“বিজুৰ দিনা (নৱবৰ্ষৰ উচৱত) আমি আটায়ে পুৱা সোনকালে উঠি ফুল চিঙি আনো। তাৰপিছত সেয়া নৈত ভঁহাই দি নৈতে জুবুৰি মাৰি গাটো তিয়াই লওঁ। তাৰপিছত আহে ঘৰে ঘৰে যোৱা পৰ্ব। প্ৰত্যেককে আমি দেখা কৰোঁ আৰু নতুন বছৰৰ ওলগ জনাওঁ,” জয়াই কয়। পঞ্চাচটা বছৰ পাৰ হ’ল, কিন্তু উচৱৰ সেই দিনবোৰ তেওঁৰ স্মৃতিৰ পটত এতিয়াও জলজল-পটপট।

“আমি এমুঠি চাউল আগবঢ়াও (সৌভাগ্যৰ চিন হিচাপে) আৰু বিনিময়ত গৃহস্থই আমাক লাংগি (চাউলৰ পৰা তৈয়াৰী সুৰা) যাঁচে। প্ৰতিঘৰতে আমি এঢোক-দুঢোকহে খাওঁ, কিন্তু দিনটোৰ শেষৰফালে আমাৰ হিচাপ নাথাকে,” তেওঁ কয়। তাৰোপৰি “সেইদিনা গাঁৱৰ সৰুবোৰে বুঢ়া-মেথাক সন্মান যাঁচি নৈৰ পৰা অনা পানীৰে গা ধুৱায়।” বছৰেকত হোৱা উচৱৰ স্মৃতিৰে জয়াৰ মুখখন উদ্ভাসিত হৈ পৰে।

এতিয়া ঘৰৰ পৰা বহু শ কিলোমিটাৰ দূৰত বিদেশৰ মাটিত পৰম্পৰাৰ চিন হিচাপে থাকি গৈছে কেৱল লাংগি। চাকমা সম্প্ৰদায়ৰ বহু ভগনীয়াৰ মাজত তেওঁলোকৰ সম্প্ৰদায়ৰ ৰীতি-নীতি আৰু প্ৰথাবোৰৰ সেয়াই কেৱল চিন। “এয়া আমাৰ পৰম্পৰাৰ অভিন্ন অংগ,” বাংলাদেশৰ ৰঙামাটিত ডাঙৰ-দীঘল হোৱা জয়াই কয়। এই অঞ্চলৰ আন জনগোষ্ঠীয়েও তেওঁলোকৰ পৰম্পৰাগত কাজ-কৰ্মত লাংগি ব্যৱহাৰ কৰে।

“মই মোৰ মা-দেউতাহঁতক দেখি দেখি এয়া (লাংগি) প্ৰস্তুত কৰিবলৈ শিকিছিলো। বিয়াৰ পিছত মোৰ স্বামী সুৰেন আৰু মই একেলগে এই কাম কৰিবলৈ ল’লো,” তেওঁ কয়। দম্পতিহালে লাংগি, মদ আৰু জগৰা - এই তিনি প্ৰকাৰৰ বিয়েৰ প্ৰস্তুত কৰিব জানে।

চাউলৰ পৰাই প্ৰস্তুত কৰা জগৰাৰ প্ৰস্তুতি চৈত্ৰ (বাংলা কেলেণ্ডাৰ অনুযায়ী বছৰটোৰ শেষৰটো মাহ)ৰ প্ৰথম দিনটোৰ পৰা আৰম্ভ হয়। “আমি বিৰইন চাল (এবিধ মিহি আঠালতিয়া চাউল) ব্যৱহাৰ কৰো, সেয়া পাতন কৰাৰ আগতে বাঁহৰ চুঙাত কেবাসপ্তাহ কিন্বন হ’বলৈ দিওঁ। আজিকালি জগৰা কাচিৎহে প্ৰস্তুত কৰা হয়,” এইবিধ সুৰা প্ৰস্তুত কৰিবলৈ অতিকমেও এমাহ লাগে, তাৰোপৰি চাউলবিধৰ দামো বেছি, এই প্ৰসংগত জয়াই কয়। “আগতে আমি ঝুম পদ্ধতিত এই ধানৰ খেতি কৰিছিলো, এতিয়া এই ধানৰ খেতি কৰা খেতিমাটি কমিছে।”

