ভাৰতী কাস্তে (২৩)ৰ বাবে তেওঁৰ পৰিয়ালটোৱেই আছিল সৰ্বস্ব। তেওঁ মেট্ৰিক পৰীক্ষা দিয়েই স্কুল এৰি কামত ধৰিছিল যাতে তেওঁৰ সৰু ভনীয়েককেইজনীয়ে পঢ়া-শুনা আগবঢ়াই যাব পাৰে। কোম্পানী এটাত তেওঁ সহায়ক হিচাপে কাম কৰিছিল। দিনে-ৰাতিয়ে কষ্ট কৰিছিল যাতে শ্ৰমিক ভাতৃ আৰু পিতৃক সামান্য জীৰাবলৈ সময় দিব পাৰে। পৰিয়ালটোক লৈয়ে তেওঁৰ সকলো চিন্তা-ভাৱনা কেন্দ্ৰীত হৈ ৰৈছিল। কিন্তু ২০২১ৰ মে’ মাহৰ এটা দিনত সকলো সলনি হৈ গৈছিল।
তাৰপিছত পৰিয়ালৰ কথা ভাবিবলৈ পৰিয়ালটোৱেই নাথাকিল।
২০২১ৰ ১৩ মে’ৰ নিশা। মধ্যপ্ৰদেশৰ দেৱাস জিলাৰ নেমাৱাৰ গাওঁ নিবাসী ভাৰতীৰ পৰিয়ালটোৰ পাঁচজন সদস্য নিৰুদ্দেশ হৈ গ’ল। তেওঁৰ ভনী দুজনী, ৰূপালী (১৭) আৰু দিব্যা (১২), তেওঁৰ মাতৃ মমতা (৪৫) আৰু তেওঁৰ সম্পৰ্কীয় ভাই-ভনী পূজা (১৬), পৱন (১৪)য়ে হঠাতে নাইকিয়া হৈ গ’ল। “সিহঁত কাকো মই নোপোৱা হ’লো,” তেওঁ কয়। “এটা দিন পাৰ হোৱাৰ পিছতো কোনো ঘৰলৈ উভতি নহাত আমি অতিশয় সংকিত হৈ পৰিলো।”
ভাৰতীয়ে থানাত গৈ নিৰুদ্দেশ হোৱাৰ অভিযোগ দাখিল কৰিলে। তেতিয়া আৰক্ষীয়ে বিষয়টোৰ তদন্ত কৰিবলৈ ল’লে।
এটা দিন বাগৰি দুটা দিনত পৰিল, তৃতীয় দিন আহিল। পৰিয়ালটোৰ সদস্যকেইজন কিন্তু উভতি নাহিল। এটা এটা দিন বাগৰাৰ লগে লগে তেওঁলোকৰ নিৰুদ্দেশ হোৱাৰ কথাত তেওঁৰ টোপনি নহা হ’ল। ভাৰতীৰ পেটৰ গামোচাৰ গাঠিটো আৰু টান হ’ল। ঘৰখনৰ নীৰৱতাৰ কোলাহল বাঢ়িল।
মনৰ মাজত ভয়বোৰ আৰু বেছি গহন হৈ পৰিল।










