ প্ৰেৰণ কৰে আৰু তাৰপিছত সেয়া যায় গাওঁ বিকাশ কমিটিলৈ,” গাওঁসভাৰ সদস্য খ্ৰীষ্ট’ফাৰে বুজাই কয়। “স্থানীয় পৰ্য্যায়ত যদি আমি গণতান্ত্ৰিক প্ৰক্ৰিয়া মজবূত কৰোঁ, তেতিয়া কল্যাণ আৰু সামাজিক ন্যায় নিশ্চিত হ’বই,” আজীম প্ৰেমজী ফাউণ্ডেচনৰ চেণ্টাৰ ফৰ ডেভলপমেণ্টৰ মুৰব্বী অধ্যাপক অশোক চিৰকাৰে কয়।
গাওঁসভাৰ কমিটিখন গাঁৱৰ সকলোলৈ মুকলি, তেওঁলোকে সিদ্ধান্ত লয় আৰু সেয়া গাওঁবুঢ়া আৰু ৱাৰ্ডৰ সদস্যই চেইনপুৰত থকা খণ্ড উন্নয়ন কাৰ্য্যালয়ত দাখিল কৰে।