“যিয়েই নহওক কিয়, মই সকলোবোৰ ঠিক কৰিবলৈ চেষ্টা কৰো।’’

থাথেৰা (ধাতুৰ পাত্ৰ গঢ়োতা) সুনীল কুমাৰে কয়, “আন কোনেও মেৰামতি কৰিব নোৱৰা সামগ্ৰীবোৰ মানুহে আমাৰ ওচৰলৈ লৈ আহে। আনকি মেকানিকেও কেতিয়াবা তেওঁলোকৰ সা-সঁজুলি লৈ আহে।’’

তাম, ব্ৰঞ্জ আৰু পিতলৰ জৰিয়তে বাচন-বৰ্তন আৰু আন সামগ্ৰী নিৰ্মাণ কৰি অহা লোকসকলৰ মাজৰ এজন তেওঁ। “কোনেও নিজৰ হাত লেতেৰা কৰিব নিবিচাৰে,” এইদৰে কয় ৪০ বছৰীয়া থাথেৰা শিল্পীজনে। ২৫ বছৰ ধৰি কামটোৰ সৈতে জড়িত সুনীলে আৰু কয়, “মই গোটেই দিনটো জুইৰ কাষত গৰমত কয়লা, এচিড আদিৰ সৈতে কাম কৰো। মই এয়া কৰি আহিছো, কাৰণ কামটো কৰি মই ভালপাও।”

থাথেৰা (থাথিয়াৰ বুলিও কোৱা হয়)সকলক পাঞ্জাৱত অ’বিচি (অন্যান্য পিছপৰা শ্ৰেণী) হিচাপে তালিকাভুক্ত কৰা হৈছে আৰু তেওঁলোকৰ পৰম্পৰাগত বৃত্তি হৈছে হাতেৰে সাধাৰণ সঁজুলি ব্যৱহাৰ কৰি অ-লৌহ সামগ্ৰীৰে বিভিন্ন আৰ্হিৰ মজবুত দুৱাৰৰ হেণ্ডেল আৰু লককে ধৰি বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰা। পিতৃ কেৱল কৃষাণ (৬৭)ৰ সৈতে তেওঁ মেৰামতিৰ কামত ব্যৱহাৰ হোৱা পেলনীয়া সামগ্ৰীও ক্ৰয় কৰে।

যোৱা কেইটামান দশকত ষ্টীলৰ দৰে লৌহজাতীয় সামগ্ৰীৰ জনপ্ৰিয়তাই হাতেৰে বাচন-বৰ্তন আদি গঢ়ি অহা লোকসকলক একপ্ৰকাৰ মাধমাৰ শোধাইছে। বৰ্তমান পাকঘৰৰ বেছিভাগ সঁজুলি তথা বাচন-বৰ্তনেই ষ্টীলেৰে নিৰ্মিত আৰু মজবুত। ফলত অধিক দামী কাঁহ আৰু তামৰ বাচন-বৰ্তনৰ চাহিদা তীব্ৰভাৱে হ্ৰাস পাইছে।

Sunil Kumar shows an old brass item that he made
PHOTO • Arshdeep Arshi
Kewal Krishan shows a brand new brass patila
PHOTO • Arshdeep Arshi

সুনীল কুমাৰে (বাওঁফালে) তেওঁ গঢ়া এটা পুৰণি কাঁহৰ বস্তু দেখুৱাইছে আৰু তেওঁৰ পিতৃ কেৱল কৃষাণে (সোঁফালে) একেবাৰে নতুন কাঁহৰ পাটিলা দেখুৱাইছে

