গোমা ৰামা হাজাৰে তেওঁৰ ঘৰৰ ভিতৰত নিঃশব্দে এখন চকীত বহী উৰুঙা পদূলিলৈ একেৰাহে চাই ৰৈছে৷
একে সময়তে তেওঁৰ খবৰ ল’বলৈ অহা মানুহসকলৰ সৈতে সাধাৰণ দুই-এটা কথাও পাতিছে৷ মাত্ৰ এসপ্তাহ আগেয়ে মানুহজনে দীঘলীয়া ৰোগত ভুগি থকা পত্নীক হেৰুৱাইছে৷
২০২৪ চনৰ এপ্ৰিল মাহৰ এয়া আবেলি ৫ বাজিছে৷ দিনটো বৰ গৰম আছিল৷ উত্তৰ গড়চিৰোলিৰ আৰমোৰি তেহচিলৰ বাঁহনি আৰু অটব্য অৰণ্যৰ মাজৰ এই পালাশগাঁওখন হঠাতে নিশ্চুপ হৈ পৰিছে৷ কেইটামান দিনৰ ভিতৰতে গড়চিৰোলি-চিমুৰ লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ সমষ্টিটোৰ পৰা বিজেপিৰ সাংসদ অশোক নেটেয়ে পুনৰবাৰ নিৰ্বাচন খেলিব৷ কিন্তু হতাশাৰ বাহিৰে তাত একো নাই। কেৱল দুশ্চিন্তাত জিন গৈছে গাওঁখন।
বিগত দুমাহ ধৰি গোমাৰ হাতত কোনো কাম নাছিল৷ সাধাৰণতে এইখিনি সময়ত বয়সে ষাঠিৰ কাষ চপা গোমা আৰু তেওঁৰ দৰে ভূমিহীন শ্ৰমিকসকলে অৰণ্যত মহুৱা অথবা তেন্দু পাত সংগ্ৰৰ কামত ব্যস্ত থাকে৷
‘‘এই বছৰ নহ’ব, জীৱনৰ ৰিস্ক কোনে ল’ব?’’, গোমাই এইদৰে কয়৷
‘‘মানুহে নিজকে ঘৰতে আবদ্ধ কৰি ৰাখিছে’’, গোমাই এইদৰে কয়৷ দিনবোৰো গৰম হৈ আহিছে৷ আপুনি বাহিৰলৈও যাব নোৱাৰে৷ এসময়ত গড়চিৰোলিত চাৰিটা দশক ধৰি সুৰক্ষা বাহিনী আৰু সশস্ত্ৰ মাওবাদীসকলৰ আক্ৰমণৰ বাবে বহু দিনলৈ থকা কাৰ্ফিউৰ সৈতে গাঁৱৰ বাসিন্দাসকল অভ্যস্ত হৈ পৰা হেতুকে এতিয়াৰ এই আৱদ্ধ জীৱনৰ সৈতেও তেওঁলোক অভ্যস্ত হৈ পৰিছে৷
পালাশগাঁৱৰ সমীপতে মাক-পোৱালীৰ সৈতে ২৩টা বনৰীয়া হাতীৰ এটা জাক এটাই জিৰণি লৈছে, আশে-পাশে টহল দি ফুৰিছে৷














