“বেলট পেপাৰেই সঠিক। মেচিনত আপুনি ক’ব নোৱাৰে কোনটো বুটাম টিপা গৈছে আৰু কোনে ভোটটো পাইছে!”
কালমুদিন আনছাৰীয়ে ইভিএম (ইলেকট্ৰনিক ভোটিং মেচিন)ৰ ঠাইত বেলট পেপাৰেই পছন্দ কৰে। পালামুৰ কুমনি গাঁৱৰ বাসিন্দা ৫২ বৰ্ষীয় কালমুদিন আহিছে স্থানীয় গৰুৰ বজাৰখনলৈ। ঝাৰখণ্ডৰ এপ্ৰিল মাহৰ প্ৰখৰ ৰ’দৰ পৰা বাচিবলৈ তেওঁ মুৰত বগা গামোচা এখন মেৰিয়াই লৈছে। ষাঁড়গৰুটো বেচিবলৈ তেওঁ পাথাৰৰ সাপ্তাহিক গৰুৰ বজাৰখনলৈ ১৩ কিলোমিটাৰ বাট খোজকাঢ়ি আহিছে। “পইচাৰ প্ৰয়োজন হৈছে,” তেওঁ কয়।
যোৱাবছৰ (২০২৩) তেওঁৰ খেতিখিনি অলপো নাবাচিল। তেওঁ ৰবিশস্যৰ বতৰত সৰিয়হৰ বীজ সিচিছিল, কিন্তু তাৰে এক তৃতীয়াংশ কীট-পতংগই খালে। “আমি প্ৰায় ২.৫ কুইণ্টল সৰিয়হ চপালো। সেইখিনি ধাৰ মাৰোতেই শেষ হ’ল,” কালমুদিনে কয়।
খেতিয়ক কালমুদিনে চাৰিবিঘা মাটিত খেতি কৰে। সুদখোৰৰ পৰা ধাৰ লৈ লৈ তেওঁ বোজা টানিব নোৱাৰা অৱস্থা হৈছে। “বহুত পেইচা লে লেৱা লে (সিহঁতে বহুত টকা নিলে),” তেওঁ কয়। লগতে যোগ দিয়ে যে এশ টকাত পাঁচ টকা সুত দিব লাগে, ধাৰত পোত গৈছো। মই ১৬,০০০ টকা ধাৰে আনিছিলো, এতিয়া সেয়া ২০,০০০ টকা হৈছে আৰু মই কেৱল ৫,০০০ টকাহে ধাৰ শুজিছো।”
এতিয়া একমাত্ৰ উপায় আছেগৈ ষাঁড়গৰুটো বিক্ৰী কৰা। “ইচিলিয়ে কিষাণ চুৰমুৰা জাতা হ্যে। খেতি কিয়ে কি বেইল বেচা গয়া (এই কাৰণতে খেতিয়কে কষ্ট সহিবলগীয়া হয়। মই খেতি কৰো, কিন্তু এতিয়া নিজৰ গৰুটোৱে বেচিবলগীয়া হৈছে),” কালমুদিনে কয়। ২০২৩ত বৰষুণ হ’ব বুলি তেওঁ আশা কৰিছিল।












