''ল’ৰাটোৰ কেনেকৈ কি হ’ল আমি একোৱেই নাজানো, কোম্পানীয়েও আমাক একো জনোৱা নাই,’’ নীলম যাদৱে কয়।
নীলম (৩৩) সোণিপটৰ ৰাই উদ্যোগিক ক্ষেত্ৰস্থিত নিজৰ ঘৰৰ ভিতৰত থিয় হৈ কথাখিনি কৈ গৈছে আৰু চলচলীয়া চকুযুৰি আমাৰ পৰা লুকুৱাবলৈ চেষ্টা কৰিছে। প্ৰায় ৬ মাহ পূৰ্বে তেওঁৰ দেওৰেকৰ পুত্ৰ ৰাম কমলৰ এটা খাদ্য প্ৰস্তুতকাৰী কোম্পানীত কৰ্মৰত অৱস্থাত মৃত্যু হৈছিল। ২০০৭ চনত বিয়াৰ পিছৰে পৰা তেওঁ ৰাম কমলক নিজ হাতেৰে ডাঙৰ-দীঘল কৰিছিল। ২৭ বছৰীয়া ৰাম কমলে কোম্পানীটোত এচি মেৰামতি ইউনিটত কাম কৰিছিল।
সেয়া আছিল ২০২৩ চনৰ ২৯ জুনৰ ঘটনা। নীলমে মনত পেলাই কৈ গৈছে সেই দিনটোৰ কথা। সেইদিনাৰ ফৰকাল দুপৰীয়াটোত ৰ’দ প্ৰখৰ আছিল। তেওঁৰ তিনিগৰাকী কণমানি সন্তান - দুজনী ছোৱালী, এজন ল’ৰা আৰু শহুৰেক শোভনাথে ভাত খাই উঠিছিলহে মাত্ৰ। তাৰপিছত তেওঁ ৰান্ধনিঘৰত বাচন-বৰ্তন ধোৱা কামত লাগিছিল আৰু শোভনাথে এঘুমটি মাৰিব বুলি বিচনাত বাগৰ দিছিল।
দুপৰীয়া ১ মান বজাত দুৱাৰত টোকৰ পৰিছিল। তেওঁ হাত ধুইছিল আৰু নিজৰ দোপাত্তাখন ঠিক কৰি দুৱাৰ খুলিবলৈ বাহিৰলৈ ওলাই আহিছিল। বাহিৰত নীলা পোছাক পৰিহিত দুজন মানুহ ৰৈ আছিল, এজনে হাতৰ আঙুলিত বাইকৰ ছাবিৰ ৰিংটো ভৰাই ঘূৰাই আছিল। নীলমে মানুহ দুজনক চিনি পাইছিল। তেওঁলোকে ৰাম কমলে কাম কৰা কোম্পানীটোতে কাম কৰিছিল। মানুহ দুজনৰ এজনে কোৱা কথাটো এতিয়াও নীলমৰ মনত আছে, ‘'ৰামৰ গাত কাৰেণ্টৰ শ্বক লাগিছে। আপোনালোক সোনকালে হাস্পতাললৈ যাওক।’’
''মই তেওঁলোকক কেনেকৈ কি হ’ল, ৰাম কমল ঠিকে আছে নে নাই সেয়া সুধিছিলো। তেওঁলোকে মাত্ৰ ইয়াকে কৈছিল যে তাৰ এতিয়া হুঁছ নাই,’’ কথাখিনি কোৱাৰ সময়ত নীলমৰ মাত থোকাথুকি হৈ পৰিছিল। তেওঁ আৰু শোভনাথে আন গাড়ীলৈ ৰৈ সময় খৰছ কৰাতকৈ যুৱক দুজনকে তেওঁলোকক বাইকতে হাস্পতাললৈ লৈ যাবলৈ অনুৰোধ কৰিলে। হাস্পতাল পাওতে তেওঁলোকক প্ৰায় ২০ মিনিট লাগিছিল।











