আলী মহম্মদ লোনে ভাবে যে “বাজেট বিষয়াৰ বস্তু”। তাৰমানে এয়া মধ্যবিত্তৰ শ্ৰেণীৰ চৰকাৰী লোকৰ বাবে। তাৰমানে এইটোও যে কাশ্মীৰৰ বাৰামুল্লা জিলাৰ এই সৰু বেকাৰীখনৰ মালিকজনে ভাবি লৈছে যে বাজেট তেওঁলোকৰ দৰে মানুহৰ বাবে নহয়।
“মই ১,৪০০ টকা দামত ৫০ কিলোগ্ৰামৰ আটাৰ বেগ কিনো যিটোৰ দাম এতিয়া ২,২০০ টকা,” তংমাৰ্গ ব্লকৰ মাহীন গাঁৱত আমাৰ সৈতে কথা পতা ৫২ বৰ্ষীয় পাউৰুটী নিৰ্মাতাগৰাকীয়ে কয়। “বাজেটত এনে কিবা যদি আছে যিয়ে বস্তুৰ দাম কমায়, তেতিয়াহে মোৰ আগ্ৰহ জন্মিব, নহ’লে মই ক’লোৱেই নহয় - এই বাজেট বিষয়াৰহে বাজেট।”
শ্ৰীনগৰৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ দূৰত অৱস্থিত মাহীন গাওঁখন তংমাৰ্গ আৰু দ্ৰংগৰ শীতকালীন পৰ্য্যটকৰ গন্তব্যস্থল। গাওঁখনত ২৫০ টা পৰিয়াল আছে, যিসকল ঘাইকৈ পৰ্য্যটনৰ সৈতে সম্পৰ্কিত কাম যেনে সৰু সৰু দোকান, শ্লেজ টনা আৰু গাইড চাৰ্ভিচ আদিৰ সৈতে জৰিত। অত্যধিক জাৰ পৰে বাবে মাহীনৰ লোকসকলে ঘাইকৈ মাকৈ উত্পাদন কৰে।