PHOTO • Amit Kumar Nath
PHOTO • Adarsh Ray

বাওঁফালে: জয়াৰ সুৰা প্ৰস্তুতিৰ আহিলা-পাতিখিনি - লাংগি আৰু মদ প্ৰস্তুতিত ব্যৱহাৰ কৰা ষ্টোভ, চৰু-হাড়ি, পাত্ৰ আদি এফালে থোৱা আছে। সোঁফালে: ত্ৰিপুৰাত বাঁহৰ বেৰ দিয়া ঘৰ আৰু দোকানবোৰ

দম্পতিহালৰ ঘৰ ত্ৰিপুৰাৰ উনাকটি জিলাত। দেশৰ দ্বিতীয় সৰ্বকনিষ্ঠ ৰাজ্যখনৰ দুই-তৃতীয়াংশ বনাঞ্চল। কৃষিয়েই তেওঁলোকৰ মূল জীৱিকা আৰু বহুতেই অতিৰিক্ত উপাৰ্জনৰ বাবে নন-টিম্বাৰ ফৰেষ্ট প্ৰডিউচ (এনটিএফপি)ৰ ওপৰত নিৰ্ভৰ কৰে।

“ঘৰ এৰাৰ সময়ত মোৰ বয়স কেইবছৰমান হৈছিল মাত্ৰ। গোটেই গোষ্ঠীটোৱেই বিস্থাপিত হৈছিল,” জয়াই কয়। আগৰ পূব পাকিস্তান (এতিয়া বাংলাদেশ)ৰ চিত্তাগঙৰ কৰ্ণফুলি নদীৰ ওপৰত হ’বলগীয়া বান্ধ এটাৰ বাবে আমাক তাৰপৰা উঠাই দিয়া হৈছিল। “আমাৰ হাতত খাদ্য-পাতি আদি একো নাছিল, ধনো নাছিল। অৰুণাচল প্ৰদেশৰ শিবিৰ এটাত আমি আশ্ৰয় ল’লো… তাৰে কেইবছৰমান পিছত আমি ত্ৰিপুৰালৈ আহিলো,” জয়াই কয়। পিছলৈ তেওঁ ত্ৰিপুৰাৰ এগৰাকী বাসিন্দা সুৰেনৰ সৈতে বিয়াত বহে।

*****

লাংগি এবিধ জনপ্ৰিয় পানীয়। শ শ মহিলা এইবিধ পানীয়ৰ বজাৰখনত উৎপাদন আৰু বিক্ৰীৰ সৈতে জৰিত। পানীয়বিধ এই জনগোষ্ঠীটোৰ সকলো সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানৰ অবিচ্ছেদ্য অংশ। কিন্তু ‘বেআইনী’ বুলি যি এটা চৰকাৰী দাগ আছে, তাৰ ফলত আইন বলবৎকাৰীসকলৰ দ্বাৰা কেৱল মহিলাৰ দ্বাৰা বৰ্তি থকা এই পৰম্পৰাৰ বাবে বহুতেই হাৰাশাস্তি আৰু অপমান ভুঞ্জিবলগীয়া হয়।

এবাৰত এইবিধ পানীয় বনাবলৈ দুই-তিনিদিন লাগে, জয়াই কয়। “এয়া সহজ কাম নহয়। ঘৰৰ কাম-বন কৰাৰ সময় নোহোৱা হৈ যায়,” দোকানত দুপৰীয়াৰ তপত ৰ’দ গাত নপৰাকৈ বহি থকা আৰু মাজে মাজে হোকা হুপি থকা জয়াই কয়।

লাংগি বনাওতে ব্যৱহাৰ কৰা উপকৰণসমূহ ভিন্ন, সেয়ে জনগোষ্ঠী ভেদে এই লাংগিৰ সোৱাদো সুকীয়া হৈ পৰে, জাৰ্নেল অৱ এথিনিক ফুডৰ ২০১৬ৰ সংখ্যাত এই কথা কোৱা হৈছে। “প্ৰতিটো সম্প্ৰদায়ৰ লাংগিৰ বাবে নিজা নিজা ৰন্ধনবিধি আছে। আমি বনোৱাবিধ ৰেয়াং সম্প্ৰদায়ে বনোৱাবিধতকৈ কাঢ়া,” সুৰেনে কয়। ৰেয়াং সম্প্ৰদায়টো ত্ৰিপুৰাৰ দ্বিতীয় বৃহৎ জনজাতীয় সম্প্ৰদায়।

