নৱ কুমাৰ মাইতিৰ কাৰখানাটোৰ চাৰিওফালে হাঁহৰ পাখি সিঁচৰতি হৈ আছে। চাফা পাখি, লেতেৰা পাখি, কাটি থোৱা পাখি, বিভিন্ন আকাৰ আৰু ৰঙৰ পাখিৰে ভৰি আছে কাৰখানাটো। খোলা খিৰিকীৰে সোমাই অহা মৃদু বতাহজাকত পাখিবোৰ সামান্য উৰিছে, আকৌ মাটিত পৰিছেহি।
আমি উলুবেৰিয়াৰ নৱ কুমাৰৰ তিনিমহলীয়া ঘৰটোৰ ভূমি মহলাত আছো। কাৰখানাটোৰ ভিতৰখন কেঁচীৰে পাখি কটা শব্দ আৰু লোহাৰ কাটাই যন্ত্ৰৰ শব্দৰে মুখৰিত। ইয়াতেই তৈয়াৰ কৰা হয় ভাৰতৰ বেডমিণ্টনৰ শ্বাটলককবোৰ। “বগা হাঁহৰ পাখি, চিন্থেটিক বা কাঠৰ কৰ্ক, নাইলন মিহলি কপাহী সূতা আৰু আঠা - এইখিনিৰেই শ্বাটল বনোৱা যায়,” ৰপ্তানিৰ বাবে সাজু শ্বাটলকক এটা হাতত লৈ তেওঁ বুজাই কয়।
২০২৩ৰ আগষ্ট মাহৰ শেষৰফালৰ এটা গৰম দিন, সোমবাৰে আঠ বাজিছে। এইখিনি সময়ত আমি নাজানো যে পাঁচ সপ্তাহ পিছত ভাৰতীয় বেডমিণ্টন খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে এছিয়ান গেমচত দক্ষিণ কোৰিয়াক ২১-১৮, ২১-১৬ত হৰুৱাই সোণৰ পদক জিকিব।
উলুবেৰিয়াৰ কাৰখানাৰ সন্মুখত শাৰী শাৰীকৈ থোৱা আছে শিল্পকাৰসকলৰ চেন্দেল আৰু চাইকেলবোৰ। ইস্ত্ৰী কৰা মেৰুন ৰঙৰ চোলা আৰু ফৰ্মেল পেণ্ট পৰিহীত নৱ সিং দিনটোৰ বাবে সাজু হৈছে।
“মই হাঁহৰ পাখিৰে বেডমিণ্টনৰ বল বনোৱা আৰম্ভ কৰিছিলো ১২ বছৰ বয়সতে, আমাৰ গাওঁ বাণীবনৰ কাৰখানা এটাত,” পাখি কটা কামেৰে এই উদ্যোগত সোমোৱা ৬১ বৰ্ষীয় শিল্পকাৰজনে কয়।
“প্ৰথমটো কাৰখানা (পশ্চিমবংগত) আছিল পীৰপুৰ জে বসু এণ্ড কোম্পানী। এশ বছৰ আগতে, ১৯২০ৰ দশকত। তাৰপিছত জে বসুৰ শিল্পকাৰসকলে কাষৰ গাওঁবোৰত নিজাকৈ কাৰখানা বহুৱাবলৈ ল’লে। এনে এটা কাৰখানাতে মই এইবিধ শিল্প শিকিছিলো,” তেওঁ কয়।
























