টাক-টাক-টাক !
কোড়াভাটিপুড়িৰ টাৰপুলিনেৰে ঢকা জুপুৰি ঘৰকেইটাৰ পৰা ছন্দোময় শব্দ ভাঁহি আহে৷ মুলামপাকা ভদ্ৰৰাজুই কাঠৰ হাতুৰীৰ দৰে চেক্কাচুট্টিৰে পাত্ৰকেইটাত বিশেষ ধৰণে মৃদু আঘাত কৰিছে যাতে পাত্ৰকেইটাই উৎকৃষ্ট গোলাকাৰ আকৃতি লাভ কৰে।
‘‘পাত্ৰটোৰ তলৰ অংশ বন্ধ কৰিবলৈ ডাঙৰ চেক্কাচুট্টি ব্যৱহাৰ কৰা হয়। নিয়মীয়াটোৰে তলৰ অংশ অধিক মসৃণ কৰিব পাৰি। আটাইতকৈ ক্ষীণ চেক্কাচুট্টিৰে গোটেই পাত্ৰটো মসৃণ কৰিবলৈ ব্যৱহাৰ কৰা হয়’’, ৭০ বৰ্ষীয় ভদ্ৰৰাজুই এটাৰ পিছত এটা কাঠৰ হাতুৰী সলনি কৰি কৰি গোটেই প্ৰক্ৰিয়াটো বৰ্ণনা কৰে।
তেওঁ কয় যে ক্ষীণ আৰু নিয়মীয়া আকাৰৰ হাতুৰীকেইটা পাম গছৰ (Borassus flabellifer) ডালেৰে নিৰ্মাণ কৰা হয় আৰু ডাঙৰ হাতুৰীটোৰ বাবে অৰ্জুন গছৰ (Terminalia arjuna) ডাল ব্যৱহাৰ কৰা হয়। এইদৰে কৈ তেওঁ আটাইতকৈ ক্ষীণ চেক্কাচুট্টিটো হাতত তুলি লয় আৰু লগে লগে তেওঁৰ হাতৰ ছন্দও তীব্ৰ হৈ আহে।
বিশ ২০ ইঞ্চিৰ ব্যাসাৰ্ধৰ এটা ডাঙৰ মাটিৰ পাত্ৰক আকৃতি প্ৰদান কৰিবলৈ তেওঁৰ প্ৰায় ১৫ মিনিটমান সময়ৰ প্ৰয়োজন হয়। পাত্ৰটো নিৰ্মাণ কৰি থকাৰ সময়ত যদি এটা অংশ ভাঙি যায়, তেওঁ ততালিকে মাটি অকণমান ভঙা অংশটোত লগাই পাত্ৰটো পুনৰ গঢ়ি তোলে।