দম্পতিহালে মোটাকৈ খুন্দা চাউলৰ গুড়িৰে মদ প্ৰস্তুতিৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। “প্ৰতিটো বেটচত আমি ডেগচিত ৮-১০ কিলোগ্ৰাম সিদ্ধ চাউল (এবিধ সৰু দানাৰ আঠালতীয়া চাউল) কৰোঁ। চাউলখিনি বেছিকৈ সিজাব নালাগে,” জয়াই কয়।

PHOTO • Adarsh Ray
PHOTO • Adarsh Ray

বাওঁফালে: চাউল সিজোৱাটো হৈছে মদ প্ৰস্তুত কৰাৰ প্ৰথমটো ঢাপ। জয়াই মাটিৰ চৌকাত ডাঙৰ এলুমিনিয়ামৰ পাত্ৰত খৰিৰ জুইত চাউল সিজায়

PHOTO • Adarsh Ray
PHOTO • Adarsh Ray

সিজোৱা চাউলখিনিত কিণ্বন কৰা পিঠাখিনি যোগ দিয়াৰ আগেয় তিৰ্পাল পাৰি ঠাণ্ডা হ’বলৈ আৰু শুকাবলৈ মেলি দিয়া হয়

পাঁচ কিলোগ্ৰাম চাউলৰ পৰা তেওঁলোকে দুই লিটাৰ বা তাতকৈ সামান্য অধিক লাংগি প্ৰস্তুত কৰিব পাৰে। তেওঁলোকে ৩৫০ মিলিলিটাৰ বটল বা গিলাচ হিচাপে (৯০ মি.লি.) বিক্ৰী কৰে। এগিলাচ পানীয়ৰ দাম মদৰ দামতকৈ আধা, মদৰ দাম এগিলাচত ২০ টকা।

সুৰেনে কয়, “সকলো বস্তুৰ দাম বাঢ়িছে। এক কুইণ্টল চাউলৰ দাম দহ বছৰ আগতে ১,৬০০ টকাত পোৱা গৈছিল। এতিয়া ৩,৩০০ টকা হৈছে।” কেৱল চাউলেই নহয়, সকলো লাগতিয়াল পণ্যৰ দাম বিগত বছৰবোৰত বাঢ়িছে।

আমি থিত লাগো মানে এই আপুৰুগীয়া পানীয়বিধ বনোৱাৰ প্ৰক্ৰিয়া জয়াই ভাঙি-পাতি ক’বলৈ ধৰিলে। এখন তিৰ্পালত সিজোৱা চাউলখিনি মেলি দিয়া হয়। ঠাণ্ডা হোৱাৰ পিছত মূলি যোগ দিয়া হয়। তাৰপিছত সেয়া কিণ্বন হ’বলৈ বতৰ অনুযায়ী দুই-তিনিদিনৰ বাবে থৈ দিয়া হয়। “গৰমৰ দিনত এৰাতিতে কিণ্বন হয়। কিন্তু ঠাণ্ডাৰ দিনত কেইদিনমান লাগে,” তেওঁ কয়।

এবাৰ কিণ্বন হৈ যোৱাৰ পিছত “আমি তাত পানী যোগ দিও আৰু শেষবাৰৰ বাবে উতলাও। তাৰপিছত পানীখিনি নিগৰি পৰে, ঠাণ্ডা হোৱাৰ পিছত সেয়াই আপোনাৰ লাংগি,” তেওঁ কয়। মদ আকৌ পাতন কৰিবলগীয়া হয়। শৃংখল বাষ্পীভৱনৰ বাবে তিনিটা চৰু এটাৰ ওপৰত এটা ৰখা হয়। কিণ্বনৰ বাবে কোনো কৃত্ৰিম কিণ্বন অনুঘটক বা ইষ্ট যোগ দিয়া নহয়।

দুয়োবিধতে তেওঁলোকে বিভিন্ন ঔষধি শাক যেনে পাথাৰ দাগাৰ ( Parmotrema perlatum ), পৰ্বতপৃষ্ঠত পোৱা এবিধ ফুল ফুলা উদ্ভিদ, আগাচিৰ পাত, জিন জিন নামে এবিধ সেউজীয়া উদ্ভিদৰ ফুল, ময়দা, নহৰু আৰু কেঁচা জালুক। “এই আটাইবোৰ মিহলাই সৰু সৰু মূলি পিঠা বনোৱা হয়। এই পিঠাবিধ আগতীয়াকৈ বনাই থোৱা হয়,” জয়াই কয়।

