৬৫ বছৰীয়া মুনাৱৰ খানে আৰক্ষী থানা পাওতেই ভিতৰৰ পৰা পুত্ৰৰ মৰণকাতৰ চিঞৰ শুনিবলৈ পাইছিল। প্ৰায় ১৫ মিনিট পিছত সেই কান্দোন বন্ধ হৈ পৰিছিল। আৰক্ষীয়ে প্ৰহাৰ কৰিবলৈ এৰা বুলি ভাবি ইজৰাইল খানৰ পিতৃয়ে তেতিয়া স্বস্তিৰ নিশ্বাস এৰিছিল।
আগদিনাখন ইজৰাইলে ধৰ্মীয় সভাত অংশগ্ৰহণ কৰি ভূপালৰ পৰা উভতিছিল। এটা নিৰ্মাণ ক্ষেত্ৰত দিন হাজিৰা কৰা শ্ৰমিক হিচাপে কাম কৰি থকা ঠাইখনৰ পৰা ২০০ কিলোমিটাৰ দূৰত্বত থকা গৃহ গাওঁ গুনালৈ তেওঁ আহি আছিল।
সেইদিনা সন্ধিয়াই (২১ নৱেম্বৰ, ২০২২) তেওঁ গুনা আহি পাইছিল, কিন্তু ঘৰ গৈ নাপালে। নিশা প্ৰায় ৮ মান বজাত বস্তি এলেকাৰ গকুল সিং কা চকত থকাত ঘৰ পাবলৈ আৰু কেই কিলোমিটাৰমান থাকোতেই চাৰিজন আৰক্ষী বিষয়াই ইজৰাইল আহি থকা অটোৰিক্সাখন আগভেটি ৰখাইছিল আৰু তেওঁক ধৰি লৈ গৈছিল।
তেওঁৰ জ্যেষ্ঠ ভগ্নী ৩২ বছৰীয়া বানুৱে জানিবলৈ দিয়া মতে আৰক্ষীয়ে ধৰি লৈ যাবৰ সময়ত ইজৰাইলে ফোনত শাহুৱেকৰ সৈতে কথা পাতি আছিল। বানুৱে কয়, ''তেনেকৈয়ে আমি তাক যে আৰক্ষীয়ে উঠাই লৈ গৈছে সেয়া জানিব পাৰিছিলো।’’
তেওঁক সমীপৱৰ্তী কুস্মুদা আৰক্ষী থানালৈ লৈ যোৱা লৈছিল। তাতেই পিতৃ মুনাৱৰে আৰক্ষীৰ প্ৰহাৰত পুত্ৰই যন্ত্ৰণাত চিৎকাৰ কৰা শুনিবলৈ পাইছিল।
প্ৰায় ৪৫ মিনিট পিছত পিতৃ মুনাৱৰে জানিব পাৰিছিল যে আৰক্ষীয়ে অত্যাচাৰ বন্ধ কৰা বাবে নহয়, আৰক্ষীৰ প্ৰহাৰত মৃত্যু হোৱা বাবেহে পুত্ৰৰ চিৎকাৰ এটা সময়ত বন্ধ হৈ পৰিছিল। মৰণোত্তৰ পৰীক্ষাৰ অন্তত এয়া জানিব পৰা গৈছিল যে ইজৰাইলৰ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছিল আৰু মূৰত আঘাত পাইছিল।
পিছত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছিল যে জুৱাৰীক বচাবলৈ চেষ্টা কৰা দল এটাৰ সদস্য শ্ৰমিক হিচাপে কৰ্মৰত ৩০ বছৰীয়া লোক এজনক মধ্য প্ৰদেশ আৰক্ষীয়ে আৰক্ষীৰ সৈতে সংঘাতত লিপ্ত হ’বলৈ চেষ্টা চলোৱাৰ পিছত আটক কৰে।
কিন্তু তেওঁৰ পৰিয়ালে সেই কথা অস্বীকাৰ কৰিছে। ইজৰাইলৰ মাতৃ মুন্নি বাঈয়ে কৈছে, ''সি মুছলমান হোৱা বাবেই তাক এনেকৈ উঠাই নিছিল।’’
কথাটো হৈছে ইজৰাইলৰ আৰক্ষীৰ জিম্মাত হোৱা মৃত্যু বিবাদিত নহ’ল। কেনেকৈ মৃত্যু হ’ল সেই লৈয়ো প্ৰশ্ন নুঠিল।






