আমি প্ৰায় ২০০ বছৰ পুৰণি ভৱনটোৰ চিৰিৰে তললৈ নামি আহি থাকোতে ভাদৰীয়া মাতা জী মন্দিৰৰ প্ৰৱেশদ্বাৰত চলি থকা নাম-কীৰ্তনৰ শব্দ লাহে লাহে ক্ষীণ হৈ আহিল। এটা সময়ত একো শব্দই কাণত নপৰা হ’ল, আমি তেতিয়া মাটিৰ তলত ২০ ফুট গভীৰতাত আছো।
চকুৰ আগত উদ্ভাসিত হ’ল ১৫ হাজাৰ বৰ্গফুট জুৰি বিস্তৃত হৈ থকা এক উৱাদিহ নোপোৱা ধৰণৰ এটা গ্ৰন্থাগাৰ। সৰু সৰু ঠেক গলিৰ কাষে কাষে শাৰী শাৰীকৈ সজোৱা আছে ৫৬২ টা আলমাৰী। মাজে মাজে ব্যৱধান। এনেকৈ থোৱা আছে প্ৰায় দুই লক্ষাধিক কিতাপ। চামৰাৰে বন্ধা পুৰণি নথি, বল্কলত লিখা প্ৰাচীন পুথি; হিন্দুধৰ্ম, ইছলাম, খ্ৰীষ্টান আৰু আন বিভিন্ন ধৰ্মবিষয়ক পুৰাতন গ্ৰন্থৰ সংস্কৰণ; আইনশাস্ত্ৰ, চিকিৎসাশাস্ত্ৰ, দৰ্শন, ভূগোল, ইতিহাস আৰু বিভিন্ন বিষয়ৰ কিতাপেৰে সমৃদ্ধ হৈ আছে পুথিভঁৰালটো। সাহিত্য শিতানটোও কম বৈচিত্ৰময় নহয়। ধ্ৰুপদী উপন্যাসৰ লগতে আছে সমসাময়িক নানা সাহিত্যৰাজি। প্ৰায়ভাগ কিতাপ হিন্দী ভাষাৰ, কিছু ইংৰাজী আৰু সংস্কৃতো আছে।
এই গ্ৰন্থাগাৰ নিৰ্মাণৰ পৰিকল্পনাৰ প্ৰথম চিন্তা কৰিছিল হৰবংশ সিং নিৰ্মল নামে পাঞ্জাৱৰ এগৰাকী ধৰ্মীয় পণ্ডিতে। জনশ্ৰুতি মতে এই মন্দিৰৰ গুহা এটাত ২৫ বছৰ তপস্যা কৰিছিল এইজন পণ্ডিতে, আৰু সিদ্ধান্ত লৈছিল যে মন্দিৰটোৰ তলতেই বনোৱা হ’ব গ্ৰন্থাগাৰ। ২০১০ত মৃত্যুৰ আগেয়ে পণ্ডিতজনাই শিক্ষা আৰু পশুকল্যাণৰ বাবে পৰ্য্যাপ্ত পুঁজি যোগাৰ কৰি থৈ গৈছিল।
“পণ্ডিতজনা আছিল মানৱতাবাদী। সকলো ধৰ্মৰ এটাই বাৰ্তা: যে মানুহৰ চুলি-ছাল ভিন্ন হ’ব পাৰে, কিন্তু ভিতৰত আমি সকলো একেই,” শ্ৰী জগদম্বা সেৱা সমিতিৰ সচিব যুগল কিশোৰে কয়। মন্দিৰ আৰু পুথিভঁৰাল পৰিচালনা কৰা এই ন্যাসৰ প্ৰায় ৪০ হাজাৰ গৰুৰ বাবে এটা বিশাল গোশালা আছে।
পুথিভঁৰালটো নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ১৯৮৩ত আৰু ১৯৯৮ত কাম সম্পূৰ্ণ হৈছিল। তাৰপাছত আৰম্ভ হ’ল কিতাপৰ সন্ধান। “তেওঁ এই পুথিভঁৰালটো এটা জ্ঞানকেন্দ্ৰ এখন বিশ্ববিদ্যালয় হোৱাটো বিচাৰিছিল,” কিশোৰে কয়, “মহাৰাজাজীয়ে মানুহে এই ঠাইৰ সন্ধানত অহাটো বিচাৰিছিল, আৰু জ্ঞানৰ সন্ধানত ঘূৰি ফুৰাজনে ইয়াতেই সেয়া পাব লাগিব বুলি থিৰাং কৰিছিল।”
