“শিক্ষক হিচাপে মই শিকিছো মোৰ শিক্ষাৰ্থীৰ প্ৰতি আকুণ্ঠ আৰু নিস্বাৰ্থ চেনেহ আৰু সিহঁতক সকলো প্ৰকাৰে আদৰি লোৱা!”
মেধা টেংচেয়ে বৰ বিনয়েৰে, কিন্তু দৃঢ়তাৰে কথাটো দাঙি ধৰে। এগৰাকী বিশেষ শিক্ষক মেধা সাধনা গাঁৱৰ প্ৰতিস্থাপক সদস্য। তাত ৩০ জন বিভিন্ন বয়স আৰু বৌদ্ধিক সামৰ্থ্যৰ লোকক মৌলিক পাৰদৰ্শিতাৰ আদিপাঠ শিকোৱা হয়। তাৰ লগতে সংগীত, ছবি অঁকা আৰু নৃত্যও শিকোৱা হয।
সাধনা গাওঁখন আচে পুণে জিলাৰ মুলচি ব্লকত। বৌদ্ধিকভাৱে বিশেষ বয়স্কসকলৰ বাবে এই আৱাসিক প্ৰতিষ্ঠানত শিক্ষাৰ্থীসকলক ‘বিশেষ বন্ধু’ বুলি কোৱা হয আৰু সাংবাদিক হিচাপে প্ৰশিক্ষণপ্ৰাপ্ত মেধা তাইয়ে ১০ গৰাকী আৱাসিক শিক্ষাৰ্থীৰ আগত তেওঁৰ ভূমিকা গ্ৰুহ মাতা (গৃহমাতৃ) হিচাপে উপস্থাপন কৰে। তাৰ অৰ্থ হৈছে “এগৰাকী মাতৃ যি এগৰাকী শিক্ষকো।”
এই আত্মিকতাৰ বান্ধোন সত্যভামা আলহাতেও বুজি পায়। পুণেৰ ধয়াৰি স্কুল ফৰ হেযাৰিং ইমপেয়াৰ্ড নামে বিদ্যালয়খনৰ এই বিশেষ শিক্ষয়িত্ৰী সেইবাবে তেওঁৰ সৈতে একমত। “আমাৰ দৰে আৱাসিক স্কুলত পঢ়ুওৱা শিক্ষকসকল আচলতে এগৰাকী অভিভাৱকো, আৰু আমি আমাৰ ল’ৰা-ছোৱালীহঁতক সিহঁতৰ ঘৰখনলৈ মনত পেলাই দুখ কৰাৰ সুৰুঙা নিদিও,” নাগ পঞ্চমী উপলক্ষে কেইগৰাকীমান ছাত্ৰীক ফুগাড়ি খেল শিকাবলৈ আগবঢ়া সত্যাভামাই কয়। ধয়াৰি হৈছে এখন প্ৰাথমিক বিদ্যালয়। ৪০ গৰাকী আৱাসিক শিক্ষাৰ্থী থকা স্কুলখনত ১২ গৰাকী বিশেষজ্ঞ শিক্ষক আছে। তেওঁলোক মহাৰাষ্ট্ৰ, কৰ্ণাটক, দিল্লী, পশ্চিমবংগ আৰু ৰাজস্থান তথা আন আন স্থানৰ পৰা তালৈ আহিছে।
































