এজন মানুহ পৰ্দাখনৰ সিপাৰে দৌৰা-দৌৰি কৰি আছে, চাকিটো নুমাই যোৱাৰ আগতেই তাক পুনৰাই তেল দি জ্বলাই ৰাখিব লাগিব। সেয়া তেওঁৰ কাম। তেওঁ ঘণ্টাজোৰা প্ৰদৰ্শনীৰ মাজত এই কামটো বাৰম্বাৰ কৰিব লাগিব। এইটোও চাব লাগিব যে তেওঁৰ এই কামটোৱে যাতে সহকৰ্মীসকলৰ কামত যতি নেপেলায় আৰু তাত থকা সা-সঁজুলিবোৰৰ একো ক্ষতি নকৰে।

এই আটাইকেইজন তোলপাৱকুট্টু পুতলা নাচৰ শিল্পী, দৰ্শকৰ আঁৰত পুতলা নচুৱাই থকা কলা-কুশলী।

এই বগা কপাহী কাপোৰখনৰ সিপাৰে হাতত পুতলা লৈ শিল্পীসকলে সঘনাই ইফাল-সিফাল কৰিছে। তেওঁলোকৰ ভৰিৰ কাষত ব্যৱহাৰৰ বাবে শাৰী শাৰীকৈ ৫০-৬০ টা পুতলা সাজু কৰি থোৱা আছে। স্পীকাৰত কাহিনীৰ বৰ্ণনা চলি আছে, ছাঁৰে পুতলা নাচ দেখুওৱা হৈছে।

এই শিল্পকলাবিধ এনেকুৱা যে আঁৰত কাম কৰি থকা শিল্পীক মানুহে নেদেখে। লোকচক্ষুৰ আঁৰত থকা এনে এজন শিল্পী ৰামচন্দ্ৰ পুলাৱাৰে ২০২১ত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰাটো উৎসৱৰ এক মুহূৰ্ত আছিল আৰু শিল্পবিধৰ স্বীকৃতিৰো চিন আছিল। ভাষণত ছাঁ পুতলানাচৰ শিল্পীগৰাকীয়ে কৈছিল, “এই স্বীকৃতিৰ…শ্ৰেয় দিব লাগিব বছৰ বছৰ ধৰি লাগি থাকি শিল্পবিধক জীয়াই ৰখাটো নিশ্চিত কৰা পুতলানাচৰ সকলো শিল্পীৰ সন্মিলিত প্ৰচেষ্টাক।”

কিন্তু পুলাৱাৰ আৰু তেওঁৰ সহযোগী শিল্পীৰ গোটটোৰ এই স্বীকৃতিৰ বাবে তেওঁলোকে সমালোচনাৰো সন্মুখীন হ’বলগীয়া হৈছে। সমালোচক আৰু শিল্পবিধৰ অনুৰাগীয়ে তেওঁলোকক এই শিল্পক ব্যৱসায়ত পৰিণত কৰাৰ অভিযোগ উত্থাপন কৰিছে। “জীয়াই থাকিবলৈ ব্যৱসায় কৰিবই লাগিব,” তেওঁ কয়। “যদি অভিনেতা আৰু নৃত্যশিল্পীয়ে তেওঁলোকে কৰা কামৰ বাবদ মাননি ল’ব পাৰে, পুতলানাচৰ শিল্পীয়ে কিয় নোৱাৰে?”

PHOTO • Courtesy: Rahul Pulavar
PHOTO • Sangeeth Sankar

বাওঁফালে: ভাৰতীয় মহাকাশ অভিযানক লৈ এক তোলপাৱকুট্টু পুতলানাচ প্ৰদৰ্শনী। স্কুল এখনৰ বাৰ্ষিক কাৰ্য্যসূচীৰ বাবে ৰামচন্দ্ৰৰ দলটোৱে এই পুতলানাচ দেখুৱাইছিল। সোঁফালে: ছাঁ পুতলানাচৰ জৰিয়তে গান্ধীজীৰ কাহিনী কোৱা হৈছে

তোলপাৱকুট্টু পাৰম্পৰকিভাৱে মন্দিৰৰ চৌহদত আৰু কেৰালাৰ ফচল চপোৱা উৎসৱত প্ৰদৰ্শিত হৈছিল। কিন্তু যোৱা কুৰিটা বছৰত পালাক্কাড় জিলাত কাৱালাপ্পাৰা পাপেট্ট্ৰি ট্ৰুপৰ যোগেদি ৬৩ বৰ্ষীয় ৰামচন্দ্ৰ আৰু তেওঁৰ গোটটোৱে আধুনিক জগতখনত তোলপাৱকুট্টুক জীয়াই ৰখাৰ বাবে অশেষ কষ্ট স্বীকাৰ কৰি আহিছে। আজিৰ তাৰিখত ছাঁ পুতলানাচৰ ভালেখিনি পৰিৱৰ্তন ঘটিছে আৰু শৈলীৰ ক্ষেত্ৰতো যথেষ্ট পৰীক্ষা-নিৰীক্ষা চলিছে। পাৰম্পৰিক উৎসৱৰ প্ৰদৰ্শনৰ বিষয়ে এই প্ৰতিবেদনত পঢ়িব পাৰিব: তোলপাৱকুট্টুৰ ছাঁ পুতলা নাচ