পাঞ্জাৱৰ ছাংৰুৰ জিলাৰ লেহৰাগাগা চহৰত, য’ত সুনীল আৰু তেওঁৰ পৰিয়ালে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি এই শিল্পকলাৰ অনুশীলন কৰি আহিছে, তাত প্ৰায় ৪০ বছৰ আগতে থাথেৰাৰ আন দুটা পৰিয়াল আছিল। “মন্দিৰৰ ওচৰতে আন এজনৰ দোকান আছিল যদিও তেওঁ তিনি লাখ টকাৰ লটাৰি জিকিছিল। তাৰ পিছত এই বৃত্তি এৰি তেওঁ দোকানখন বন্ধ কৰি দিছিল,’’ টকাৰ অভাৱেই এই ব্যৱসায় বাদ দিয়াৰ মূল কাৰণ বুলি উল্লেখ কৰি সুনীলে কয়।

ব্যৱসায় ধৰি ৰাখিবলৈ মেৰামতি আৰু নিৰ্মাণ দুয়োটা ক্ষেত্ৰতে সুনীল কুমাৰৰ দৰে থাথেৰাসকলে এতিয়া ষ্টীলৰো কাম কৰিবলৈ আৰম্ভ কৰিছে।

লেহৰাগাগাত সুনীলৰ দোকানখনেই একমাত্ৰ য’ত কাঁহৰ বাচন-বৰ্তন পৰিষ্কাৰ, মেৰামতি আৰু পলিচ কৰাব পাৰি। সেয়ে সুদূৰ গাঁও আৰু চহৰৰ পৰা গ্ৰাহকে তেওঁলোকৰ ওচৰলৈ আহে। নাম বা চাইনব’ৰ্ড নাথাকিলেও দোকানখনক মানুহে থাথেৰাৰ দোকান বুলি চিনি পায়।

“আমাৰ ঘৰত কাঁহৰ বাচন আছে। সেইবোৰৰ ব্যৱহাৰ কম যদিও মান-মৰ্যাদাৰ দিশেৰে যথেষ্ট মূল্যৱান হোৱা বাবেই আছে,” প্ৰায় ২৫ কিলোমিটাৰ দূৰৈৰ ডিৰবা গাঁৱৰ পৰা সুনীলৰ দোকানত চাৰিটা বাতি পৰিষ্কাৰ কৰিবলৈ অহা এজন গ্ৰাহকে কয়। “ষ্টীলৰ বাচন-বৰ্তনবোৰ বহুদিন ব্যৱহাৰৰ পিছত মূল্য হেৰুৱাই পেলায়। পুনৰ বিক্ৰী কৰিলে কাম নাই, পইছা পোৱা নাযায়। কাঁহৰবোৰ অৱশ্যে মূল্যৱান হৈয়েই আছে,’’ মহিলা গ্ৰাহকগৰাকীয়ে কয়।

বেছিভাগ গ্ৰাহকেই কাঁহৰ বাচন-বৰ্তনবোৰ পুনৰ নতুন যেন কৰি তুলিবলৈকে সুনীলৰ দৰে থাথেৰাৰ কাষলৈ আহে। ছেপ্টেম্বৰ মাহত আমি তেওঁক লগ পাওঁতে তেওঁ কোনো মহিলা গ্ৰাহকে জীয়েকৰ বিয়াৰ সময়ত জীয়েকক দিবৰ বাবে যতনাই থোৱা বাচন-বৰ্তন চিকচিকিয়া কৰি তোলা কামত ব্যস্ত হৈ আছিল। বস্তুবোৰ বহুদিন ধৰি ব্যৱহাৰ কৰা হোৱা নাছিল যদিও ৰং সলনি হৈ পৰিছিল আৰু সুনীলে চিকচিকিয়া কৰি তোলা কামত লাগি আছিল।

জাৰণৰ ফলত হোৱা সেউজীয়া দাগ পৰীক্ষা কৰাতো হৈছে কাঁহৰ বাচন-বৰ্তন চাফাই প্ৰক্ৰিয়াৰ প্ৰথমটো ঢাপ। তাৰ পিছত বাচনটো সৰু চুলা এটাত গৰম কৰি সেই দাগবোৰ আঁতৰাই পেলোৱা হয় আৰু গৰম হৈ ক’লা হোৱাৰ লগে লগে ইয়াক পাতল এচিডেৰে পৰিষ্কাৰ কৰিব লাগে; তাৰ পিছত তেতেলীৰে প্ৰস্তুত কৰা বিশেষ মিশ্ৰণেৰে গোটেই বাচনটো ভিতৰে-বাহিৰে ঘঁহি চিকচিকিয়া কৰি তোলা হয়। ইয়াৰ ফলত ৰং বাদামীৰ পৰা ৰঙা-সোণালীলৈ সলনি হয়।

