“আজিকালি এই ম’বাইল-টিভিৰ যুগ। মনোৰঞ্জনৰ বাবে মানুহে তাকেই চায়,” ঢোলটোৰ দন টানি থকা অৱস্থাত মুচলিম খালিফাই কয়।
মুচলিম খালিফাই ১২শ শতিকাৰ পৰাক্ৰমী যোদ্ধা আলহা আৰু উদল (ৰুদাল বুলিও কোৱা হয়)ৰ মহাকাব্যিক গীত গায়। যোৱা প্ৰায় পাঁচটা দশক ধৰি বিহাৰৰ সমস্তিপুৰৰ এইগৰাকী লোকশিল্পী আৰু ধুলীয়াই গীত গাই আহিছে। তেওঁৰ কণ্ঠ তীক্ষ্ন আৰু সুৰীয়া, বহুদিন ধৰি গীত গোৱা মুচলিম খালিফাৰ কণ্ঠত অভিজ্ঞতাৰ চাপ স্পষ্ট।
ঘেঁহু আৰু মাকৈ চপোৱাৰ সময়ত, এপ্ৰিল-মে’ মাহত তেওঁ ঢোলটো গলত ওলমাই লৈ গাঁৱে গাঁৱে, খেতি পথাৰে পথাৰে ভ্ৰমি ফুৰে আৰু গান গায়। এঘণ্টামান গীত গোৱাৰ বাবদ তেওঁ কেতিয়াবা নতুনকৈ চপোৱা শস্যৰ পৰা ১০ কিলোগ্ৰামমান দানত পায়। “এই তিনিবিধ শস্য চপাওতে এমাহ লাগে, সেইখিনি সময় মই শস্য পথাৰতে কটাও,” তেওঁ কয়। বিয়াৰ বতৰত তেওঁৰ চাহিদা বাঢ়ে, তেতিয়া তেওঁ তিনি মাহমানত ১০ৰ পৰা ১৫ হাজাৰ মান টকা তেওঁৰ হাতলৈ আহে।
৫২ অধ্যায়ৰ এই গীতত যোদ্ধাদ্বয়ৰ কাহিনী কওঁতে কেবাদিনো লাগিব পাৰে আৰু ইয়াৰ বাবে দৰ্শকো হ’ব লাগিব ধৈৰ্য্যশীল আৰু আগ্ৰহী। “কিন্তু আজিকালি কোনে ইমান সময়ৰ বাবে শুনি থাকিব পাৰিব?” তেওঁ কয়। এতিয়া আৰু গান গাই পইচা নহা হৈছে, খালিচপুৰ গাঁৱৰ ষাঠি বছৰীয়া শিল্পীজনে কয় যে আনকি তেওঁৰ নিজৰ সন্তানহতেও আলহা-উদল শুনিবলৈ নিবিচৰা হৈছে।
খালিফাই ইছলাম ধৰ্ম অনুসৰণ কৰে যদিও তেওঁ ৰাজ্যখনত নাট সম্প্ৰদায়ৰ লোক হিচাপে অন্তৰ্ভূক্ত। ৰাজ্যখনত নাট সম্প্ৰদায়ৰ লোকৰ সংখ্যা এতিয়া ৫৮,৮১৯ গৰাকী। কিন্তু “১০-২০ খন গাওঁ ঘূৰিলেও আপুনি এজন-দুজনহে এনে (আলহা-উদল) গীত গোৱা মানুহ পাব,” খালিফাই ২০২৩ৰ মে’ত আমাৰ সৈতে কথা পাতোতে কয়।










