হিমালয়ৰ চালে চকুৰোৱা ধৌলাধাৰ পৰ্বতমালাৰ শান্ত-সমাহিত ধৰমশালা নগৰত যোৱা ৩০ মাৰ্চত প্ৰথমবাৰৰ বাবে 'গৌৰৱ যাত্ৰা’ অনুষ্ঠিত হৈ যায়।
এই 'গৌৰৱ যাত্ৰা’ত হাতে হাতে 'এয়া তোমালোকৰ, মোৰ, তেওঁলোকৰ, সকলোৰে ঘৰ’ শ্ল’গান সম্বলিত প্লেকাৰ্ড লৈ অসংখ্যা লোকে সমদল উলিয়াই বজাৰ অঞ্চলৰ পৰা ধৰমশালা নগৰখনৰ তিব্বতী মূলীয় লোকসকল বসবাস কৰা দালাই লামা মন্দিৰস্থিত মেকলিওগঞ্জলৈ আগবাঢ়িছিল। ইয়াৰ পিছত সমদলটো অগ্ৰসৰ হৈছিল নগৰখনৰ ব্যস্ততাপূৰ্ণ কটোৱালি বজাৰলৈ। এয়া আছিল হিমাচল প্ৰদেশত এলজিবিটিকিউআইএ+ সমাজৰ লোকসকলৰ প্ৰতি সমৰ্থন আগবঢ়াই উলিওৱা প্ৰথমটো সমদল আৰু অধিকাংশ অংশগ্ৰহণকাৰীয়েই আছিল ৰাজ্যখনৰ সৰু নগৰসমূহৰ লগতে গ্ৰামাঞ্চলৰ।
''আমি গৌৰৱেৰে অজিব [odd] শব্দটো ব্যৱহাৰ কৰো,’’ এইদৰে কয় আয়োজকসকলৰ মাজৰ এজন তথা হিমাচল কুইয়াৰ ফাউণ্ডেশ্যনৰ সহঃপ্ৰতিষ্ঠাতা ডন হাছাৰে। ৩০ বছৰীয়া হাছাৰে আৰু কয়, ''আমি সমলৈংগিক প্ৰসংগৰ কথা ক’বলৈ হ’লে ইংৰাজী শব্দই ব্যৱহাৰ কৰো, কিন্তু হিন্দী আৰু আন স্থানীয় ভাষাৰ ক্ষেত্ৰত কি কৰা যাব? আমি এই বিষয়ে মানুহক জনাবৰ বাবে আঞ্চলিক ভাষাসমূহত গান আৰু গল্পৰো সহায় লৈছো।’’
অতি কম সময়ৰ প্ৰচাৰতে তিনি শতাধিক লোকৰ এই সমদলটোত দিল্লী, চণ্ডীগড়, কলকাতা, মুম্বাইৰ লগতে সৰু-বৰ অনেক চহৰ তথা দেশৰ ভিন্ন প্ৰাপ্তৰ পৰা অহা লোকে ভাগ লৈছিল। গৌৰৱ যাত্ৰাত ভাগ লোৱা বিশ্ববিদ্যালয়ত অধ্যায়নৰত ছিমলাৰ ২০ বছৰীয়া ছাত্ৰ আয়ুষে এই সন্দৰ্ভত কয়, ''ইয়াত [হিমাচল প্ৰদেশত] এই লৈ [সমলৈংগিক হোৱাতো] কোনেও মুখ খুলিবকে নোখোজে।’’ ছাত্ৰগৰাকীয়ে জনোৱা মতে স্কুলীয়া দিনবোৰত বাথৰুমলৈ যাবলৈকো তেওঁ সংকোচ কৰিছিল। ''সহপাঠী ল’ৰাবোৰে স্কুলত মোক প্ৰায়েই দুৰ্ব্যৱহাৰ কৰিছিল। যেতিয়াই অনলাইনত এই গোটটোৰ কথা জানিবলৈ পালো তেতিয়া আগতকৈ বহুত নিৰাপদ অনুভৱ কৰিছিলো। এতিয়া মই মোক বুজি মানুহৰ সান্নিধ্য লাভ কৰাৰ সুযোগ লাভ কৰিছো।’’
আয়ুষে এতিয়া এনেধৰণৰ বিষয়ক লৈ বিশ্ববিদ্যালয়-মহাবিদ্যালয়ত এগৰাকী অধ্যাপকক উপদেষ্টা হিচাপে লৈ মুকলি আলোচনা অনুষ্ঠিত কৰাৰ বিষয়ে চিন্তা কৰিছে। এনে কৰিলে এই সম্পৰ্কে বিশেষ ধাৰণা নথকা লোকসকলে লিংগ আৰু যৌনতাৰ প্ৰসংগত নতুন কথা শিকাৰ লগতে মনত উদ্ৰেক ঘটা প্ৰশ্নসমূহো কৰিব পাৰিব।
