Sunil Kumar removes the handles of a kadhai before cleaning it. The utensil is going to be passed on from a mother to her daughter at her wedding.
PHOTO • Arshdeep Arshi
Sunil Kumar heats the inside of the kadhai to remove the green stains caused by oxidation
PHOTO • Arshdeep Arshi

সুনীল কুমাৰে বৰ্তন চাফা কৰাৰ আগতে তাৰ হেণ্ডেলবোৰ আঁতৰাই দিছে (বাওঁফালে)। এই বাচনটো মাকে জীয়েকক বিয়াত প্ৰদান কৰিব। তেওঁ বাচনটো গৰম কৰি জাৰণৰ ফলত হোৱা সেউজীয়া দাগবোৰ আঁতৰাইছে

Sunil rubs tamarind on the kadhai to bring out the golden shine. He follows it up after rubbing diluted acid
PHOTO • Arshdeep Arshi
Sunil rubs tamarind on the kadhai to bring out the golden shine. He follows it up after rubbing diluted acid
PHOTO • Arshdeep Arshi

চিকচিকিয়া কৰি তুলিবলৈ সুনীলে বাচনত তেতেলীৰ পেষ্ট (বাওঁফালে) ঘঁহিছে। লগতে পাতল এচিড ব্যৱহাৰ কৰা হয়

চাফ-চিকুণ কৰাৰ পিছত সুনীলে গ্ৰাইণ্ডিং মেচিন ব্যৱহাৰ কৰি সেয়া সোণালী কৰি তোলে। তেওঁ কয়, “যেতিয়া আমাৰ হাতত গ্ৰাইণ্ডাৰ নাছিল, তেতিয়া আমিও এই কাম কৰিবলৈ ৰেগমাৰ [ছেণ্ড পেপাৰ] ব্যৱহাৰ কৰিছিলোঁ।”

পৰৱৰ্তী পদক্ষেপটো হ’ল টিক্কা – বাচন-বৰ্তনৰ উপৰিভাগত ফুট ফুট ধৰণৰ ডিজাইন কৰা হয়। কিন্তু কিছুমান গ্ৰাহকে সাধাৰণ পলিচ বা নিৰ্দিষ্ট ডিজাইনৰো অনুৰোধ কৰে।

তেওঁ কাম কৰি থকা কেৰাহী (এটা ডাঙৰ বাচন)ত ফুট ফুট ডিজাইন দিয়াৰ আগতে সুনীলে মেলেট আৰু হাতুৰীবোৰ পলিচ কৰি লয়। চিকচিকিয়া সঁজুলিবোৰ আইনাৰ দৰে জিলিকি উঠে। তাৰ পিছত তেওঁ কেৰাহীটো মেলেটৰ ওপৰত ৰাখি বৃত্তাকাৰ গতিৰে হাতুৰীৰে কোবাবলৈ আৰম্ভ কৰে আৰু ফুট ফুট ধৰণৰ চকচকীয়া সোণালী ভাগটো ওলাই পৰে।

যিবোৰ কাঁহৰ বাচন ভালদৰে ব্যৱহাৰ কৰা নহয় বা বহু বছৰ ধৰি এনেয়ে থৈ দিয়া থাকে, সেইবোৰ চিকচিকিয়া কৰি তুলিবলৈ পৰিষ্কাৰ আৰু পলিচিং কৰাৰ প্ৰয়োজন হয়।

The kadhai shines after being rubbed with diluted acid and the green stains are gone .
PHOTO • Arshdeep Arshi
Sunil Kumar then uses the grinder to give a golden hue
PHOTO • Arshdeep Arshi

