কৃষ্ণাজী ভাৰিট কেন্দ্ৰত কাম নকৰাকৈ কোনো এনেয়ে নাথাকে।

দুপৰীয়াৰ আহাৰ বা ৰাতিৰ আহাৰৰ কেইবা ঘণ্টাও আগেয়ে আৰু দূৰণিবটীয়া প্ৰধান ৰে’ল কেইখন জালগাওঁ ষ্টেছনত ৰোৱাৰ আগেয়ে, প্ৰতিদিনে প্ৰায় ৩০০ কিলোগ্ৰাম বেঙেনা ভাৰিট ৰন্ধা, বিলোৱা, বন্ধা আৰু পঠোৱা হয়।

জালগাওঁ চহৰৰ পুৰণ বি.জে. মাৰ্কেট এলেকাৰ বেৰত ফুটা থকা (হ’ল ইন ৱাল আউটলেট) এখন দোকান, আৰু তাৰ গ্ৰাহকসকল হ’ল-উদ্যোগপতিৰ পৰা শ্ৰমিক, লোকসভাত প্ৰতিনিধিত্ব কৰিবলৈ আকাংক্ষা থকা লোকৰ পৰা দলীয় সাধাৰণ কৰ্মীলৈকে।

সপ্তাহৰ যি কোনো এটা দিনৰ উষ্ণ এটা সন্ধিয়া ৰাতিৰ আহাৰৰ সময়ৰ আগে আগে কৃষ্ণাজী ভাৰিটৰ ভিতৰ চ’ৰা বাচন ধোৱা, পাচলি কটা, খুন্দা, বাকলি গুচোৱা, সেঁকা, ভজা, লৰোৱা, খাবলৈ বিলোৱা আৰু বন্ধা কামেৰে মুখৰ হৈ থাকে। গ্ৰাহকে ৰেষ্টুৰেণ্টৰ বাহিৰত থকা তিনিডাল ষ্টিলৰ ৰেইলিঙৰ কাষত শাৰী পাতে, ঠিক পুৰণি এখন পৰ্দাৰ চিনেমা হলবোৰত বক্স অফিচৰ বাহিৰত শাৰী পতা ব্যৱস্থাৰ বাবে থকা ৰেইলিঙত মানুহে শাৰী পতাৰ নিচিনাকৈ।

ইয়াত তাৰকাৰ ভূমিকাত থাকে ১৪ গৰাকী মহিলা।

PHOTO • Courtesy: District Information Officer, Jalgaon

জালগাৱঁৰ জিলা উপায়ুক্ত আয়ুস প্ৰসাদে ২০২৪ চনৰ এপ্ৰিলৰ শেষৰ সপ্তাহত কৃষ্ণাজী ভাৰিটৰ ভিতৰ চ’ৰাত নিৰ্বাচনী সজাগতাৰ এটা ভিডিঅ’ৰ শ্বুটিং কৰিছিল। জিলা তথ্য বিষয়াজনৰ মতে, সেই ভিডিঅ’টো লাখ লাখ বাৰ ডাউনল’ড কৰা আৰু চোৱা হৈছে

প্ৰতিদিনে তিনি কুইণ্টল বেঙেনা ভাৰিট তৈয়াৰীৰ সেই বিস্তৃত প্ৰস্তুতি আৰু ৰন্ধনৰ তেওঁলোকেই হ’ল ৰাজহাড় স্বৰূপ, দেশৰ অন্য ঠাইত যিটো ব্যঞ্জন বেইগন কা ভাৰ্তা হিচাপে জনাজাত। ৰেষ্টুৰেণ্টখনৰ ভিতৰত জালগাওঁ জিলা প্ৰশাসনে নিৰ্বাচনী সজাগতাৰ বাবে ভিডিঅ’ টো শ্বুট কৰাৰ পিচত তেওঁলোকৰ মুখবোৰ এতিয়া বহুলভাৱে পৰিচিত হৈ পৰিছে।

১৩ মে’ত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণত জালগাওঁ লোকসভা সমষ্টিত মহিলা ভোটাৰৰ সংখ্যা বৃদ্ধিৰ লক্ষ্যৰে নিৰ্মাণ কৰা ভিডিঅ’টোত কৃষ্ণাজী ভাৰিটত মহিলাসকলে তেওঁলোকৰ অধিকাৰসমূহৰ কথা কি কি জানিছিল আৰু ভোটাধিকাৰ সাব্যস্তকৰণৰ প্ৰণালীৰ কথা সেইদিনা তেওঁলোকে কি কি শিকিলে সেই বিষয়ে আলোচনা কৰি থকা দেখুওৱা হৈছিল।