ধূলি-বালিৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু ক্ষয়-ক্ষতি কমাবলৈ মাটিৰ তলত এই পুথিভঁৰালটো পতাৰ হৈছিল, পুথিভঁৰালৰ প্ৰশাসক বৰ্গই কয়। ওচৰতে সেনাৰ ফায়াৰিং ৰেঞ্জ পোখৰান আছে, ১০ কিলোমিটাৰ দূৰত। ৰাজস্থানৰ তৃণভূমি অঞ্চলত বতাহ বলিবলৈ আৰম্ভ কৰিলে সকলো ঠাই ধূলিময় হৈ পৰে।
অশোক কুমাৰ দেৱপালে পুথিভঁৰালটোৰ চোৱাচিতাৰ গোটটোত কাম কৰে। ছখন ডাঙৰ এগজষ্ট ফেন চলাই ঠাইখন সেমেকা নপৰাকৈ ৰখা হয়, ভিতৰৰ বায়ুমণ্ডলৰ আৰ্দ্ৰতা সঠিক ৰাখিবলৈ কৰ্পূৰ নিয়মিতভাৱে জ্বলোৱা হয়। “আমি কিতাপবোৰ মেলি বতাহ লাগিবলৈ দিও। আমাৰ সাত-আঠজন লোকে লগ লাগি দুমাহ লাগি এই কাম কৰো।”
মন্দিৰৰ ন্যাসৰ হাতত ১.২৫ লাখ বিঘা (প্ৰায় ২০ হাজাৰ একৰ) মাটি আছে। ভাদৰীয়া ঔৰণ (পবিত্ৰ কুঞ্জবন)ৰ পৰম্পৰা অনুসৰি, “ইয়াৰ গছবোৰৰ এটা ঠানিও কাটিব নাপায়,” ন্যাসৰ অধীনত ৪০ হাজাৰ গৰুৰ গোশালাখন চলোৱা সত্তৰ উৰ্দ্ধ কিশোৰে কয়। বছৰি প্ৰায় ২ৰ পৰা ৩ লাখ লোকে ইয়ালৈ আহে। ৰাজপুত, বিষ্ণই আৰু জৈন সম্প্ৰদায়ৰ লোকে চাৰিটা বাৰ্ষিক উৎসৱৰ সময়ত আহে। পুথিভঁৰাল উন্মোচন নোহোৱালৈকে, এইখিনি সময়ত পৰ্য্যটকে তললৈ আহি ঘূৰি-ফুৰি চাই যাব পাৰে।
পুথিভঁৰালটোৰ উপৰিও তাত এখন বিশাল গোশালা আছে, তাত গীৰ, থাৰপাৰকৰ, ৰাঠী আৰু নাগৌৰি প্ৰজাতিৰ হাজাৰ হাজাৰ গৰু আছে। সেইবোৰৰ চোৱাচিতাৰ বাবে ১৫০ কৰ্মচাৰীৰ পৃথকে এটা দল আছে। “ঔৰণ পশু-পক্ষীৰ কাৰণে,” ন্যাসৰ প্ৰশাসক অশোক সৌডানিয়ে কয়। ইয়ালৈ অনা পশুৰ প্ৰায়ভাগৰে প্ৰজনন ক্ষমতা প্ৰায় নাইকিয়া হৈছে আৰু ইয়াৰে ৯০ শতাংশ পশুৱে মতা। “গোশালাত আমাৰ ১৪ টা দমকল আছে আৰু ন্যাসে পশুখাদ্যৰ নামত ২৫ কোটি টকা খৰছ কৰে,” সৌডানিয়ে কয় আৰু “হাৰিয়ানা, পাঞ্জাৱ আৰু মধ্যপ্ৰদেশৰ দৰে দূৰ-দূৰণিৰ ৰাজ্যৰ পৰা পশুখাদ্যৰ ভৰা ৩-৪ খন ট্ৰাক প্ৰতিদিনে আহে।” এই কামটো সুচাৰুৰূপে চলি থাকিবলৈ দানত পোৱা ধনো খটুওৱা হয়।
আমি পোহৰলৈ ওলাই আহোতে ধোলি সম্প্ৰদায়ৰ প্ৰেম চৌহান আৰু লক্ষ্মণ চৌহানে তেতিয়াও হাৰমনিয়াম বজাই ভক্তিগীত গাই আছিল। শ্ৰী ভাদৰীয়া মাতা কেৱল এই মন্দিৰৰ অধিষ্ঠাত্ৰীয়ে নহয়, ইয়াৰ চৌপাশ আৰু তাৰ তলৰ পাতালো তেওঁৰ কৃপাতে চলে।
অনুবাদ: পংকজ দাস