পাতল এচিডেৰে ঘঁহিলে বাচনটো জিলিকি উঠে আৰু সেউজীয়া দাগবোৰ নাইকিয়া হৈ যায়। তাৰ পিছত সুনীল কুমাৰে গ্ৰাইণ্ডাৰ ব্যৱহাৰ কৰি সোণালী কৰি তোলে

Sunil Kumar dotting a kadhai with a polished hammer
PHOTO • Arshdeep Arshi
Sunil Kumar dotting a kadhai with a polished hammer
PHOTO • Arshdeep Arshi

হাতুৰীৰে বাচনত ডিজাইন কৰিছে সুনীল কুমাৰে

যদি ৰন্ধা-বঢ়াৰ বাবে ব্যৱহাৰ কৰা হয়, তেন্তে কাঁহ-পিতলৰ বাচনটোত টিনৰ প্ৰলেপ দিব লাগে – এই প্ৰক্ৰিয়াক কলাই বোলা হয়। ৰন্ধা বা তাত থোৱা খাদ্যৰ লগত ৰাসায়নিক বিক্ৰিয়া ৰোধ কৰিবলৈ পিতল আৰু অন্যান্য অ-লৌহ বাচনৰ ভিতৰৰ পৃষ্ঠভাগত টিনৰ প্ৰলেপ দিয়াতো প্ৰয়োজনীয় হৈ পৰে।

‘ভান্দে কলাই কৰা লো!’ মাত্ৰ কেইবছৰমানৰ আগতে ৰাজপথৰ বিক্ৰেতাসকলে নিজৰ কাঁহৰ বাচন-বৰ্তনত টিনৰ আৱৰণ দিব বিচৰা গ্ৰাহকৰ সন্ধানত এইদৰেই সুৰ লগাই লগাই আওৰাইছিল। সুনীলে কয় যে যদি কোনোবাই বাচন-বৰ্তনবোৰ সঠিকভাৱে ব্যৱহাৰ কৰে তেন্তে পাঁচ বছৰলৈকে কলাই নকৰাকৈ থাকিব পাৰে। কিছুমানে অৱশ্যে প্ৰায় এবছৰ ব্যৱহাৰ কৰাৰ পিছতে কলাই কৰি লয়।

কলাইৰ সময়ত কাঁহ-পিতলৰ বাচন পাতল এচিড আৰু তেতেলীৰ পেষ্টেৰে পৰিষ্কাৰ কৰি জুইত গৰম কৰি গৰম গোলাপী হোৱালৈকে গৰম কৰা হয়। টিনৰ কইল এটা বাচনৰ ভিতৰভাগত দি নৌছাদাৰ বুলি জনাজাত কষ্টিক চ’ডা, পানীত মিহলি কৰা এমোনিয়াম ক্লৰাইডৰ গুড়িৰ মিশ্ৰণ ছটিয়াই ঘঁহি দিয়া হয়। কপাহেৰে বহু সময় ঘঁহিলে বগা ধোঁৱা ওলায় আৰু কেইমিনিটমানৰ ভিতৰতে বাচনটোৰ ভিতৰৰ পৃষ্ঠভাগ ৰূপালী হৈ পৰে আৰু তাৰ পিছত বাচনটো ঠাণ্ডা পানীত ডুবাই দিয়া হয়।

শেহতীয়াকৈ ষ্টীলৰ বাচন-বৰ্তনে কাঁহ-পিতলৰ বাচনতকৈ জনপ্ৰিয়তা লাভ কৰিছে। সহজতে ধুব পাৰি আৰু খাদ্যৰ সৈতে ৰাসায়নিক বিক্ৰিয়াৰ কোনো ভয় নথকা বাবেই ষ্টীলৰ বাচন-বৰ্তন এতিয়া জনপ্ৰিয় হৈ পৰিছে। কাঁহৰ বাচন-বৰ্তন বহুদিন গ’লেও বা মূল্যৱান বুলিও গণ্য কৰা হ’লেও ইয়াৰ বাবে বিশেষ যত্নৰ প্ৰয়োজন। সুনীলে সেয়ে গ্ৰাহকসকলক এনে বাচন-বৰ্তন ব্যৱহাৰ কৰাৰ লগে লগে পৰিষ্কাৰ কৰিবলৈ পৰামৰ্শ দিয়ে।

