২০২৩ৰ ছেপ্টেম্বৰৰ কথা। আমি পশ্চিমঘাটৰ ফুলৰ বতৰত কাচ মালভূমিলৈ গৈছিলো। জৈৱবৈচিত্ৰৰ হটস্পট এই অঞ্চলটো প্ৰতি বছৰে বিভিন্ন প্ৰজাতিৰ গুলপীয়া আৰু বেঙুনীয়া বৰণৰ ফুলেৰে ভৰি পৰে।
কিন্তু এইবছৰ ফুলবোৰ মৰহি গৈছে, গা-গছ মাটিত হাউলি পৰিছে।
১২০০ মিটাৰ উচ্চতাত অৱস্থিত কাচ মালভূমিখনক ইউনেস্ক’ই ২০১২ চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিছিল। তেতিয়াৰে পৰা মহাৰাষ্ট্ৰত বিশেষকৈ আগষ্টৰ পৰা অক্টোবৰ মাহৰ ফুল ফুলা সময়ছোৱাত এই ঠাইত পৰ্য্যটকৰ ভীৰ লাগে। কিন্তু সমস্যাৰ আৰম্ভণি তাতেই হৈছে।
“আগতে কোনো মানুহ ইয়ালৈ অহা নাছিল। কাচখন আমাৰ বাবে আছিল কেৱল এখন পাহাৰ। আমি গৰু-ছাগলী চৰাইছিলো,” চাউলাবাই বাদাপুৰীয়ে কয়। “কিন্তু এতিয়া মানুহে ফুলৰ ওপৰত খোজ কাঢ়ে, ফটো তোলে, শিপাৰে সৈতে উভালি আনে!” মানুহৰ কাণ্ড-জ্ঞানহীন কাৰবাৰ দেখি ক্ষোভিত হৈ পৰা ৫৭ বছৰীয়া মানুহগৰাকীয়ে কয়, “এইখন বাগিচা নহয়, ফুলবোৰ শিলৰ ওপৰতে ফুৰে।”
চাতাৰা জিলাৰ চাতাৰা তালুকত ১,৬০০ হেক্টৰ বহল শিলাখণ্ডৰ ওপৰত থকা এই কাচ মালভূমিখনক কাচ পত্থৰ বুলিও কোৱা হয়।














