“অ সব ভোট-টোত চাৰো। সন্ধ্যে নামাৰ আগে অনেক কাজ গো…(ভোট-চোটৰ কথা এৰা! সন্ধা নমাৰ আগেয়ে বহুত কাম কৰি অটাবলগীয়া আছে…)” গোন্ধ যদি সহ্য কৰিব পাৰা, তেন্তে ইয়াতে আমাৰ লগত আহি বহা,” মালতী মালে তেওঁৰ কাষতে থকা খালি ঠাইখিনিলৈ আঙুলিয়াই দি কয়। ধূলি-বালিৰ মাজত দ’মাই থোৱা পিঁয়াজৰ কাষতে বহি থকা মহিলাৰ গোট এটাৰ মাজত মোক বহাৰ বাবে তেওঁ মোক মাতিছে। গাওঁখনত ঘূৰি ফুৰা, এই মহিলাসকলৰ আশে-পাশে থকাৰ, তেওঁলোকক আহি থকা নিৰ্বাচন সম্পৰ্কে প্ৰশ্ন কৰাৰ মোৰ এসপ্তাহ হ’ল।
এপ্ৰিলৰ আৰম্ভণিৰ ভাগ, পশ্চিমবংগৰ মুৰ্শ্চিদাবাদৰ এইটো অঞ্চলত পাৰাস্তম্ভ প্ৰতিদিনেই ৪১ ডিগ্ৰী অতিক্ৰম কৰিছে। আনকি আবেলি ৫ বজাতো মাল পাহাৰীয়া লোকৰ এই বসতিস্থলত গৰমৰ পৰা নিস্তাৰ নাই। আশে-পাশে থকা গছবোৰৰ পাত এটাও লৰচৰ কৰা নাই। সতেজ পিঁয়াজৰ তীব্ৰ গোন্ধ বতাহত বিয়পি পৰিছে।
পিঁয়াজৰ দ’মটোৰ কাষত মহিলাসকলে অৰ্ধবৃত্তাকাৰে বহিছে। বহা ঠাইৰ পৰা তেওঁলোকৰ অস্থায়ী আশ্ৰয় তম্বুঘৰবোৰ কোনোমতে ৫০ মিটাৰমান দূৰত। তেওঁলোকে কাঁচীৰে পিঁয়াজবোৰ ঠাৰিৰ পৰা কাটিছে। আবেলিৰ গৰম আৰু কেঁচা পিঁয়াজৰ বাষ্পীভুত গোন্ধই তেওঁলোকৰ মুখবোৰ ৰঙা-চিঙা কৰি পেলাইছে।
“এয়া আমাৰ গাওঁ নহয়। যোৱা সাত-আঠ বছৰ ধৰি আমি ইয়ালৈ আহি আছো,” ষাঠি বছৰ গৰকা মালতীয়ে কয়। তেওঁৰ লগত বহি থকা আন মহিলাসকলো মাল পাহাৰীয়া আদিবাসী জনগোষ্ঠীৰ। ৰাজ্যখনত অনুসূচিত জনজাতি হিচাপে তালিকাভূক্ত আৰু অন্যতম বিপন্ন জনগোষ্ঠী হিচাপে পৰিচিত।
“আমাৰ গাওঁ গোৱাচ কালিকাপুৰত কৰিবলৈ কাম নাই,” তেওঁ কয়। মুৰ্শ্চিদাবাদৰ ৰাণীনগৰ ১ ব্লকৰ গোৱাচৰ পৰা প্ৰায় ৩০ টাৰো অধিক পৰিয়াল এতিয়া বিছুৰপুকুৰ গাঁৱৰ দাঁতিৰ অস্থায়ী চালিঘৰত থাকে আৰু স্থানীয় পামবোৰত কাম কৰে।
তেওঁলোকে ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত ভোট দিবলৈ যোৱাৰ কথা আছিল। বিষুৰপুকুৰৰ পৰা গোৱাচ কালিকাপুৰলৈ প্ৰায় ৬০ কিলোমিটাৰ দূৰত্ব।




