Nausadar is a powdered mix of caustic soda and ammonium chloride mixed in water and is used in the process of kalai
PHOTO • Arshdeep Arshi
Tin is rubbed on the inside of it
PHOTO • Arshdeep Arshi

বাওঁফালে: কষ্টিক ছ’ডা, এমোনিয়াম ক্ল’ৰাইড পানীত মিহলি কৰি আৰু সেয়া কলাই প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা কাৰ্যক নৌছাদাৰ বুলি কোৱা হয়। সোঁফালে: ইয়াৰ ভিতৰত টিনৰ প্ৰলেপ দিয়া হয়

The thathera heats the utensil over the flame, ready to coat the surface .
PHOTO • Arshdeep Arshi
Sunil Kumar is repairing a steel chhanni (used to separate flour and bran) with kalai
PHOTO • Arshdeep Arshi

বাওঁফালে: থাথেৰাই বাচনটো জুইৰ গৰম কৰি, প্ৰলেপ দিবলৈ সাজু হৈছে। সোঁফালে: সুনীল কুমাৰে ষ্টীলৰ ছান্নী (গমধানৰ পৰা ভুচি পৃথক কৰিবলৈ ব্যৱহাৰ কৰা চালনি) কলাইৰে মেৰামতি কৰি আছে

*****

সুনীলৰ পিতৃ কেৱল কৃষাণে প্ৰায় ৫০ বছৰ আগতে মালেৰকোটলাৰ পৰা লেহৰাগাগালৈ গুচি আহিছিল। তেতিয়া তেওঁ আছিল ১২ বছৰীয়া সৰু ল’ৰা। তেওঁ কয়, “প্ৰথমতে মই কেইদিনমানৰ বাবেহে আহিছিলো, কিন্তু পিছত ইয়াতেই থাকি গ’লো।’’ পৰিয়ালটোৱে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি বাচন-বৰ্তন নিৰ্মাণৰ লগত জড়িত হৈ আহিছে। কেৱলৰ পিতৃ কেদাৰ নাথ আৰু ককায়েক জ্যোতি ৰাম আছিল দক্ষ শিল্পী। কিন্তু সুনীল তেওঁৰ পুত্ৰই এই কাম কৰিব নে নকৰে সেই লৈ তেওঁ নিশ্চিত নহয়। সুনীলে কয়, “যদিহে এই কামটো কৰি ভাল লাগে তেন্তে মোৰ ল’ৰাটোৱে কৰিবও পাৰে।”

ইতিমধ্যে সুনীলৰ ভাতৃয়ে এই কামটোৰ পৰা আঁতৰি এতিয়া ব্যক্তিগত টেলিকম কোম্পানী এটাত কাম কৰি আছে। আন আন আত্মীয়সকলেও আন ব্যৱসায়ত ধৰিছে।

পিতৃ কেৱল কৃষাণৰ পৰাই সুনীলে উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল এই শিল্প। “মই দশম শ্ৰেণীত পঢ়ি থাকোঁতে মোৰ দেউতা আঘাতপ্ৰাপ্ত হৈছিল। মই মোৰ পঢ়া-শুনা বন্ধ কৰি জীৱিকা উপাৰ্জন কৰিবলৈ এই কামটোত লাগিবলগীয়া হৈছিল,” তেওঁ নিজৰ বাচন-বৰ্তনবোৰ হাতুৰীৰে কোবাই কোবাই কয়। “স্কুলীয়া ল’ৰা হিচাপে মই আজৰি সময়ত দোকানলৈ আহি কিবা-কিবি কৰিবলৈ চেষ্টা কৰিছিলোঁ। এবাৰ মই কাঁহেৰে এয়াৰ কুলাৰ বনাইছিলো,’’ তেওঁ গৌৰৱেৰে কয়।

