কৃষ্ণাজী ভাৰিট কেন্দ্ৰত কাম নকৰাকৈ কোনো এনেয়ে নাথাকে।
দুপৰীয়াৰ আহাৰ বা ৰাতিৰ আহাৰৰ কেইবা ঘণ্টাও আগেয়ে আৰু দূৰণিবটীয়া প্ৰধান ৰে’ল কেইখন জালগাওঁ ষ্টেছনত ৰোৱাৰ আগেয়ে, প্ৰতিদিনে প্ৰায় ৩০০ কিলোগ্ৰাম বেঙেনা ভাৰিট ৰন্ধা, বিলোৱা, বন্ধা আৰু পঠোৱা হয়।
জালগাওঁ চহৰৰ পুৰণ বি.জে. মাৰ্কেট এলেকাৰ বেৰত ফুটা থকা (হ’ল ইন ৱাল আউটলেট) এখন দোকান, আৰু তাৰ গ্ৰাহকসকল হ’ল-উদ্যোগপতিৰ পৰা শ্ৰমিক, লোকসভাত প্ৰতিনিধিত্ব কৰিবলৈ আকাংক্ষা থকা লোকৰ পৰা দলীয় সাধাৰণ কৰ্মীলৈকে।
সপ্তাহৰ যি কোনো এটা দিনৰ উষ্ণ এটা সন্ধিয়া ৰাতিৰ আহাৰৰ সময়ৰ আগে আগে কৃষ্ণাজী ভাৰিটৰ ভিতৰ চ’ৰা বাচন ধোৱা, পাচলি কটা, খুন্দা, বাকলি গুচোৱা, সেঁকা, ভজা, লৰোৱা, খাবলৈ বিলোৱা আৰু বন্ধা কামেৰে মুখৰ হৈ থাকে। গ্ৰাহকে ৰেষ্টুৰেণ্টৰ বাহিৰত থকা তিনিডাল ষ্টিলৰ ৰেইলিঙৰ কাষত শাৰী পাতে, ঠিক পুৰণি এখন পৰ্দাৰ চিনেমা হলবোৰত বক্স অফিচৰ বাহিৰত শাৰী পতা ব্যৱস্থাৰ বাবে থকা ৰেইলিঙত মানুহে শাৰী পতাৰ নিচিনাকৈ।
ইয়াত তাৰকাৰ ভূমিকাত থাকে ১৪ গৰাকী মহিলা।









