“যিয়েই নহওক কিয়, মই সকলোবোৰ ঠিক কৰিবলৈ চেষ্টা কৰো।’’
থাথেৰা (ধাতুৰ পাত্ৰ গঢ়োতা) সুনীল কুমাৰে কয়, “আন কোনেও মেৰামতি কৰিব নোৱৰা সামগ্ৰীবোৰ মানুহে আমাৰ ওচৰলৈ লৈ আহে। আনকি মেকানিকেও কেতিয়াবা তেওঁলোকৰ সা-সঁজুলি লৈ আহে।’’
তাম, ব্ৰঞ্জ আৰু পিতলৰ জৰিয়তে বাচন-বৰ্তন আৰু আন সামগ্ৰী নিৰ্মাণ কৰি অহা লোকসকলৰ মাজৰ এজন তেওঁ। “কোনেও নিজৰ হাত লেতেৰা কৰিব নিবিচাৰে,” এইদৰে কয় ৪০ বছৰীয়া থাথেৰা শিল্পীজনে। ২৫ বছৰ ধৰি কামটোৰ সৈতে জড়িত সুনীলে আৰু কয়, “মই গোটেই দিনটো জুইৰ কাষত গৰমত কয়লা, এচিড আদিৰ সৈতে কাম কৰো। মই এয়া কৰি আহিছো, কাৰণ কামটো কৰি মই ভালপাও।”
থাথেৰা (থাথিয়াৰ বুলিও কোৱা হয়)সকলক পাঞ্জাৱত অ’বিচি (অন্যান্য পিছপৰা শ্ৰেণী) হিচাপে তালিকাভুক্ত কৰা হৈছে আৰু তেওঁলোকৰ পৰম্পৰাগত বৃত্তি হৈছে হাতেৰে সাধাৰণ সঁজুলি ব্যৱহাৰ কৰি অ-লৌহ সামগ্ৰীৰে বিভিন্ন আৰ্হিৰ মজবুত দুৱাৰৰ হেণ্ডেল আৰু লককে ধৰি বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰা। পিতৃ কেৱল কৃষাণ (৬৭)ৰ সৈতে তেওঁ মেৰামতিৰ কামত ব্যৱহাৰ হোৱা পেলনীয়া সামগ্ৰীও ক্ৰয় কৰে।
যোৱা কেইটামান দশকত ষ্টীলৰ দৰে লৌহজাতীয় সামগ্ৰীৰ জনপ্ৰিয়তাই হাতেৰে বাচন-বৰ্তন আদি গঢ়ি অহা লোকসকলক একপ্ৰকাৰ মাধমাৰ শোধাইছে। বৰ্তমান পাকঘৰৰ বেছিভাগ সঁজুলি তথা বাচন-বৰ্তনেই ষ্টীলেৰে নিৰ্মিত আৰু মজবুত। ফলত অধিক দামী কাঁহ আৰু তামৰ বাচন-বৰ্তনৰ চাহিদা তীব্ৰভাৱে হ্ৰাস পাইছে।




