তেওঁৰ প্ৰথম কাম আছিল এটা সৰু পাটিলা যিটো তেওঁ বিক্ৰী কৰিছিল। তেওঁ কয় যে তেতিয়াৰ পৰাই যেতিয়াই আজৰি সময় পায় তেতিয়াই তেওঁ নতুন কিবা এটা গঢ়িবলৈ চেষ্টা কৰি আহিছে। তেওঁ কয়, “মই মোৰ ভনীজনীৰ বাবে এটা পইছা থোৱা বাকচ বনালো, তাত মানুহৰ মুখৰ ডিজাইন দিছিলো। ঘৰত পানী আনিবৰ বাবে এটা নে দুটা পিতলৰ কলহো গঢ়িছিলো।’’

সহজতে ধুব পৰা যায় বাবে আৰু খাদ্য ৰান্ধিলে বা থৈ দিলো কোনো বিক্ৰিয়া হোৱাৰ আশংকা নাথাকে বাবে শেহতীয়াকৈ কাঁহ-পিতলৰ বাচনৰ পৰিৱৰ্তে ষ্টীলৰ বাচন-বৰ্তনৰ ব্যৱহাৰ বৃদ্ধি পাইছে

পাঞ্জাৱৰ জাণ্ডিয়ালা গুৰুৰ থাথেৰা সম্প্ৰদায়ক ২০১৪ চনত ইউনেস্কোৰ দ্বাৰা অপৰিমেয় সাংস্কৃতিক ঐতিহ্যৰ শ্ৰেণীৰ অধীনত স্বীকৃতি দিয়া হৈছিল। ইউনেস্কোৰ পৰা স্বীকৃতি লাভ আৰু সমগ্ৰ অমৃতসৰৰ গুৰদ্বাৰাত কাঁহ-পিতলৰ বাচন-বৰ্তনৰ ব্যৱহাৰ অব্যাহত থকাৰ বাবে এই ঠাইত আজিও থাথেৰা সম্প্ৰদায়ে তেওঁলোকৰ ব্যৱসায় অব্যাহত ৰাখিব পাৰিছে।

ডাঙৰ ডেঘ (খাদ্য ৰন্ধা বাচন) আৰু বাল্টি এতিয়াও গুৰদ্বাৰাত খাদ্য ৰন্ধা আৰু পৰিৱেশন কৰিবলৈ ব্যৱহাৰ কৰা হয়। কিন্তু কিছুমান গুৰুদ্বাৰাই এনে বাচন-বৰ্তন ভালকৈ ৰাখিবলৈ যথেষ্ট গুৰুত্বৰ প্ৰয়োজন হয় বাবে ব্যৱহাৰ কমাই আনিছে।

“আমি এতিয়া মূলতঃ মেৰামতিৰ কাম চলাই গৈছো। নতুন বাচন-বৰ্তন গঢ়িবলৈ আমাৰ সময় নাই,’’ কাঁহ-পিচলৰ বাচন-বৰ্তন গঢ়াৰ পৰা এতিয়াৰ সময়লৈ পৰিৱৰ্তন হোৱাৰ কথা উনুকিয়াই দি সুনীলে কয়। এজন শিল্পীয়ে দিনটোত ১০-১২ টা পাটিলা (খাদ্য থোৱা চচপেনজাতীয় পাত্ৰ) গঢ়িব পাৰিছিল। কিন্তু পৰিৱৰ্তিত চাহিদা, খৰচ আৰু সময়ৰ সলনিৰ লগে লগে বাচন-বৰ্তন নিৰ্মাতাসকলে সেই কাম এৰিবলগীয়া হৈছে।