PHOTO • Adarsh Ray
PHOTO • Adarsh Ray

জয়াই সিজোৱা চাউলত কিণ্বন প্ৰক্ৰিয়া আৰম্ভ হ’বলৈ মূলি (ঔষধি শাক আৰু শস্যদানাৰে বনোৱা পিঠা) যোগ দিছে। সোঁফালে: ৪৮ ঘণ্টা কিণ্বন হোৱাৰ পিছত মিশ্ৰণটো

PHOTO • Adarsh Ray
PHOTO • Adarsh Ray

কিণ্বন প্ৰক্ৰিয়াত কোনোধৰণৰ কৃত্ৰিম অনুঘটক বা ইষ্ট যোগ দিয়া নহয়, তাৰ পৰিৱৰ্তে কেবাবিধো ঔষধি শাক, ফুলৰ পাত, ফুল, ময়দা, নহৰু আৰু কেঁচা জালুক ব্যৱহাৰ কৰা হয়

“এইবিধ পানীয় সামান্য টেঙেচীয়া, আন সুৰাজাতীয় পানীয়ৰ দৰে ইয়াত ডিঙি সামান্য জ্বলাৰ দৰে অনুভৱ নাথাকে। গৰমৰ দিনত এইবিধ পানীয়ই দেহা শাঁত পেলায়, গোন্ধটোও বৰ ভাললগা,” নাম ক’বলৈ অনিচ্ছুক এগৰাকী গ্ৰাহকে কয়। পাৰিয়ে লগ পোৱা আটাইকেইজন গ্ৰাহকেই মুকলি মনেৰে কথা পাতিবলৈ, নাইবা ফটো উঠাব দিবলৈ সংকোচবোধ কৰিছিল, আইনৰ ভয়ত চাগে।

*****

লাংগি প্ৰস্তুতকাৰীসকলে কয় যে এইবিধ পানীয় বনোৱা কামটো বৰ টান হৈ গৈ আছে। ত্ৰিপুৰা আৱকাৰী আইন , ১৯৮৭ অনুযায়ী কিণ্বন কৰা চাউলৰ পৰা প্ৰস্তুত পানীয় ৰাজ্যখনত নিষিদ্ধ।

“ইয়াত মানুহ চলিব কেনেকৈ? কোনো উদ্যোগ নাই, সুযোগ-সুবিধা নাই... মানুহে কৰিব কি? মানুহ কেনেকৈ চলিছে এবাৰ চাওকহিচোন।”

অধিক পৰিমাণৰ পানীয় প্ৰস্তুত কৰাটো সম্ভৱ নহয়। জয়াই কয় যে তেওঁৰ মাত্ৰ পাঁচটা পাত্ৰ আছে, সেয়ে তেওঁ মাত্ৰ ৮-১০ কিলোগ্ৰাম চাউলহে সিজাই সিজাব পাৰে, তাৰোপৰি গ্ৰীষ্মৰ দিনত পানীৰ খুবেই অভাৱ ঘটে। তাৰোপৰি, “এই কামটোত আমি খৰি ব্যৱহাৰ কৰোঁ - প্ৰতিমাহতে খৰিৰ নামত আমাৰ ৫,০০০ টকা যায়,” তেওঁ কয়। গেছ চিলিণ্ডাৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব নোৱাৰাৰ কাৰণ হৈছে অত্যধিক দাম।

“আমি দহ বছৰ আগতে দোকানখন (লাংগিৰ) খুলিছিলো। এই বেপাৰ নহ’লে আমাৰ ল’ৰা-ছোৱালীকেইটাৰ পঢ়া-শুনা সম্ভৱ নহ’লহেঁতেন,” জয়াই কয়। “আমাৰ হোটেল এখনো আছিল, কিন্তু বহুতেই তাত খাই পইচা নিদিছিল, সেয়ে সেইখন বন্ধ কৰিবলগীয়া হ’ল।”

PHOTO • Adarsh Ray
PHOTO • Adarsh Ray

‘আমি কেৱল খৰিত ৰান্ধো, বোজাই বোজাই খৰি পোৰা যায় - মাহত ৫,০০০ টকা খৰছ হয়,’ দম্পতিহালে কয়। অত্যধিক দামৰ বাবে গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰাৰো উপায় নাই

