পলিষ্টাৰৰ শাড়ী এখন ৯০ টকাত পালে কোনে ৩০০ টকা দি কোটপাড় শাৰী কিনিবলৈ আহিব, মধুসূদন তাঁতীয়ে ভাবি আচৰিত হয়।

ওড়িশাৰ ক’ৰাপুট জিলাৰ কোটপাড় টেহচিল দংগ্ৰিগুড়া গাঁৱৰ এইগৰাকী চল্লিশ বছৰীয়া শিপিনীয়ে কেবাদশক ধৰি প্ৰখ্যাত কোটপাড় শাড়ী ব’ই আহিছে। কোটপাড় শাড়ীৰ ফুলবোৰ বৰ সুক্ষ্ম – এই শাড়ীবোৰ ক’লা, ৰঙা আৰু মুগা কপাহী সূতাৰে বোৱা হয়।

“তাঁতশালেই আমাৰ পৰিয়ালৰ প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি জীৱিকা উপাৰ্জনৰ বাট। মোৰ ককাই, দেউতাই তাঁতশালত বহিছিল, এতিয়া মোৰ ল’ৰাটো বহে,” মধুসূদনে কয়। শিপিনীৰ কামেৰে আঠজনীয়া পৰিয়ালটো পুহিব নোৱাৰা মধুসূদনে আন বেলেগ বেলেগ কামো কৰিবলগীয়া হয়।

আ ৱিভ ইন টাইম – এই চলচ্চিত্ৰখন ২০১৪ চনত নিৰ্মিত। চলচ্চিত্ৰখনত মধুসূদনে পুৰুষানুক্ৰমে আহৰণ কৰা এই হস্ততাঁত শিল্পকলাৰ কৌশল আৰু শিল্পবিধ জীয়াই ৰখাত আহি পৰা বাধাৰ কথা কৈছে।

ভিডিঅ’টো চাওক: আ ৱিভ ইন টাইম

অনুবাদ: পংকজ দাস

Kavita Carneiro

Kavita Carneiro is an independent filmmaker based out of Pune who has been making social-impact films for the last decade. Her films include a feature-length documentary on rugby players called Zaffar & Tudu and her latest film, Kaleshwaram,  focuses on the world's largest lift irrigation project.

यांचे इतर लिखाण कविता कार्नेरो
Text Editor : Vishaka George

विशाखा जॉर्ज बंगळुरुस्थित पत्रकार आहे, तिने रॉयटर्ससोबत व्यापार प्रतिनिधी म्हणून काम केलं आहे. तिने एशियन कॉलेज ऑफ जर्नलिझममधून पदवी प्राप्त केली आहे. ग्रामीण भारताचं, त्यातही स्त्रिया आणि मुलांवर केंद्रित वार्तांकन करण्याची तिची इच्छा आहे.

यांचे इतर लिखाण विशाखा जॉर्ज
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

यांचे इतर लिखाण Pankaj Das