“মই জিলা উপায়ুক্তৰ পৰা এই কথা শিকিলোঁ যে ভোটিং মেছিনটোৰ সন্মুখত আমি যেতিয়া থিয় হওঁ, আমাৰ আঙুলিত চিয়াহীৰে ৰং দিয়া হয়, সেই এটা মূহুৰ্তত আমি সঁচাই স্বাধীন,” মীৰাবাই নাৰাল কুণ্ডেই ক’লে, যাৰ পৰিয়ালটোৱে এখন সৰু চুলি-দাঢ়ি কটা দোকান চলায়। ৰেষ্টুৰেণ্টখনৰ পৰা পোৱা দৰমহা তেওঁৰ ঘৰখনৰ উপাৰ্জনৰ এক গুৰুত্বপূৰ্ণ অংশ। “আমাৰ স্বামী, বা মা-দেউতা, বা মালিক অথবা নেতাক নোসোধাকৈ আমি মেছিনটোৰ সন্মুখত নিজৰ পচন্দ বাচি ল’ব পাৰোঁ।”

অক্টোবৰৰ পৰা ফেব্ৰুৱাৰীলৈ শীৰ্ষ ঋতুত যেতিয়া শীতৰ সুন্দৰ সতেজ বেঙেনাৰে স্থানীয় হাত-বজাৰ ভৰি থাকে তেতিয়া কৃষ্ণাজী ভাৰিটৰ পাকঘৰৰ উৎপাদন আকাশচুম্বীহৈ ৫০০ কিলো পৰ্যন্ত হয়গৈ। নতুনকৈ গুৰি কৰা ভজা জলকীয়া, ধনীয়া, জুইত সেকা বাদাম, নহৰু আৰু নাৰিকলৰ সোৱাদ ইয়াৰ এক অনবদ্য অংশ, মানুহ কেইগৰাকীয়ে ক’লে। আন আধা ভাগ হ’ল, ইয়াক কিনিব পৰাৰ সামৰ্থ্যতা। তিনিশতকৈয়ো কম টকাতে পৰিয়ালবোৰে এক কিলো ভাৰিট আৰু তাৰ লগতে বিনামূলীয়া কিছু সাংগোপাংগ খাদ্য লৈ যাব পাৰে।

সেই ১০ x ১৫ ফুট ৰান্ধিনীঘৰটোৱে, চাৰিটা ষ্ট’ভ টপ ব্যস্ত থকাৰ সময়ত এটা চৌকাৰে দাল ফ্ৰাই, পনীৰ-মটৰ আৰু অন্য নিৰামিষ আহাৰকে ধৰি ৩৪ বিধ ব্যঞ্জন তৈয়াৰ কৰে। এই উৎপাদন লানিৰ মুকুটালংকাৰ বিধ হ’ল ভাৰিট আৰু শ্বেৱ ভাজি, বেচনেৰে তৈয়াৰী কাঢ়াকৈ ভজা শ্বেৱেৰে তৈয়াৰী জুলীয়া উপস্থাপন।

PHOTO • Kavitha Iyer
PHOTO • Kavitha Iyer

বাওঁফালেঃ প্ৰতিদিনে ৩ ৰ পৰা ৫ কুইণ্টল বেঙেনা ভাৰিট তৈয়াৰ কৰিবৰ বাবে কৃষ্ণা ভাৰিটে স্থানীয় কৃষক আৰু বজাৰৰ পৰা আটাইতকৈ ভাল গুণসম্পন্ন বেঙেনা কিনে। সোঁফালে: ৭ বাজি ত্ৰিশ মিনিটত পিয়াঁজবোৰ কটাৰ বাবে সাজু কৰা হৈছে, নৈশ আহাৰৰ বাবে তৰকাৰী আৰু ভাৰিট বনোৱা হ’ব

PHOTO • Kavitha Iyer
PHOTO • Kavitha Iyer

বাওঁফালেঃ কৃষ্ণাজী ভাৰিটৰ সৰু ৰান্ধনী ঘৰটোৰ ভিতৰৰত চাৰিটা ষ্টভ টপৰ এটাৰ কাষত এয়া মটৰ, মছলা, পনীৰৰ টুকুৰা আৰু নতুনকৈ ৰন্ধা দুই কেৰাহী সতেজ দাল ফ্ৰাই। সোঁফালেঃ ৰাজিয়া পেটেলে শুকান নাৰিকল খুন্দি গুৰি কৰাৰ আগতে সৰু সৰু টুকুৰা টুকুৰীকৈ কাটে। এদিনত তেওঁ ৪০ লৈকে নাৰিকল কাটে

