খোৱাজা মইনুদ্দিনৰ সেই দিনটো এতিয়াও মনত আছে। ১৯৫১-৫২ৰ সময়ছোৱাত ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত বগা কুৰ্তা এটা পিন্ধি তেওঁ ওলাইছিল। তেতিয়া তেওঁৰ বয়স আছিল ২০ বছৰ। তেওঁ ডেকা মনটোক ৰখাব পৰা নাছিল, ইটোৰ পৰা সিটো ভোটকেন্দ্ৰলৈ তেওঁ দেও দি গৈছিল আৰু উশাহত লৈছিল স্বাধীন দেশৰ গণতন্ত্ৰৰ সুবাস।
এতিয়া ৭২ বছৰ পিছত মইনুদ্দিন ডাঙৰীয়াই জীৱনৰ দশমটো দশকত সোমাইছে। ২০২৪ চনৰ ১৩ মে’ত তেওঁ আকৌ এবাৰ ৰাতিপুৱা অলপো ভাঁজ নথকা বগা কুৰ্তা এটা পিন্ধি ওলাই আহিল। কিন্তু এইবাৰ লাখুটিৰ সহায়তহে তেওঁ ভোটগ্ৰহণ কেন্দ্ৰলৈ খোজ দিলে। তেওঁৰ খোজৰ উচাহ নাইকিয়া হৈ গ’ল, ঠিক ভোটদানৰ দিনটো উদযাপনৰ পৰিৱেশটোৰ দৰে।
“তব দেশ বনানে কে লিয়ে ভোট কিয়া থা, আজ দেশ বচানে কে লিয়ে ভোট কৰ ৰহে হ্যে (তেতিয়া দেশ নিৰ্মাণৰ হকে ভোট দিছিলো, এতিয়া দেশ ৰক্ষাৰ বাবে ভোট দিছো,” মহাৰাষ্ট্ৰৰ বীড় জিলাৰ নিজ ঘৰত পাৰিৰ সৈতে কথা পাতোতে তেওঁ কয়।
বীড় জিলাৰ শিৰুৰ কছৰ টেহচিলত ১৯৩২ত জন্মগ্ৰহণ কৰা মইনুদ্দিনে টেহচিল কাৰ্য্যালয়ত চকীদাৰ হিচাপে কাম কৰিছিল। ১৯৪৮ত প্ৰাদেশিক ৰাজ্য হায়দৰাবাদক ভাৰতৰ সৈতে চামিল কৰাক লৈ সৃষ্টি হোৱা হিংসাৰ সময়ত তেওঁ তাৰ পৰা ৪০ কিলোমিটাৰ দূৰৰ বীড় চহৰলৈ পলাই যাবলগীয়া হৈছিল।
১৯৪৭ৰ ৰক্তাক্ত দেশবিভাজনৰ পিছত তিনিখন সামন্ত ৰাজ্য হায়দৰাবাদ, কাশ্মীৰ আৰু ট্ৰবানক’ৰে ভাৰতৰ লগত চামিল নোহোৱাৰ সিদ্ধান্ত ল’লে। হায়দৰাবাদৰ নিজামে স্বতন্ত্ৰ ৰাজ্য হৈ থকাটো বিচাৰিলে, ভাৰত বা পাকিস্তান কাৰো লগত চামিল নোহোৱাৰ সিদ্ধান্ত ল’লে। মাৰাঠৱাড়াৰ কৃষিভূমিৰে আৱৰা অঞ্চলটো তেতিয়া সামন্ত ৰাজ্য হায়দৰাবাদৰ অংশ আছিল।
১৯৪৮ৰ ছেপ্টেম্বৰত ভাৰতীয় সেনাবাহিনী হায়দৰাবাদত প্ৰৱেশ কৰে আৰু চাৰিদিনৰ ভিতৰতে নিজামক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰে। কিন্তু চৰকাৰে বহুদশক পিছত ৰাজহুৱা কৰা সুন্দৰলাল কমিটিৰ প্ৰতিবেদন মতে চৰকাৰী আগ্ৰাসনৰ সময়ত প্ৰায় ২৭ হাজাৰৰ পৰা ৪০ হাজাৰ মুছলমান লোকে প্ৰাণ হেৰুৱাইছিল। তেনে পৰিস্থিতিত পৰিয়ে মইনুদ্দিনৰ দৰে কিশোৰে ঘৰ এৰিবলগীয়া হৈছিল।
“আমাৰ গাঁৱৰ কুঁৱাটো মৃতদেহেৰে ভৰি পৰিছিল,” তেওঁ মনত পেলায়। “আমি বীড় চহৰলৈ পলাই গৈছিলো। তেতিয়াৰপৰাই এইখন মোৰ ঘৰ।”