সেয়া আছিল ৰামচন্দ্ৰৰ পিতৃ কৃষ্ণনকুট্টি পুলাৱাৰ, যিয়ে তোলপাৱকুট্টুক বাহিৰৰ জগতখনৰ সৈতে পৰিচয় কৰাই দিয়াৰ সিদ্ধান্ত লৈছিল। সেইদৰে কাহিনীবোৰো হিন্দু মহাকাব্য যেনে ৰামায়ণ আদিতে সীমাবদ্ধ নাথাকি পৰিসৰ বৃদ্ধি কৰিছে, বিভিন্ন কাহিনী অন্তৰ্ভুক্ত কৰিছে। মহাত্মা গান্ধীৰ কাহিনী কেৰালাৰ পাৰম্পৰিক পুতলানাচৰ শৈলীত প্ৰথম দৰ্শোৱা হৈছিল ২০০৪ৰ অক্টোবৰত, এডাপালত। তেতিয়াৰে পৰা এয়া ২২০ৰ অধিকবাৰ এই পুতলানাচ মঞ্চস্থ কৰা হৈছে।

পুতলানাচৰ এই শৈলীক মানুহে আদৰি ল’লে, তেনেকৈ কাৱালাপ্পাৰা দলটোৰ বাবেও ন ন ৰাস্তা খোল খালে। তেওঁলোকে স্ক্ৰীণপ্লে, পুতলা সাজিবলৈ স্কেটচ্ বনোৱা, হস্তচালনাৰ ন ন কৌশল আয়ত্ব কৰা, কাহিনী কথন, গীত ৰচনা আৰু ষ্টুডিঅ’ত গীত বাণীবদ্ধ কৰা আদি বিভিন্ন কাম কৰিবলৈ লৈছে। যীশুখ্ৰীষ্ট, মহাবলি, পঞ্চৰত্ন আদি বিভিন্ন বিষয় সামৰি তেওঁলোকে ন ন কাহিনী নাট আকাৰে লিখি উলিয়ালে।

কাৱালাপ্পাৰা পুতলানাচে মানুহৰ মাজত সজাগতা সৃষ্টিৰো কাম কৰিছে। কুমাৰনশনৰ কবিতা ‘চণ্ডালবিক্ষুকি’ৰ যোগেদি তেওঁলোকে বুদ্ধদেৱৰ আধ্যাত্মিক প্ৰভাৱৰ বিষয়ে মানুহৰ মাজত প্ৰচাৰ কৰিছে। ২০০০ বৰ্ষৰ পিছৰে পৰা তেওঁলোকে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় যেনে এইচ.আই.ভি.ৰ বিষয়ে সজাগতা সৃষ্টি কৰিছে, নিৰ্বনীকৰণৰ বিষয় উত্থাপিত কৰিছে আৰু একে সময়তে নিৰ্বাচনী প্ৰচাৰো চলাইছে। পুতলানাচৰ শিল্পীসকলে ভিন্ন শিল্পকলা আৰু শিল্পীৰ সৈতে কাম কৰিছে আৰু এই সমন্বয়ত ন এক ৰূপ দৰ্শকে দেখিছে।

এই নতুনত্ব, কৃচ্ছ্ৰসাধনা আৰু কেতিয়াও হাৰ মানি নোলোৱা তোলপাৱকুট্টুৰ ওপৰত এই তথ্যচিত্ৰ প্ৰস্তুত কৰা হৈছে।

চাওক : সময়েৰে খোজ মিলাই আগবাঢ়িছে তোলপাৱকুট্টু ছাঁ পুতলানাচ

এই ষ্ট’ৰিটো মৃণালিনী মুখাৰ্জী ফাউণ্ডেছন (এম.এম.এফ.)ৰ পৰা প্ৰাপ্ত ফেল’শ্বিপৰ অধীনত প্ৰস্তুত কৰা হৈছে।

অনুবাদ: পংকজ দাস

Sangeeth Sankar

Sangeeth Sankar is a research scholar at IDC School of Design. His ethnographic research investigates the transition in Kerala’s shadow puppetry. Sangeeth received the MMF-PARI fellowship in 2022.

यांचे इतर लिखाण Sangeeth Sankar
Text Editor : Archana Shukla

Archana Shukla is a Content Editor at the People’s Archive of Rural India and works in the publishing team.

यांचे इतर लिखाण Archana Shukla
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

यांचे इतर लिखाण Pankaj Das