PHOTO • Amit Kumar Nath
PHOTO • Rajdeep Bhowmik

বাওঁফালে: এটাৰ ওপৰত আনটো ধাতুৰ পাত্ৰ ৰাখি ইটোৰ সৈতে সিটো বায়ু সোমাব নোৱাৰাকৈ থৈ, ফুট কৰি পাতন কৰা হয়। নলেৰে পাতিত সুৰা সংগ্ৰহ কৰা হয়। সোঁফালে: বটলত থোৱা লাংগি, পৰিৱেশনৰ বাবে সাজু

আন এগৰাকী সুৰা প্ৰস্তুতকাৰী লতা (নাম সলনি কৰা হৈছে)য়ে কয় যে তাত থকা প্ৰায়ভাগ লোকেই বৌদ্ধ ধৰ্মালম্বী আৰু “আমাক পূজাৰ সময়ত আৰু নতুন বছৰত লাংগিৰ প্ৰয়োজন হয়। কিছুমান নিয়মত ইশ্বৰলৈ সুৰা আগবঢ়াব লাগে।” কেইবছৰমান আগৰ কথা, লতাই লাভৰ মুখ নেদেখা হোৱাত সুৰা প্ৰস্তুত কৰিবলৈ এৰিছিল।

আয় কম হোৱাক লৈ জয়া আৰু সুৰেনো চিন্তিত হয়। তেওঁলোকৰ বয়স হৈ আহিছে, বুঢ়া বয়সত বেমাৰ-আজাৰৰ বাবে পইচাৰ প্ৰয়োজন থাকেই। “চকুৰে ভালকৈ নেদেখা হৈছো, গাঁঠিৰো মাজে মাজে বিষ উঠে। ভৰিদুখন প্ৰায়ে ফুলি উঠে।”

ত্ৰিপুৰাত দীঘলীয়া সময়ৰ বাবে অপেক্ষা কৰিবলগীয়া হয় বাবে স্বাস্থ্যজনিত এইবোৰ সমস্যাৰ বাবে তেওঁলোকে প্ৰায়ে অসমৰ হস্পিতালবোৰলৈ আহে। যদিওবা প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (পিএম-জে.এ.ৱাই.) আঁচনিৰ অধীনত তেওঁলোকৰ দৰে দৰিদ্ৰ পৰিয়ালে ৫ লাখ টকা পাব লাগে, কিন্তু ৰাজ্যখনৰ স্বাস্থ্যসেৱাৰ ওপৰত বিশ্বাস নথকাৰ বাবে তেওঁলোকে অসমলৈ অহাটোৱে পচন্দ কৰে। “অহা-যোৱাৰ নামতেই ৫,০০০ টকা খৰছ হয়,” জয়াই কয়। চিকিৎসা পৰীক্ষাবোৰৰ খৰছৰ নামতো তেওঁলোকে গাঁথিৰ ধন ভাঙিবলগীয়া হয়।

আমি যাবৰ পৰ আৰু জয়াই পাকঘৰটো চিজিল লগাবলৈ ধৰিছে। আনফালে দ্বিতীয়দিনাৰ লাংগি প্ৰস্তুতিৰ বাবে সুৰেনে খৰি গোটাই থৈছে।

এই প্ৰতিবেদন মৃণালিনী মুখাৰ্জী ফাউণ্ডেছন (এমএমএফ)ৰ ফেল’শ্বিপৰ অধীনত প্ৰস্তুত কৰা হৈছে।

অনুবাদ: পংকজ দাস

Rajdeep Bhowmik

Rajdeep Bhowmik is a Ph.D student at IISER, Pune. He is a PARI-MMF fellow for 2023.

यांचे इतर लिखाण Rajdeep Bhowmik
Suhash Bhattacharjee

Suhash Bhattacharjee is a PhD scholar at NIT, Silchar in Assam. He is a PARI-MMF fellow for 2023.

यांचे इतर लिखाण Suhash Bhattacharjee
Deep Roy

Deep Roy is a Post Graduate Resident Doctor at Safdarjung Hospital, New Delhi. He is a PARI-MMF fellow for 2023.

यांचे इतर लिखाण Deep Roy
Photographs : Adarsh Ray
Photographs : Amit Kumar Nath
Editor : Priti David

प्रीती डेव्हिड पारीची वार्ताहर व शिक्षण विभागाची संपादक आहे. ग्रामीण भागांचे प्रश्न शाळा आणि महाविद्यालयांच्या वर्गांमध्ये आणि अभ्यासक्रमांमध्ये यावेत यासाठी ती काम करते.

यांचे इतर लिखाण Priti David
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

यांचे इतर लिखाण Pankaj Das