তেওঁ আৰু কয়, “আমি অৰ্ডাৰ পালে বাচন-বৰ্তন গঢ়াই দিও। কিন্তু এনেয়ে সেয়া নকৰো।” তেওঁ লগতে কয় যে ডাঙৰ কোম্পানীবোৰে থাথেৰাসকলৰ পৰা বাচন-বৰ্তন আৰু অন্যান্য সামগ্ৰী কিনি চাৰিগুণ দামত বিক্ৰী কৰে।

থাথেৰাসকলে ব্যৱহাৰ কৰা ধাতুৰ ওজন আৰু গুণগত মান অনুসৰি কাঁহ-পিতলৰ বাচন-বৰ্তনৰ মূল্য নিৰ্ধাৰণ কৰা হয়, লগতে কি বাচন সেই লৈয়ো দাম নিৰ্ধাৰিত হয়। উদাহৰণ স্বৰূপে এক কেজি ওজনৰ এটা কেৰাহীৰ দাম প্ৰায় ৮০০ টকা। যিহেতু কাঁহ-পিতলৰ বাচন-বৰ্তন ওজন অনুযায়ী বিক্ৰী কৰা হয় সেয়ে বজাৰত পোৱা ষ্টীলৰ বাচনতকৈ ইয়াৰ দাম বেছি।

As people now prefer materials like steel, thatheras have also shifted from brass to steel. Kewal Krishan shows a steel product made by his son Sunil.
PHOTO • Arshdeep Arshi
Kewal dotting a brass kadhai which is to pass from a mother to a daughter
PHOTO • Arshdeep Arshi

বাওঁফালে: যিহেতু মানুহে এতিয়া ষ্টীলৰ সামগ্ৰী পছন্দ কৰে, সেয়ে থাথেৰাসকলেও কাঁহ-পিতলৰ পৰা ষ্টীলৰ ব্যৱহাৰ কৰিবলৈ লৈছে। কেৱল কৃষাণে পুত্ৰ সুনীলৰ দ্বাৰা নিৰ্মিত ষ্টীলৰ সামগ্ৰী দেখুৱাইছে। সোঁফালে: এগৰাকী মহিলা গ্ৰাহকে জীয়েকৰ বিয়াত দিবলগীয়া কাঁহৰ বাচন ধুনীয়া কৰি তোলাত ব্যস্ত সুনীল

Brass utensils at Sunil shop.
PHOTO • Arshdeep Arshi
An old brass gaagar (metal pitcher) at the shop. The gaagar was used to store water, milk and was also used to create music at one time
PHOTO • Arshdeep Arshi

বাওঁফালে: সুনীলৰ দোকানত কাঁহ-পিতলৰ বাচন। সোঁফালে: দোকানত এটা পুৰণি কাঁহৰ গাগৰ (ধাতুৰ কলহ)। গাগৰ পানী, গাখীৰ জমা কৰাৰ লগতে এটা সময়ত সংগীত সৃষ্টিৰ বাবেও ব্যৱহাৰ কৰা হৈছিল

“আমি ইয়াত নতুন বাচন-বৰ্তন গঢ়িছিলো। প্ৰায় ৫০ বছৰ আগতে চৰকাৰে আমাক জিংক আৰু তাম ৰাজ সাহায্যযুক্ত দামত পোৱাৰ ব্যৱস্থা কৰি দিছিল। কিন্তু এতিয়া চৰকাৰে তেনে বিশেষ ব্যৱস্থা আমাৰ দৰে ক্ষুদ্ৰ ব্যৱসায়ীক নহয়, ডাঙৰ কাৰখানাবোৰকহে দিয়ে,’’ আক্ষেপেৰে কয় কেৱল কৃষাণে। ষাঠি বছৰীয়া লোকজনে এতিয়া দোকানখনৰ কাম-কাজৰ তদাৰক কৰি সময় কটাই আহিছে। তেওঁ আশা কৰে যে চৰকাৰে পুনৰ আগৰ দৰে ৰাজসাহায্যৰ ব্যৱস্থা কৰি দিব।

