“মেইনে কভি দো ব’ৰ্ড এক জেইছা নহী বনায়া (কেতিয়াও দুখন ব’ৰ্ড একে ধৰণৰ বনোৱা নাই),” আহমেদাবাদৰ ছাইন ব’ৰ্ড ৰং কৰা শ্বেইখ জালালুদ্দিন কামাৰুদ্দিনে কয়। কেঁচী নিৰ্মাণৰ বাবে জনাজাত ঘীকান্তা নামে ঠাইখনৰ আটাইবোৰ চাইন ব’ৰ্ড তেঁৱেই আঁকিছে। প্ৰায়ভাগ দোকানে একেই সামগ্ৰী বিক্ৰী কৰে যদিও জালালুদ্দিনে প্ৰতিখন দোকানৰ বাবে অঁকা ছাইন ব’ৰ্ডৰ নিজস্বতা আছে।
প্ৰবীণ চিত্ৰকৰজনৰ শিল্প আপুনি “বেৰ, দোকান আৰু শ্বাটাৰত দেখিবলৈ পাব,” আৰু চিনেমাৰ নেপথ্যতো দেখিব। ছাইন ব’ৰ্ডৰ চিত্ৰকৰে বিভিন্ন স্থানীয় ভাষাত লিখিব জানিব লাগিব। আহমেদাবাদৰ মানেক চ’কৰ অলংকাৰৰ দোকান এখনত চাৰিটা ভাষাত ছাইন ব’ৰ্ড এখন আছে - গুজৰাটী, হিন্দী, উৰ্দু আৰু ইংৰাজী - আধা দশক পিছতো সেইখন চলি আছে।
জালালুদ্দিনে কয় যে সেইখন পেইণ্টিং তেওঁৰ মনলৈ স্বাভাৱিকভাবেই আহিছিল। আহমেদাবাদত ৭১ বছৰ বয়সীয়া তেঁৱেই আটাইতকৈ পুৰণি চিত্ৰকৰ, মানুহে তেওঁক জেকে পেইণ্টাৰ বুলি জানে। ৫০ বছৰ আগতে যেনেকৈ কাম পাইছিল, আজিকালি তেনেকৈ নাপায় বুলি তেওঁ কয়।
প্ৰবীণ শিল্পীজনে ৭ম মানলৈকে পঢ়িছিল। তেওঁ পাঁচটা ভাষা গুজৰাটী, ইংৰাজী, হিন্দী, উৰ্দু আৰু আৰৱীত ছাইন ব’ৰ্ড লিখিব পাৰে। স্কুল এৰাৰ পিছত তেওঁ ৰছী বনোৱা, কিতাপ বন্ধা আৰু গেৰেজত মেকানিক হিচাপে কাম কৰিছিল। পিছলৈ তেওঁ দলঘৰৱাদ বজাৰৰ ৰহীমৰ দোকানত পেইণ্টিং শিকিবলৈ লয়।
বয়সে সত্তুৰৰ দেওনা পাৰ কৰিছে যদিও তেওঁ এতিয়াও ২০ কিল’গ্ৰাম ওজনৰ জখলাডাল কান্ধত লৈ ছাইন ব’ৰ্ড পেইণ্ট কৰিবলগীয়া ঠাইলৈ যাব পাৰে। অৱশ্যে তেওঁৰ বাইপাছ চাৰ্জাৰী হোৱাৰ পিছত ডাক্তৰে বেছি গধুৰ বস্তু দাঙিবলৈ মানা কৰিছে। সেয়ে তেওঁৰ অনছাইট কাম কমিছে, কেৱল দোকানত থাকিয়ে তেওঁ পেইণ্টিং কৰে। “বেছিসময় জখলা লৈ ফুৰিলে মোৰ আঠু বিষায়,” তেওঁ কয়। “কিন্তু যিমানদিন মোৰ হাত-ভৰিয়ে কাম কৰি থাকিব, তেতিয়ালৈ মই এই কাম কৰি যাম।”


