কথা-বতৰাবোৰ পইছাৰে বলে পৰা আৰু জীৱন ধাৰণৰ খৰচৰ ফালে ঢাল খোৱাত হঠাতে মহিলাকেইগৰাকীয়ে যেন লাজ আঁতৰাই থ’লে। ৪৬ বছৰ বয়সীয়া পুষ্পা ৰাওচাহেব পাটিলে নিৰাপদ ৰন্ধন ইন্ধনৰ বাবে প্ৰধান মন্ত্ৰী উজ্জ্বলা যোজনা ৰ অধীনৰ ৰেহাই মূল্যৰ ৰন্ধন গেছৰ ছিলিণ্ডাৰ নাপালে। কাগজ-পত্ৰত কিবা খেলিমেলি হ’ল বুলি তেওঁ জনালে।

৬০ বছৰ বয়সীয়া উষা বাই ৰামা সুতাৰ থকা ঘৰেই নাই। কান্না মূলভূত সুৱিধা মিলায়ালা হাৱেত নাহি ”( মানুহে মৌলিক সুবিধাকণ পাব লাগে , নহয় জানো )?” কেইবাবছৰৰো আগতে স্বামীক হেৰুৱাই নিজৰ ঘৰুৱা চহৰখনলৈ উভতি অহা বিধৱা গৰাকীয়ে লে। সকলো নাগৰিকৰে থাকিবলৈ এটা ঘৰ থাকিব লাগে।

বেছিভাগ মহিলাই ভাৰাঘৰত থাকে। ৫৫ বছৰ বয়সীয়া ৰাজিয়া পেটেলে ক’লে ভাৰা ৩,৫০০টকা, তাইৰ সৰু মাহেকীয়া উপাৰ্জনৰ প্ৰায় তিনি ভাগৰ এভাগ। “নিৰ্বাচনৰ পিচৰ নিৰ্বাচনৰ সময়ত আমি ‘মেহেংগাই’ৰ [মুদ্ৰাস্ফীতি] বিপক্ষে প্ৰতিশ্ৰুতিবোৰ শুনিবলৈ পাওঁ,” তেওঁ ক’লে। “নিৰ্বাচনৰ পিচত সকলো বস্তুৰে দাম বাঢ়িয়েই থাকে।”

মহিলাসকলে জনালে যে স্ব-নিৰ্ভৰ হ’বৰ বাবেই তেওঁলোকে এই কামটো কৰে, কাৰণ আন কোনো গত্যন্তৰ নাই।বহুকেইগৰাকীয়ে ইয়াত বহু বছৰ ধৰি কাম কৰি আহিছে – সুতাৰৰ ২১ বছৰ, সংগীতা নাৰায়ণ শ্বিন্দেৰ ২০ বছৰ, মালুবাই দেৱীদাস মাহালেৰ ১৭ বছৰ আৰু ঊষা ভীমৰাও দাংগাৰৰ ১৪ বছৰ।

দিনটোত কৰিবলগীয়া কেইবাটাও ভাগৰ ভিতৰত তেওঁলোকৰ দিনটো আৰম্ভ হয় প্ৰথম ভাগৰ ৪০ ৰ পৰা ৫০ কিলো বেঙেনাৰ প্ৰস্তুতিৰে। বেঙেনাবোৰ সিজাই, জুইত পুৰি, বাকলি গুচাব লাগে, তাৰ পিচত ভিতৰৰ মঙহাল অংশ উলিয়াই হাতেৰে সানিব লাগে। কিলো হিচাবত সেউজীয়া কেঁচা জলকীয়া নহৰু আৰু বাদাম মিলাই হাতেৰে ঠেতেলিয়াব লাগে। গৰম তেলত এই ঠেচ্ছা (পিচা জলকীয়া আৰু বাদামৰ শুকান চাটনী)খিনি মিহিকৈ কটা ধনীয়াৰ স’তে পিয়াঁজ আৰু বেঙেনাখিনি দিয়াৰ আগতে দিব লাগে। মহিলা কেইগৰাকীয়ে প্ৰতিদিনে কেইবা ডজন কিলো পিয়াজো কাটিব লাগে।

PHOTO • Kavitha Iyer
PHOTO • Kavitha Iyer

বাওঁফালেঃ মহিলা কেইগৰাকীয়ে প্ৰতিদিনে প্ৰায় ২০০০ মান পলি বা চাপাটি বেলাৰ লগতে বাজৰাৰে তৈয়াৰী ১৫০০ মান ভাক্ৰিও বেলে। সোঁফালেঃ কৃষ্ণাজী ভাৰিটৰ পাৰ্চেল পঠোৱা(পাৰ্চেল ডেলিভাৰী) খিৰিকীৰ বাহিৰত প্লাষ্টিকৰ বেগত জোল(তৰকাৰী) থৈ দিয়া আছে