পৰম্পৰাগতভাৱে ২৬ কিলো জিংক আৰু ১৪ কিলো তাম একেলগে মিহলাই কেনেকৈ পিতল তৈয়াৰ কৰিছিল সেয়াও কয় কেৱলে। “ধাতুবোৰ গৰম কৰি একেলগে মিহলাই সৰু সৰু বাটিত ভৰাই শুকুওৱা হয়। তাৰ পিছত বাতিৰ আকৃতিৰ ধাতুৰ টুকুৰাবোৰ গুটিয়াই এটা শ্বিট তৈয়াৰ কৰা হয়। সেয়া বিভিন্ন বাচন বা শিল্পকৃতিৰ বাবে বিভিন্ন আকৃতিত ঢালাই কৰা হৈছিল,” তেওঁ কয়।

এই অঞ্চলটোত মাত্ৰ কেইটামানহে ৰোলিং মিল আছে, য'ত থাথেৰাসকলে শিল্পকৰ্ম বা বাচন-বৰ্তন গঢ়া ধাতুৰ শ্বিট পোৱা যায়। “আমি অমৃতসৰৰ জণ্ডিয়ালা গুৰুৰ পৰা (লেহৰাগাগৰ পৰা ২৩৪ কিলোমিটাৰ দূৰত) আনো, নহ’লে হাৰিয়ানাৰ জগধাৰিৰ পৰা (২০৩ কিলোমিটাৰ দূৰৈৰ) আনো। সেই ধাতুৰ শ্বিটৰে আমি গ্ৰাহকৰ ইচ্ছা অনুসৰি বাচন-বৰ্তন গঢ়ো,” সুনীলে বুজাই দিয়ে।

কেন্দ্ৰ চৰকাৰে ৩ লাখ টকা পৰ্যন্ত সাহায্য আগবঢ়াবলগীয়া প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি (ছেপ্টেম্বৰ মাহত ঘোষণা কৰা) ৰ কথাও উল্লেখ কৰে কেৱলে। এই আঁচনিৰ অধীনত কমাৰ, খেলনা নিৰ্মাতা, কাঠ মিস্ত্ৰীকে ধৰি আন ১৫ প্ৰকাৰৰ বৃত্তিৰ সৈতে জড়িত লোকক সাহায্য আগবঢ়োৱা হ’ব যদিও থাথেৰাসকল ইয়াত অন্তুৰ্ভুক্ত হোৱা নাই বুলিও তেওঁ কয়।

মেৰামতিৰ কাম কৰি কেই টকা পোৱা যায় তাৰ কোনো ভৰসা নাই। দিন লৈ কেতিয়াবা ১০০০ টকামান পোৱা যায়। সুনীলে ভাবে যে নতুন বাচন-বৰ্তন গঢ়িলে তেওঁলোকৰ ব্যৱসায় ঠন ধৰি উঠিব পাৰে। শেহতীয়াকৈ তেওঁ কাঁহৰ বাচন-বৰ্তনৰ প্ৰতি মানুহৰ আগ্ৰহ দেখা পাইছে। সেয়ে এই পৰম্পৰাগত শিল্পবিধ আকৌ আগৰ দৰে মূৰ দাঙি উঠিব বুলিও তেওঁ আশাবাদী হৈ পৰিছে।

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Arshdeep Arshi

अर्शदीप अर्शी चंदिगड स्थित मुक्त पत्रकार आणि अनुवादक असून तिने न्यूज १८ पंजाब आणि हिंदुस्तान टाइम्ससोबत काम केलं आहे. पतियाळाच्या पंजाबी युनिवर्सिटीमधून अर्शदीपने इंग्रजी विषयात एम फिल केले आहे.

यांचे इतर लिखाण Arshdeep Arshi
Editor : Shaoni Sarkar

Shaoni Sarkar is a freelance journalist based in Kolkata.

यांचे इतर लिखाण Shaoni Sarkar
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

यांचे इतर लिखाण Dhrubajyoti Dhanantari