কৃষ্ণাজী ভাৰিট কেৱল স্থানীয় মানুহৰে প্ৰিয় নহয়, দূৰৈৰ চহৰ আৰু তহছিলৰ মানুহৰ বাবেও ই এক গন্তব্য স্থান। ভিতৰৰ ন খন প্লাষ্টিকৰ টেবুলত বহি আগতীয়াকৈ ৰাতিৰ আহাৰ গ্ৰহণ কৰি থকা সকলৰ কিছুমান ২৫ৰ পৰা ৫০ কিলো মিটাৰ দূৰৈত অৱস্থিত পাচ’ৰা আৰু ভূছাৱলৰ পৰাও আহিছে।

ৰেলেৰে ৪৫০ কিলোমিটাৰ পৰ্যন্ত দূৰণিৰ ঠাইকে ধৰি ডম্বিভালি, থানে, পুণে আৰু নাছিকলৈকে  কৃষ্ণাজী ভাৰিটে প্ৰতিদিনে ১০০০টা পাৰ্চেলো পঠায়।

২০০৩ চনত অশোক ভ’লেই স্থাপন কৰা কৃষ্ণাজী ভাৰিটৰ নামটো লোৱা হৈছিল স্থানীয় ধৰ্মগুৰু এজনৰ পৰা, যিয়ে স্বত্বাধিকাৰীজনক কৈছিল যে নিৰামিষ আহাৰ বিক্ৰী কৰা ৰেষ্টুৰেণ্ট এখন ভাল লাভ দায়ক হিচাপে প্ৰমাণিত হ’ব। ভাৰিট হ’ল ইয়াৰ নিভাজ পৰম্পৰাগত ঘৰুৱা ব্যঞ্জন, যিটো লাভা পাটিল সমাজৰ লোকে আটাইতকৈ ভালকৈ ৰান্ধে, মেনেজাৰ দেবেন্দ্ৰ কিশোৰ ভ’লেই জনালে।

নিজা দোৱান, খাদ্য পৰম্পৰা আৰু সাংস্কৃতিক শিপা থকা উত্তৰ মহাৰাষ্ট্ৰৰ খান্দেশ অঞ্চলৰ সামাজিক-ৰাজনৈতিকভাৱে আগশাৰীৰ লাভা-পাটিলসকলৰ সমাজ মূলতঃ কৃষিজীৱি।

বেঙেনা তৰকাৰীৰ সু-স্বাদু গোন্ধে ৰেষ্টুৰেণ্টখন আৱৰি ধৰিবলৈ লোৱাৰ সময়তে মহিলাসকলে ৰাতিৰ আহাৰ খাবলৈ অহা গ্ৰাহকৰ বাবে পলি আৰু ভাক্ৰিবোৰ বেলিবলৈ ধৰে। মহিলাসকলে প্ৰতিদিনে প্ৰায় ২০০০ মান পলি(ঘেহুঁৰে তৈয়াৰী চেপেটা ৰুটি) আৰু ১৫০০ ভাক্ৰি ( কৃষ্ণাজী ভাৰিটত সাধাৰণতে বাজৰা বা পাৰ্ল মিলেটেৰে তৈয়াৰী ছেপেটা ৰুটি ) তৈয়াৰ কৰে।

অতি শীঘ্ৰেই ৰাতিৰ আহাৰৰ সময় হ’ব আৰু এবাৰত এটা ভাৰিট পাৰ্চেল দি দি দিনটোৰ শ্ৰমৰ শেষত মাইকী মানুহখিনি জিৰাবলৈ যাব।

অনুবাদ: ৰুবী বৰুৱা দাস

Kavitha Iyer

कविता अय्यर गेल्या २० वर्षांपासून पत्रकारिता करत आहेत. लॅण्डस्केप्स ऑफ लॉसः द स्टोरी ऑफ ॲन इंडियन ड्राउट (हार्परकॉलिन्स, २०२१) हे त्यांचे पुस्तक प्रकाशित झाले आहे.

यांचे इतर लिखाण Kavitha Iyer
Editor : Priti David

प्रीती डेव्हिड पारीची वार्ताहर व शिक्षण विभागाची संपादक आहे. ग्रामीण भागांचे प्रश्न शाळा आणि महाविद्यालयांच्या वर्गांमध्ये आणि अभ्यासक्रमांमध्ये यावेत यासाठी ती काम करते.

यांचे इतर लिखाण Priti David
Translator : Rubee Barooah Das

Rubee Barooah Das is a senior journalist working in the field of development. She also considers herself as a student of literature and translation. She can be reached at [email protected]

यांचे इतर लिखाण Rubee Barooah Das